জঘন্য! অধ্যয়ন নকাৰাৰ বাবেই নিজ সন্তানৰ প্ৰাণ ল’লে পিতৃয়ে

Man Kills Daughter

ৰাজস্থানত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই চকু কঁপালত তুলিছে সকলোৰে। নিজ পিতৃৰ বৰ্বৰতাৰ বলি হৈ প্ৰাণ হেৰুৱাইছে এগৰাকী কিশোৰীয়ে।

পৰীক্ষাৰ বাবে প্ৰস্তুতি নচলোৱাৰ বাবেই ১৭ বছৰীয়া কন্যা সন্তানক কোবাই হত্যা কৰাৰ অভিযোগ উঠিছে পিতৃৰ বিৰুদ্ধে। ৰাজ্যখনৰ ছিৰোহী জিলাত সংঘটিত হৈছে এই ঘটনা।

কিশোৰীগৰাকীৰ ককাকে দাখিল কৰা এজাহাৰৰ ভিত্তিত শনিবাৰে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে আৰক্ষীয়ে হত্যাত ব্যৱহৃত লাঠীও উদ্ধাৰ কৰে।

সন্তানৰ হত্যাত অভিযুক্ত ব্যক্তিজনক ফতেহ মহম্মদ (৪২) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে মহম্মদে একাদশ শ্ৰেণীত অধ্যয়নৰত তেওঁৰ কন্যাই পৰীক্ষাৰ বাবে পঢ়া-শুনা নকৰাৰ কাৰণে ক্ষুব্ধ হৈ পৰিছিল আৰু লাঠীৰে উপৰ্যুপৰি আঘাত কৰিছিল।

এনে প্ৰহাৰত সম্ভৱতঃ আভ্যন্তৰীণ আঘাতৰ বাবেই কিশোৰীগৰাকীৰ মৃত্যু হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে প্ৰকাশ পাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।