• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“জলবোমা’ৰ বিস্ফোৰণ হ’লে দায়ী হ’ব বিজেপি চৰকাৰ”: সাংসদ অজিত কুমাৰ ভূঞা

অসমৰ কাগজ কলৰ কৰ্মচাৰীয়ে প্ৰাপ্য ধন কেতিয়া পাব সেই বিষয়ত নিৰুত্তৰ কেন্দ্ৰীয় চৰকাৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 3, 2021 12:55 pm
WhatsApp Image 2021-09-03 at 12.13.14 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাইজৰ যুক্তিপূৰ্ণ দাবী আৰু ৰাজ্যখনৰ কেইবাগৰাকীও স্বনামধন্য বিশেষজ্ঞৰ সকলো বৈজ্ঞানিক যুক্তি নস্যাৎ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে উত্তৰ অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিক পণবন্দী কৰি অহা এটা বছৰৰ ভিতৰতে বিতর্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ কৰিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই তথ্য সদৰী কৰিছে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই।

এই সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই কয় যে “মুঠ ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলগীয়া, অসমৰ বাবে অভিশাপ স্বৰূপ এই প্ৰকল্পত ২৫০ মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন সৰ্বমুঠ ৮টা গোট থাকিব আৰু ইয়াৰে প্ৰথম দুটা গোট অহা বছৰৰ আগষ্ট মাহৰ পৰা উৎপাদনক্ষম হৈ উঠিব বুলি স্বয়ং কেন্দ্রীয় শক্তি আদি দপ্তৰৰ মন্ত্ৰী আৰকে সিঙে ৰাজ্যসভাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি এই তথ্য প্রকাশ কৰিছে।

Apply Now

মন্ত্ৰীজনে বাকী ৬ টা গোটৰ উৎপাদন ২০২৩ চনৰ আগষ্ট মাহৰ পৰা আৰম্ভ কৰিব পৰা যাব বুলি চৰকাৰ আশাবাদী বুলিও সদনত প্ৰকাশ কৰিছে। অর্থাৎ অসমৰ ৰাইজে উত্থাপন কৰি অহা সকলো যুক্তি, সকলো দাবী নস্যাৎ কৰি নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ বণিয়া আৰু কৰ্প’ৰেটৰ স্বাৰ্থত একপক্ষীয়ভাৱে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে।

তেওঁ পুনৰ কয়, “অসমৰ ৰাইজ আৰু এই বিষয়ত বুৎপত্তি থকা অসমৰ বিশেষজ্ঞসকলে বৃহৎ বান্ধটোৰ ভয়াৱহতা আৰু বান্ধৰ নামনি অংশত বসবাস কৰা হেজাৰ হেজাৰ মানুহৰ জীৱনৰ প্ৰতি যিকোনো সময়ত আহিব পৰা শংকাৰ বিষয়ে অলেখ পতিয়নযোগ্য যুক্তি দাঙি ধৰি প্ৰকল্পটো নিৰ্মাণৰ আগেয়ে পুংখানুপুংখ পৰীক্ষণ আৰু নামনি অংশত পৰিব পৰা প্রতিকূল প্রভাব সম্পর্কে বিস্তৃত অধ্যয়নৰ প্ৰাসংগিকতাৰ পক্ষত মত প্ৰকাশ কৰিছিল।

কিন্তু এই সকলো প্ৰশ্ন একাষৰীয়া কৰি আৰু ৰাইজৰ সৈতে কোনো ধৰণৰ আলোচনা অবিহনেই কেৱল কৰ্প’ৰেটক সন্তুষ্ট কৰিবলৈ চৰকাৰে একপক্ষীয়ভাবে এতিয়া এই প্ৰকল্পৰ উৎপাদন আৰম্ভ কৰিবলৈ ততাতৈয়া কৰিছে।

সাংসদ ভূঞাই সোৱণশিৰিৰ শেহতীয়া বানে ইতিমধ্যেই বাছটোৰ বিভিন্ন অংশৰ ক্ষতিসাধন কৰাৰ খবৰ আহিছে বুলি উল্লেখ কৰি কয় যে আনকি বানৰ শেহতীয়া ধলে বান্ধটোৰ ‘গার্ড বাল’ আৰু সংলগ্ন এটা সুৰংগৰো বিস্তৰ ক্ষতিসাধন কৰিছে বুলি বাতৰিতে প্ৰকাশ পাইছে।

ইয়েই প্রমাণ কৰিছে যে অসমৰ ৰাইজ আৰু অসমৰ বিশেষজ্ঞই বাৰে বাৰে চৰকাৰক সতৰ্ক কৰি অহা বিষয়বোৰৰ সত্যতা প্রমাণ হৈছে। সোৱণশিৰিৰ বানৰ ভয়ানক ধলত বান্ধটো ভাগি পৰিলে লখিমপুৰকে ধৰি উত্তৰ অসমৰ এক বিশাল অংশৰ ৰাইজৰ কি দুর্গতি হ’ব সেই কথা দিল্লীটো বাদেই খোদ গুৱাহাটীত বহি মোডীৰ জয়গান গাই থকা হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতায়ো হয়তো আজি উপলব্ধি কৰিব পৰা নাই।

“ইয়াক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ পৰিণতিত হ’ব পৰা যিকোনো ধৰণৰ ক্ষয়-ক্ষতিৰ দায়িত্ব কেন্দ্ৰ আৰু ৰাজ্য এই দুয়োখন চৰকাৰে বহন কৰিব লাগিব বুলি সকীয়াই দিছো” -সাংসদগৰাকীয়ে কয়।

ৰাজ্যসভাৰ সাংসদ ভূঞাই কয়, ‘’এই ‘জলবোমা’ সদৃশ প্ৰকল্পটো উৎপাদনক্ষম কৰাৰ আগতে এক নিৰপেক্ষ বিশেষজ্ঞj হতুৱাই অসমৰ ৰাইজ আৰু বিশেষজ্ঞসকলে দাঙি ধৰা আপত্তিজনক বিষয়বোৰৰ বিস্তৃত পৰীক্ষণ তথা অধ্যয়ন কৰোৱাবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।‘’

ইফালে বিজেপি চৰকাৰে বিক্ৰীৰ সিদ্ধান্ত লোৱা অসমৰ কাগজ কলৰ বিষয়া-কৰ্মচাৰী সকলৰ প্ৰাপ্য ধন কেতিয়া আদায় দিয়া হ’ব সাংসদগৰাকীয়ে সেই বিষয়ে ৰাজ্যসভাত জানিবলৈ বিচাৰিছিল যদিও কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিলে চৰকাৰে।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd