আৰ্থিক সংকট: ভাৰতীয় ৰে’লৱেই বন্ধ কৰিব পাৰে বিভাগীয় চিকিৎসালয়

Railway-hospital

দেশৰ সৰ্ববৃহৎ কৰ্ম সংস্থাপন সৃষ্টিকাৰী প্ৰতিষ্ঠান ভাৰতীয় ৰে’লে ব্যয় সংকোচনৰ দোহাই দি ইতিমধ্যে বিভাগটোৰ খালাচীকে ধৰি আন কেইবাটাও পদ বিলোপ কৰিছে।

বন্ধ কৰি দিছে বিভিন্ন ধৰণৰ ভাট্টা। শেহতীয়াকৈ ৰে’ল বিভাগে বিভাগটোৰ কৰ্মচাৰী সকলৰ স্বাস্থ্যৰ ভৰসা ৰে’লৱে চিকিৎসালয় সমূহ বন্ধ কৰাৰ বাবেও চিন্তা-চৰ্চা কৰিছে।

ৰে’ল বিভাগৰ কৰ্মচাৰী কল্যাণ বিভাগৰ উপ- সঞ্চালক আশুতোষ গৰ্গে ইতিমধ্যে বিভাগটোৰ সকলো আঞ্চলিক আৰু মাণ্ডলিক কাৰ্যালয়লৈ যোৱা ৪ আগষ্টতে এই সন্দৰ্ভত মতামত বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

আঞ্চলিক আৰু মাণ্ডলিক কাৰ্যালয় সমূহে এই সন্দৰ্ভত মতামত প্ৰকাশ কৰাৰ পিছতেই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

উল্লেখ্য বিবেক দেৱৰয় কমিটিয়ে ইতিমধ্যে ৰে’ল বিভাগৰ চিকিৎসালয় সমূহ বন্ধ কৰি তাৰ ঠাইত ৰে’ল কৰ্মচাৰী সকলক স্বাস্থ্য বীমা প্ৰদানৰ পৰামৰ্শ দিছিল।

ৰে’ল বিভাগত কৰ্মৰত প্ৰায় ১৩ লাখ বিষয়া কৰ্মচাৰীয়ে যিকোনো ৰোগৰ ক্ষেত্ৰতে ৰে’ল বিভাগৰ চিকিৎসালয় সমূহৰ ওপৰতে ভৰসা কৰি আহিছে।

ৰে’ল বিভাগৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চিকিৎসালয় সমূহ বন্ধ কৰি দিলে ৰে’ল বিভাগৰ বহু খৰচ হ্ৰাস পাব।

দেশত ৰে’ল বিভাগৰ ৫৮৬টা স্বাস্থ্য গোট,৪৫ খন ছাব-ডিভিজনেল,৫৬ খন ডিভিজনেল,১৬ খন জ’নেল আৰু ৮ খন প্ৰডাকছন ইউনিট চিকিৎসালয় আছে।

উক্ত চিকিৎসালয় সমূহত প্ৰায় ২,৫০০ গৰাকী চিকিৎসক,৩৫ হাজাৰৰো অধিক চিকিৎসা কৰ্মী নিয়োজিত হৈ আহিছে।

চিকিৎসালয় সমূহ বন্ধ হৈ পৰিলে এই সকল লোকৰ জীৱিকালৈও নামি আহিব পাৰে চৰম অনিশ্চয়তা।