• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চলন্ত গাড়ীত সহকৰ্মীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ, ঘটনাৰ সৈতে জড়িত প্ৰতিষ্ঠানটোৰ CEO-ও!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 12:29 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ উদয়পুৰত এটা ব্যক্তিগত খণ্ডৰ আই টি কোম্পানীত এক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। কোম্পানীটোৰ এগৰাকী মহিলা মেনেজাৰক জন্মদিনৰ পাৰ্টিৰ পৰা ঘৰলৈ লৈ যোৱাৰ অজুহাতত চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত আৰক্ষীয়ে কোম্পানীটোৰ চিইঅ’ আৰু আন এজন উচ্চপদস্থ বিষয়াৰ লগতে এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে। ধৰ্ষণৰ দৰে জঘন্য কামত নিজৰেই সহকৰ্মী জড়িত থকাৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰ অনুসৰি, যোৱা ২০ ডিচেম্বৰত তেওঁলোকৰ কোম্পানীৰ এটা জন্মদিনৰ পাৰ্টি আছিল। অনুষ্ঠান শেষ হোৱাৰ পিছত কোম্পানীটোৰ চিইঅ’, কাৰ্যবাহী মুৰব্বী আৰু তেওঁৰ পত্নীয়ে মহিলাগৰাকীক নিজৰ গাড়ীৰে ঘৰত নমাই থৈ অহাৰ কথা দিছিল। মহিলাগৰাকীৰ অভিযোগ যে মাজপথত তেওঁক চিগাৰেটৰ দৰে কিবা এটা খাবলৈ দিয়া হৈছিল, যাৰ ফলত তেওঁ অচেতন হৈ পৰে। ইয়াৰ পিছতে চলন্ত গাড়ীৰ ভিতৰতে তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হয়। মাজনিশা এবাৰ জ্ঞান ঘূৰি অহাৰ সময়ত তেওঁ চিইঅ’গৰাকীয়ে নিৰ্যাতন চলাই থকাটো অনুভৱ কৰিছিল বুলিও উল্লেখ কৰিছে।

Apply Now

পিছদিনা পুৱা প্ৰায় ৫ বজাত অভিযুক্তসকলে মহিলাগৰাকীক তেওঁৰ ঘৰত নমাই দি থৈ যায়। ইয়াৰ পিছতে ভুক্তভোগীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। উদয়পুৰৰ আৰক্ষী অধীক্ষক যোগেশ গোৱেলে জনোৱা মতে, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে কোম্পানীৰ চিইঅ’ জয়শ, তেওঁৰ সহযোগী গৌৰৱ আৰু গৌৰৱৰ পত্নী শিল্পাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান আৰক্ষীৰ জিম্মাত জেৰা চলাই থকা হৈছে।

চিকিৎসা পৰীক্ষাত মহিলাগৰাকীৰ শৰীৰত আঘাতৰ চিন পোৱা গৈছে, যিয়ে প্ৰাথমিকভাৱে ধৰ্ষণৰ প্ৰমাণ দাঙি ধৰিছে। বৰ্তমান এই গোচৰটোৰ তদন্তৰ দায়িত্ব অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰী ভাৰ্মাক অৰ্পণ কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ অধিক তথ্য সংগ্ৰহৰ বাবে সেইদিনা ব্যৱহাৰ কৰা গাড়ীখনৰ ডেচকেমত থকা অডিঅ’ আৰু ভিডিঅ’ ৰেকৰ্ডিংসমূহ গভীৰভাৱে পৰীক্ষা কৰি আছে। কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষাক লৈ পুনৰ এবাৰ এই ঘটনাই ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd