NORTHEAST NOW (Assamese)

অৰ্ণৱ গোস্বামী পাগল হৈছে, ছোনিয়া গান্ধীক কৰা সমালোচনা গৰিহণাযোগ্য : ৰাজস্থানৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী অশোক গেহলট

April 22, 2020 11:01 pm · এন ই নাও নিউজ

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা জেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক পাগল হৈছে বুলি কঠোৰ সমালোচনা কৰে ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলটে।

মহাৰাষ্ট্ৰৰ পালঘাৰ গণহত্যা প্ৰসংগত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী নিৰৱ হৈ আছে বুলি অভিযোগ কৰা অৰ্ণৱ গোস্বামীক সমালোচনা কৰি ৰাজস্থানৰ মুখ্য মন্ত্ৰী গেহলটে গোস্বামীক পাগল হৈছে বুলি কয়।

‘‘ছোনিয়া গান্ধীক অৰ্ণৱ গোস্বামী আক্ৰমণ কৰাটো গৰিহণা যোগ্য। অৰ্ণৱ গোস্বামী পাগল হৈছে আৰু সকলো সীমা অতিক্ৰম কৰিছে,’’ জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে এনেদৰে টুইট কৰি কটাক্ষ কৰে সাংবাদিকজনক।

অশোক গেহলটে অৰ্ণৱ গোস্বামীয়ে লগতে নিজেই লাজ পোৱা উচিত বুলিও কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ পালঘাৰত দুগৰাকী হিন্দু সন্তক উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল আৰু এই সন্দৰ্ভত নিজৰ টেলিভিশ্যনত অৰ্ণৱ গোস্বামীয়ে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী নিমাত হৈ থকা বাবে সমালোচনা কৰিছিল।

মহাৰাষ্ট্ৰ পালঘৰ গণপ্ৰহাৰৰ ঘটনাৰ প্ৰসংগতে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সম্পাদক শেখৰ গুপ্তাৰ বিৰু্দ্ধে গুৰুতৰ অভিযোগ তুলি অৰ্ণৱ গোস্বামীয়ে গীল্ডৰ সদস্যপদ ত্যাগ কৰাৰ কথা সোমবাৰে ঘোষণা কৰিছিল।

Related News