DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজনৈতিক ছত্ৰছায়াই বচাব নোৱাৰিলে “গুণ্ডা” ৰাজা বাইলুঙক; গোৱাত আটক

কৰ্তব্যৰত আৰক্ষী বিষয়াক অশ্লীল গালি-গালাজ তথা চৰম দুৰ্ব্যহাৰ কৰিছিল বিজেপি নেতাৰ ঘনিষ্ঠ ৰাজা বাইলুঙে

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
August 26, 2019 11:37 pm
Raja Bailung_main
6.4k
VIEWS
Share on FacebookShare on Twitter

১৪ আগষ্টত যোৰহাটত কৰ্তব্যৰত যান-বাহন আৰক্ষীক অশ্লীল গালি-গালাজ তথা চৰম দুৰ্ব্যহাৰ প্ৰাঞ্জল প্ৰাণ বাইলুং ওৰফে ৰাজা বাইলুঙক যোৱা নিশা গোৱাত গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বাইলুঙক অসমলৈ আনিবলৈ ইতিমধ্যে অসম আৰক্ষীৰ এটা দল গোৱালৈ ৰাওনা হৈছে।

অভিযোগমতে, বাইলুঙৰ গাড়ীয়ে গড় আলিত এখন মটৰচাইকেলত খুন্দা মৰাৰ পিছতে বাইলুঙে মটৰচাইকেল আৰোহীজনক দুৰ্ব্যৱহাৰ কৰিছিল। তাত হস্তক্ষেপ কৰিবলৈ যোৱা কৰ্তব্যৰত এজন সহকাৰী উপ-পৰিদৰ্শক প্ৰদীপ বুঢ়াগোহাঁইকো অতি অশ্লীল ভাষাৰে গালি পৰাৰ লগতে মাৰিবলৈও চোঁচা লৈছিল।

পিছত আৰক্ষীয়ে বাইলুঙক আটক কৰি থানালৈ লৈ যায় যদিও ৰাতিয়েই এৰি দিয়ে, যিটো ৰাজনৈতিক হেঁচাৰ বাবে কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উঠিছিল।

ৰাজা বাইলুঙৰ সৈতে শীৰ্ষস্থানীয় বহুকেইজন বিজেপি নেতাৰ সম্পৰ্ক থকা বুলি চৰ্চা হৈছে। হিতেন গোস্বামীকে ধৰি কেইবাজনো নেতাৰ সৈতে তেওঁ সভাই-সমিতিয়ে একেলগে থকাৰ ফটোও ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে।

অৱশ্যে ঘটনাটোৰ পিছতে বিজেপিয়ে বাইলুঙৰ পৰা দূৰত্ব ৰক্ষা কৰে।

আনহাতে উক্ত ঘটনাটোৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত বিভিন্ন পক্ষৰ পৰা হেঁচা পোৱা বুলি যোৰহাট আৰক্ষীয়ে স্বীকাৰ কৰিছে। যোৰহাট আৰক্ষীয়ে ট্ৰেফিক আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক প্ৰদীপ বুঢ়াগোহাঁইৰ অভিযোগৰ ভিত্তিত এটা গোচৰ (2167/19) ৰুজু কৰি তেওঁৰ সন্ধান কৰি আছিল।

আৰক্ষীৰ পৰা হাত সাৰিবলৈ বাইলুঙে গুৱাহাটীত আশ্ৰয় লৈছিল যদিও গুৱাহাটীলৈও আৰক্ষীয়ে বিচাৰি অহাৰ খবৰ পাই গোৱালৈ পলাইছিল।

অৱশেষত যোৱা নিশা গোৱাৰ চিটা ডি গোৱা নামৰ এখন বিলাসী হোটেলত আত্মগোপন কৰি থকা অৱস্থাত প্ৰাঞ্জল প্ৰাণ বাইলুক গ্ৰেপ্তাৰ কৰা হয়।

 

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd