• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূব ৰে’লৱেৰ ১২ হাজাৰ খালী পদত থলুৱাক নিযুক্তিৰ দাবী ৰে’লৱে মজদুৰ ইউনিয়নৰ

NE NOW NEWS এন ই নাও নিউজ
ৰঙাপাৰা , August 31, 2018 10:20 am

2 min read

NFR PRINT
88
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লত কৰ্মৰত শ্ৰমিকসকলৰ সংগঠন এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় পৰিষদৰ (চি ই চি) বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত অনুষ্ঠিত হোৱা সভাত উত্তৰ-পূব ৰে’লৱেত খালী হৈ খকা প্ৰায় ১২ হাজাৰ পদত অতি শীঘ্ৰে থলুৱা শিক্ষিত যুৱক-যুৱতীক নিযুক্তি দিয়াকে ধৰি বিভিন্ন দাবী উত্থাপন কৰা হয়।

বুধবাৰে বিয়লি ৫ বজাত ৰে’লৱে মজদুৰ ইউনিয়ন ৰঙাপৰা শাখাৰ নিজা কাৰ্যালয়ৰ চৌহদত ৰে’লৱে মজদুৰ ইউনিয়নৰ সভাপতি ৰমণী বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত হৰভজন সিং সিদ্ধু, আশীষ বিশ্বাস, পিয়ূষ চক্ৰৱৰ্তী, এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তা আদিকে ধৰি কেইবাগৰাকী শ্ৰমিক নেতা উপস্থিত থাকে।

কেন্দ্ৰীয় চৰকাৰে ৰে’ল শ্ৰমিকসকলক কৰি অহা প্ৰতাৰণাক নেতাসকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰেই নতুন পেন্সন নীতি বাতিল কৰাৰ দাবী তোলে। তদুপৰি, সপ্তম দৰমহা আয়োগৰ ফিটমেন ফৰ্মোলা সংশোধন কৰি ন্যূনতম দৰমহা ১৮ হাজাৰৰ পৰা ২৬ হাজাৰলৈকে বৃদ্ধি কৰাৰো দাবী তোলে।

বৃহস্পতিবাৰে দিনৰ ১১ বজাত ৰে’লৱে মজদুৰ ইউনিয়নৰ মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী কল্পনা ৰাজকুমাৰী আৰু যুৱ কোষৰ কেন্দ্ৰীয় সভাপতি দ্বীপ মালাকাৰৰ সভাপতিত্বত পৃথকে পৃথকে সভা অনুষ্ঠিত হয়। সভাত নতুন প্ৰজন্মৰ চাকৰিয়ালসকলক নতুন পেন্সন নীতিয়ে ভৱিষ্যৎ জীৱন অন্ধকাৰলৈ ঠেলি দিয়া বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰে।

নতুন পেন্সন নীতি কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰা পৰ্যন্ত চৰকাৰখনৰ বিৰুদ্ধে সংগ্ৰাম কৰি যোৱাৰ সংকল্প লোৱাৰ লগতে মহিলা সৱলীকৰণ নামত চৰকাৰৰ কেতবোৰ নীতিয়ে ৰে’ল বিভাগৰে অন্যান্য বিভাগত নিয়োজিত হৈ থকা মহিলা কৰ্মচাৰীসকলে নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰে।

আনহাতে,নেশ্যনেল জইণ্ট কাউন্সিল অব্‌ একশ্যন কমিটীয়ে অহা ১৯ ছেপ্টেম্বৰত আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd