মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ
দেশৰ বহু ৰাজ্যক জোকাৰি গৈছে বাৰিষাই। কেইবাখনো ৰাজ্যত সৃষ্টি হৈছে প্ৰলয়ংকৰ বান। ধাৰাসাৰ বৰষুণৰ বাবে ভীষণভাবে ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। প্ৰবল বৰষুণ আৰু ইয়াৰ ফলত সংঘটিত হোৱা বিভিন্ন দুৰ্ঘটনাত ৰাজ্যখনত এতিয়ালৈকে মুঠ ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে সোমবাৰে পুনে জিলাৰ এখন গাঁৱত ভূমিস্খলনৰ বাবে এটা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। ধ্বংসাৱশেষৰ তলত একেটা পৰিয়ালৰে তিনি জনকৈ সদস্য আৱদ্ধ হৈ পৰে।
আনহাতে ধাৰাষাৰ বৰষুণৰ বাবে মুম্বাই আৰু পুনেৰ মাজত ৰে’লপথৰ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ইতিমধ্যে ১৬ খন ৰে’ল বাতিল কৰা হৈছে আৰু অন্য ৯ খন ৰে’ল বিকল্প পথেৰে চলোৱা হৈছে। পৰিস্থিতি অধিক বেয়া হোৱাৰ আশংকাত বহুকেইখন জিলাত স্কুল-কলেজসমূহ বন্ধ ঘোষণা কৰা হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰই মুম্বাইৰ বাবে অৰেঞ্জ এলাৰ্ট আৰু পুনেৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। সোমবাৰে পুৱা কাৰজাত-লোনাভলা পথৰ ঠাকুৰবাড়ী আৰু খাণ্ডালা-মাংকী হিল অংশত ধাৰাবাহিকভাৱে ভূমিস্খলন হয়। ইয়াৰ ফলত চেণ্ট্ৰেল ৰে’লৱেৰ উজনি, নামনি আৰু মধ্য – তিনিওটা লাইনেই ক্ষতিগ্ৰস্ত হৈছে।
এই পৰিস্থিতিৰ বাবে ইন্দ্ৰায়ণী এক্সপ্ৰেছ, ডেক্কান কুইন, ডেক্কান এক্সপ্ৰেছ, ইণ্টাৰচিটি এক্সপ্ৰেছ, প্ৰগতি এক্সপ্ৰেছ, ধুলে এক্সপ্ৰেছকে ধৰি মুঠ ১৬ খন ট্ৰেইন বাতিল কৰা হৈছে। কেইবাখনো দূৰণিবটীয়া ৰে’লৰ পথ সলনি কৰাৰ লগতে সময়সূচীও সংশোধন কৰা হৈছে। যাত্ৰা কৰাৰ আগতে যাত্ৰীসকলক ৰে’লৰ শেহতীয়া তথ্য ল’বলৈ পৰামৰ্শ দিয়া হৈছে।
ইফালে বৰষুণৰ বাবে মুম্বাই-পুনে এক্সপ্ৰেছৱে আৰু পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছে। বিভিন্ন ঠাইত ভূমিস্খলন, পানী জমা হোৱা আৰু এটা কংক্ৰিটৰ খুঁটা ভাঙি পৰাৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰিছে। জৰুৰী প্ৰয়োজন অবিহনে এই পথেৰে যাতায়াত নকৰিবলৈ আৰক্ষী আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগমে ৰাইজক আহ্বান জনাইছে।
পুনে জিলাৰ পাতন গাঁৱত ভূমিস্খলনৰ ফলত ভাঙি পৰা ঘৰটোত বৰ্তমান উদ্ধাৰ অভিযান চলি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী অৰ্থাৎ এনডিআৰএফ, আৰক্ষী আৰু স্থানীয় উদ্ধাৰকাৰী দলে পুৱাৰে পৰা যুটীয়াভাৱে এই উদ্ধাৰ অভিযান চলাই আছে। ইয়াৰ উপৰিও পুনেৰ ঘোৰাৱাড়ী অঞ্চলত পানীত আৱদ্ধ হৈ পৰা এখন বাছৰ পৰা ৩৭ জন যাত্ৰীক এনডিআৰএফে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান অনুসৰি অহা কেইবাদিনো ধৰি অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকে প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ কৈছে আৰু সাধাৰণ ৰাইজকো অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।