• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক ছত্ৰছায়াই বচাব নোৱাৰিলে “গুণ্ডা” ৰাজা বাইলুঙক; গোৱাত আটক

কৰ্তব্যৰত আৰক্ষী বিষয়াক অশ্লীল গালি-গালাজ তথা চৰম দুৰ্ব্যহাৰ কৰিছিল বিজেপি নেতাৰ ঘনিষ্ঠ ৰাজা বাইলুঙে

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
August 26, 2019 11:37 pm
Raja Bailung_main
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪ আগষ্টত যোৰহাটত কৰ্তব্যৰত যান-বাহন আৰক্ষীক অশ্লীল গালি-গালাজ তথা চৰম দুৰ্ব্যহাৰ প্ৰাঞ্জল প্ৰাণ বাইলুং ওৰফে ৰাজা বাইলুঙক যোৱা নিশা গোৱাত গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বাইলুঙক অসমলৈ আনিবলৈ ইতিমধ্যে অসম আৰক্ষীৰ এটা দল গোৱালৈ ৰাওনা হৈছে।

Apply Now

অভিযোগমতে, বাইলুঙৰ গাড়ীয়ে গড় আলিত এখন মটৰচাইকেলত খুন্দা মৰাৰ পিছতে বাইলুঙে মটৰচাইকেল আৰোহীজনক দুৰ্ব্যৱহাৰ কৰিছিল। তাত হস্তক্ষেপ কৰিবলৈ যোৱা কৰ্তব্যৰত এজন সহকাৰী উপ-পৰিদৰ্শক প্ৰদীপ বুঢ়াগোহাঁইকো অতি অশ্লীল ভাষাৰে গালি পৰাৰ লগতে মাৰিবলৈও চোঁচা লৈছিল।

পিছত আৰক্ষীয়ে বাইলুঙক আটক কৰি থানালৈ লৈ যায় যদিও ৰাতিয়েই এৰি দিয়ে, যিটো ৰাজনৈতিক হেঁচাৰ বাবে কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উঠিছিল।

ৰাজা বাইলুঙৰ সৈতে শীৰ্ষস্থানীয় বহুকেইজন বিজেপি নেতাৰ সম্পৰ্ক থকা বুলি চৰ্চা হৈছে। হিতেন গোস্বামীকে ধৰি কেইবাজনো নেতাৰ সৈতে তেওঁ সভাই-সমিতিয়ে একেলগে থকাৰ ফটোও ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে।

অৱশ্যে ঘটনাটোৰ পিছতে বিজেপিয়ে বাইলুঙৰ পৰা দূৰত্ব ৰক্ষা কৰে।

আনহাতে উক্ত ঘটনাটোৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত বিভিন্ন পক্ষৰ পৰা হেঁচা পোৱা বুলি যোৰহাট আৰক্ষীয়ে স্বীকাৰ কৰিছে। যোৰহাট আৰক্ষীয়ে ট্ৰেফিক আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক প্ৰদীপ বুঢ়াগোহাঁইৰ অভিযোগৰ ভিত্তিত এটা গোচৰ (2167/19) ৰুজু কৰি তেওঁৰ সন্ধান কৰি আছিল।

আৰক্ষীৰ পৰা হাত সাৰিবলৈ বাইলুঙে গুৱাহাটীত আশ্ৰয় লৈছিল যদিও গুৱাহাটীলৈও আৰক্ষীয়ে বিচাৰি অহাৰ খবৰ পাই গোৱালৈ পলাইছিল।

অৱশেষত যোৱা নিশা গোৱাৰ চিটা ডি গোৱা নামৰ এখন বিলাসী হোটেলত আত্মগোপন কৰি থকা অৱস্থাত প্ৰাঞ্জল প্ৰাণ বাইলুক গ্ৰেপ্তাৰ কৰা হয়।

 

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

চৰাইদেউত বানত উটি গ’ল একেটা পৰিয়ালৰে চাৰিজন সদস্য

July 21, 2026 7:38 pm
উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

উজনিৰ বান পৰিস্থিতিক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম নাগৰিক সন্মিলনৰ; সমৰ-সদৃশ তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ দাবী

July 21, 2026 7:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm
‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

‘ককৰোচ’ দলৰ সংসদ ভৱন অভিযানত আহত যুৱতীৰ স্বাস্থ্যৰ অৱনতি : সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি

July 21, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd