ৰাজ্যজুৰি কঁপাই যোৱা শিৱসাগৰৰ শিমলুগুৰিত চলন্ত ৰে’লত সংঘটিত হত্যাকাণ্ডৰ চাৰ্জশ্বীট সোমবাৰে আৰক্ষীয়ে আদালতত দাখিল কৰে। হত্যাকাণ্ডত অভিযুক্ত বিকাশ দাস আৰু বিপিন পাণ্ডেৰ বিৰুদ্ধে ৰে’ল আৰক্ষীয়ে নাজিৰা আদালতত চাৰ্জশ্বীট দাখিল কৰে।
চলন্ত ৰে’লত বিকাশ আৰু বিপিনে দুটাকৈ নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল। এই দুজন পাষণ্ডই এগৰাকী মহিলা আৰু এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল। চলিত বৰ্ষৰ ১০ জুলাইত শিমলুগুৰিত অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী ৰাধা কুমাৰীক হত্যা কৰিছিল । একেদৰে ১১ জুলাইত অবধ আছাম এক্সপ্ৰেছত আন এগৰাকী মহিলাকো হত্যা কৰিছিল।
উক্ত ঘটনাৰ ৭০ দিন পাৰ হৈ যোৱাৰ পিছত সোমবাৰে ৰে’ল আৰক্ষীয়ে আদালতত চাৰ্জশ্বীট দাখিল কৰে।
উল্লেখযোগ্য যে ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰে’ছ ৰে’লৰ শৌচালয়ত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ শিৱসাগৰৰ শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত যোৱা ১০ জুলাইত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।
গোলাঘাটৰ ফৰকাটিঙলৈ বুলি শিৱসাগৰ ষ্টে’শ্যনত ৰে’লখনত উঠাৰ ২০ মিনিটৰ ভিতৰত দিন দুপৰতে এগৰাকী যুৱতীক হত্যা কৰি যোৱা ঘটনাই ৰে’লৰ সুৰক্ষা বিশেষকৈ নাৰীৰ সুৰক্ষাৰ বিষয়টোক লৈ প্ৰশ্ন উঠিছিল।
শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত পুৱা ৮.১৫ বজাত আহি পোৱা ৰে’লখনত উদ্ধাৰ হোৱা মৃতদেহটো অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীৰ বুলি চিনাক্ত কৰা হৈছিল।
শিৱসাগৰ যুৱতীগৰাকীয়ে গোলাঘাটৰ ফৰকাটিঙলৈ বুলি যাত্ৰা কৰিছিল আৰু মাকে ৰাধাক শিৱসাগৰ ষ্টে’শ্যনত আগবঢ়াই থৈ গৈছিলহি।
ইয়াৰ পিছতে ১১ জুলাইৰ দিনাখন অৱধ আছাম এক্সপ্ৰেছত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল। দুয়োটা হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে জোৰ তদন্ত চলাই বিকাশ দাস আৰু বিপিন পাণ্ডেক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জেৰাত দুয়োজনে এই হত্যাকাণ্ড দুটা সংঘটিত কৰা বুলি স্বীকাৰ কৰিছিল।





