• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ নিৰ্বাচনত বিৰোধী পক্ষৰ একতাৰ ব্যৰ্থতা কংগ্ৰেছলৈ ঠেলিলে ৰাইজৰ দলে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
September 29, 2021 6:15 pm
Raijor Dol pushes opposition unity failure to Congress in bypolls
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক উপ নিৰ্বাচনৰ বাবে বিৰোধী পক্ষৰ মাজত একতা গঢ়ি তোলাৰ ক্ষেত্ৰত হোৱা ব্যৰ্থতা কংগ্ৰেছলৈ ঠেলিলে ৰাইজৰ দলে।

আজি গীতানগৰস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছক দোষাৰোপ কৰি কয়, “কেৱল বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছৰ লগত মিত্ৰতাৰ পোষকতা কৰিছিলো। আমি দীৰ্ঘদিনৰ পৰা ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰি আহিছো। কংগ্ৰেছৰ বাবে আমি অপেক্ষা কৰিছিলো৷এই সম্পৰ্কে ৰাহুল গান্ধীৰ লগতো আলোচনা কৰা হৈছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতো মিত্ৰতা বিষয়ত আলোচিত হৈছিল। কিন্তু যোৱাকালি ভুপেন বৰাই আনুষ্ঠানিকভাবে ৰাইজৰ দলৰ লগত মিত্ৰতা নকৰাৰ কথা স্পষ্টকৈ ঘোষণা কৰিলে।”

ৰাইজৰ দলে আগন্তুক উপ নিৰ্বাচনত দুটা সমষ্টিত প্ৰাৰ্থি দিব বুলিও ঘোষণা কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে৷

Apply Now

অখিল গগৈয়ে ঘোষণা কৰা মতে থাওৰা সমষ্টি আৰু মৰিয়নী বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব ৰাইজৰ দলে৷

ইতিমধ্যে থাওৰা সমষ্টিৰ বাবে ধৈৰ্য কোঁৱৰৰ নাম প্ৰস্তাৱ কৰা হৈছে যদিও মৰিয়নিৰ প্ৰাৰ্থী গৰাকীৰ নাম কাইলৈ ঘোষণা হ’ব বুলি উল্লেখ কৰে শিৱসাগৰৰ বিধায়কজনে।

ৰাইজৰ দলে কেৱল বিজেপি মিত্ৰ জোঁটক প্ৰতিহত কৰাৰ স্বাৰ্থত মাত্ৰ দুটা সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত লয় বুলি মন্তব্য কৰে অখিল গগৈয়ে।

আনহাতে যদিহে বিজেপিক ধৰাশায়ী কৰিব নোৱাৰে তেনেহ’লে বিজেপিয়ে লোৱা জনগনবিৰোধী সিদ্ধান্ত সমূহক প্ৰতিহত কৰা সম্ভৱ নহ’ব বুলি উল্লেখ কৰি তেওঁ সকলো জাতীয় সংগঠন, জনজাতীয় সংগঠন, বুদ্ধিজীৱি সমাজ আৰু অসমৰ জনগণক বিজেপিক পৰাভূত কৰাত সহযোগ কৰিবলৈ আহ্বান জনায়৷

তেখেতে কয় যে ৰাইজৰ দলে উপনিৰ্বাচনত সকলো বিৰোধী শক্তি একলগ হোৱাৰ বাবে প্ৰস্তাৱ দিছিল৷কিন্তু কংগ্ৰেছৰ ভুল নীতিৰ বাবে এইয়া কাৰ্যকৰী নহ’ল৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই স্পষ্টকৈছয়টা সমষ্টিতে প্ৰতিদ্বন্দ্বীতা কৰিব বিচাৰা বুলি উল্লেখ কৰি গগৈয়ে কয়, “ভুপেন বৰাৰ বক্তব্যত তেওঁলোকৰ আগতীয়া পৰাজয়ৰ কথা স্পষ্ট হৈ পৰিছে।কংগ্ৰেছৰ আগতীয়া পৰাজয় স্বীকাৰে জনসাধাৰণক হতাশ কৰিব৷বিজেপিৰ সহায় হোৱাকৈ কোনো দলেই নভৱা-নিচিন্তাকৈ নিৰ্বাচনত পাৰ্থী দিব নালাগে।”

থাওৰাত সুশান্তক পৰাভূত কৰিবলৈ সংকল্প লৈছে ৰাইজৰ দলে আৰু সেই সূত্ৰে চিপিআই দললৈ তেওঁলোকৰ প্ৰাৰ্থীৰ নাম বাতিল কৰিবলৈ আহ্বান জনাই অখিল গগৈয়ে৷

ইফালে ২৮ টাকৈ ৰাষ্টাৰ আধাৰশিলা স্থাপন আৰু টকাৰ প্ৰলোভনৰ পাছতো থাওৰাত বিজেপিৰ অৱস্থা বেয়া মন্তব্য কৰে অখিল গগৈয়ে। গগৈৰ মতে মৰিয়নি সমষ্টিটো বিজেপিৰ অৱস্থা তথৈৱচ। সেয়েহে এই সমষ্টি দুটাত ৰাইজৰ দলে পাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত লয় বুলি জনাই ৰাইজৰ দলে।

দুয়োটা সমষ্টিতে আমি জয়ী হোৱা নিশ্চিত বুলি কৈ দুয়োটা সমষ্টিত নিৰ্বাচনী যুঁজ দিবৰ বাবে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে ৰাইজৰ দলে৷

আনহাতে থাওৰা আৰু মৰিয়নিত কংগ্ৰেছক প্ৰাৰ্থীত্ব নিদিবলৈ আহ্বান জনাইছে ৰাইজৰ দলে।

যদি কংগ্ৰেছে দুয়োটা সমষ্টিত প্ৰাৰ্থী দিয়ে তেন্তে বাকী থকা সমষ্টিত ৰাইজৰ দলে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ চলাবল বুলি নিজ ভাষ্যত উল্লেখ কৰে অখিল গগৈয়ে।

তেওঁৰ মতে যদি কংগ্ৰেছে এটাও সমষ্টি ৰাইজৰ দলক এৰি দিয়ে তেনেহলে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব বুলি প্ৰতিশ্ৰুতি দিয়ে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd