• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এবছৰৰ ভিতৰতে দুবাৰ বাঢ়িল ৰে’লৰ ভাড়াঃ আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন ভাড়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 9:45 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে যাত্ৰীবাহী ৰে’লৰ ভাড়া বৃদ্ধিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যাৰ ফলত আজি অৰ্থাৎ ২৬ ডিচেম্বৰৰ পৰা টিকটৰ মূল্য বৃদ্ধি পালে। বৃহস্পতিবাৰে ২৫ ডিচেম্বৰত মন্ত্ৰালয়ে জনোৱা মতে সাধাৰণ শ্ৰেণীৰ ৰে’লৰ বাবে ২১৫ কিলোমিটাৰৰ অধিক যাত্ৰাৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত ১ পইচাকৈ ভাড়া বৃদ্ধি কৰা হৈছে। একেদৰে মেইল বা এক্সপ্ৰেছ ৰে’লৰ অ-বাতানুকুলিত শ্ৰেণী আৰু সকলো ধৰণৰ বাতানুকুলিত শ্ৰেণী যাত্ৰীৰ বাবে প্ৰতি কিলোমিটাৰত ২ পইচাকৈ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে এবছৰৰ ভিতৰত এয়া দ্বিতীয়বাৰৰ বাবে ৰে’ল ভাড়া সংশোধন কৰা হ’ল। ইয়াৰ পূৰ্বে যোৱা জুলাই মাহতো এবাৰ ভাড়া বৃদ্ধি কৰা হৈছিল।

ৰে’ল মন্ত্ৰালয়ে এই সিদ্ধান্তৰ আঁৰত যুক্তি দি কয় যে যাত্ৰীসকলৰ বাবে ৰে’ল যাত্ৰা সহজলভ্য কৰি ৰখা আৰু ৰে’ল বিভাগৰ পৰিচালনাৰ খৰচৰ মাজত এক সমতা ৰক্ষা কৰিবলৈ এই খোজ লোৱা হৈছে। অৱশ্যে দৈনিক যাতায়ত কৰা যাত্ৰীসকলৰ বাবে এক সকাহৰ খবৰো দিছে মন্ত্ৰালয়ে। নতুন নিৰ্দেশনা অনুসৰি উপনগৰীয়া আৰু অ-উপনগৰীয়া উভয় সেৱাতে ছিজন টিকট বা মাহিলী টিকটৰ ভাড়াৰ কোনো সালসলনি কৰা হোৱা নাই। লগতে সাধাৰণ নন-এচি শ্ৰেণীত ২১৫ কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ বাবে কোনো অতিৰিক্ত ভাড়া ভৰিব নালাগে। ইয়াৰ ফলত কম দূৰত্বৰ যাত্ৰীসকল সুৰক্ষিত থাকিব যদিও তাতকৈ অধিক দূৰত্বৰ যাত্ৰাৰ বাবে এতিয়াৰে পৰা ৫ টকাৰ পৰা ২০ টকালৈকে অধিক ভাড়া দিব লাগিব।

Apply Now

মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ ক্ষেত্ৰত শ্লিপাৰ ক্লাছৰ পৰা আৰম্ভ কৰি এচি ফাৰ্ষ্ট ক্লাছলৈকে সকলোতে প্ৰতি কিলোমিটাৰত ২ পইচাকৈ অতিৰিক্ত ভাড়া দিব লাগিব। উদাহৰণস্বৰূপে কোনো যাত্ৰীয়ে যদি নন-এচি মেইল বা এক্সপ্ৰেছ ৰে’লত ৫০০ কিলোমিটাৰ যাত্ৰা কৰে তেন্তে তেওঁ পূৰ্বতকৈ ১০ টকা বেছি দিব লাগিব। চৰকাৰী জাননী অনুসৰি দেশৰ প্ৰায় সকলোবোৰ প্ৰধান ৰে’ল যেনে বন্দে ভাৰত, ৰাজধানী, শতাব্দী, দুৰন্ত, অমৃত ভাৰত আৰু তেজস আদিৰ ভাড়া এই নতুন নিৰ্দেশনা অনুসৰি সংশোধন কৰা হৈছে। ইয়াৰ লগতে মেমু (Mainline Electric Multiple Unit) আৰু ডেমু(Diesel-Electric Multiple Unit) ৰে’লৰ ভাড়াও বৃদ্ধি পাব।

এই নতুন নিৰ্দেশনা কেৱল ২৬ ডিচেম্বৰ বা তাৰ পিছত বুকিং কৰা টিকটৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। যিসকল যাত্ৰীয়ে আগতীয়াকৈ টিকট বুকিং কৰি থৈছে তেওঁলোকে যাত্ৰাৰ সময়ত কোনো অতিৰিক্ত ধন দিব নালাগে যদিও তেওঁলোকৰ যাত্ৰা ২৬ ডিচেম্বৰৰ পিছত হয়। আজিৰে পৰা সকলো ৰে’ল ষ্টেচনৰ ভাড়া তালিকাসমূহো আপডেট কৰা হ’ব যাতে যাত্ৰীসকলে নতুন মূল্যৰ বিষয়ে জানিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd