NORTHEAST NOW (Assamese)

৩০ জুনৰ পূৰ্বে যাত্ৰা কৰিবলগীয়া ৰে’লৰ সকলো অগ্ৰিম টিকট বাতিল কৰিছে ৰে’ল মন্ত্ৰালয়ে

May 14, 2020 2:18 pm · এন ই নাও নিউজ
Updated: May 14, 2020 2:23 pm
প্ৰতিনিধিত্বমূলক ফ'টো

৩০ জুন আৰু তাৰ পূৰ্বে যাত্ৰা কৰিবলগীয়া ৰে’লৰ সকলো অগ্ৰিম টিকট বাতিল কৰা হৈছে।

ৰে’লৱে মন্ত্ৰালয়ে এই কথা ঘোষণা কৰি কয় যে ২৫ মাৰ্চৰ পূৰ্বে বুকিং কৰা সকলো টিকট বাতিল কৰা হৈছে আৰু যাত্ৰীসকলক ভাড়া ঘূৰাই দিয়া হ’ব।

৩০ জুনৰ পূৰ্বে যাত্ৰা কৰিবলৈ ল’কডাউনৰ আগতে ৰিজাৰ্ভেশ্যন কৰা সকলো যাত্ৰীৰে টিকট বাতিল কৰাৰ ফলত যাত্ৰীসকলে ঘূৰাই ভাড়াসমূহ পাব।

উল্লেখ্য যে ক’ৰ’নাতংকৰ বাবে দেশজুৰি হঠাৎ বলৱৎ কৰা ল’কডাউনৰ ফলত দেশত ৰে’ল চলালচল বন্ধ হৈ আছে।

ৰে’ল চলাচল বাতিল কৰিলেও ৰে’লৱে বিভাগ এই অগ্ৰিম টিকট বুকিং কৰাৰ যাত্ৰীসকলৰ টিকট বাতিল কৰা লগতে ভাড়াৰ পইচা ঘূৰাই দিয়া নাছিল।

উল্লেখ্য যে, ভাৰতীয় ৰে’লৱেই যোৱা ১২ মে’ৰ পৰা পৰ্যায়ক্ৰমে দেশত ল’কডাউনৰ মাজতে পুনৰ ৰে’ল চলাচল আৰম্ভ কৰিছে।

ল’কডাউনৰ ফলত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা শ্ৰমিকৰ বাবে ১২ মে’ৰ পৰা আৰম্ভ হোৱা ১৫ খন ৰে’ল সূচীমতে চলাচল কৰিব বুলি ৰে’ল মন্ত্ৰালয়ে জনাইছে।

মন্ত্ৰালয়ে কৈছে যে ১৩ মে’ৰ পৰা IRCTC এ অগ্ৰিম টিকট কৰা সকলো যাত্ৰীৰে গন্তব্য স্থান অনুসন্ধান কৰিছে।

প্ৰয়োজন হ’লে ই কোভিড১৯ৰ কন্টেক ট্ৰেচিঙতো সহায় কৰিব।

আনলাইন বুকিঙৰ বাবে নতুন নিয়ম আৰম্ভ কৰাৰ কথাও মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

Related News