কংগ্ৰেছৰ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলি এতিয়া যেন বিপদতহে পৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট। গেহলটে মুখ্যমন্ত্ৰী পদৰ পৰা পদ ত্যাগ কৰিব বুলি জল্পনা-কল্পনা আৰম্ভ হোৱাৰ পিছতেই নতুন মুখ্যমন্ত্ৰীকলৈ ৰাজস্থান কংগ্ৰেছ দ্বিবিভক্ত হৈ পৰিছে। এনে পৰিস্থিতিত আজি নতুন দিল্লীত কংগ্ৰেছ হাইকমাণ্ডক সাক্ষাৎ কৰিব অশোক গেহলটে।
এই বৈঠকতে সিদ্ধান্ত হ’ব পাৰে তেওঁ দলৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব নে নাই । অশোক গেহলটে হাইকমাণ্ডক লগ কৰিবলৈ ইতিমধ্যে দিল্লীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। এই সাক্ষাতকালতে গেহলটে ৰাজস্থান কংগ্ৰেছত সৃষ্টি হোৱা বিসম্বাদ দূৰ কৰিবলৈ এটা মধ্যম পন্থাৰ সন্ধান কৰিব বুলি আশা কৰা হৈছে।হাইকমাণ্ডে অশোক গেহলটৰ অনুগত তিনিজন কংগ্ৰেছ বিধায়ক- শান্তি ধাৰিৱাল ,মহেশ যোশী আৰু ধৰ্মেন্দ্ৰ ৰাথোৰক ” অনুশাসনহীনতা”ৰ বাবে জাননী প্ৰেৰণ কৰাৰ এদিন পিছতে গেহলটে হাইকমাণ্ডক সাক্ষাৎ কৰিবলৈ আহিছে।
মল্লিকাৰ্জুন খাৰ্গে আৰু অজয় মাকনে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক দিয়া প্ৰতিবেদনত গেহলটৰ অনুগত তিনি বিধায়কৰ বিৰুদ্ধে “ঘোৰ অনুশাসনহীনতা”ৰ অভিযোগ উত্থাপন কৰিছে। দলৰ অনুশাসন সমিতিয়ে তিনিওজনক ১০ দিনৰ ভিতৰত ইয়াৰ ব্যাখ্যা কৰিবলৈ কৈছে যে আৰু এইবুলি কৈছে যে তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা উচিত নহয় সেয়া লিখিত ভাবে জনাব লাগিব। উল্লেখ্য দলৰ সভাপতি পদৰ বাবে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ মাজত এতিয়া বিসম্বাদ তুংগত উঠিছে। ৰাজস্থান কংগ্ৰেছত মুখ্যমন্ত্ৰী অশোক গেহলটক সমৰ্থন কৰা বিধায়কসকলৰ বিদ্ৰোহৰ পিছত, দলটোৰ সন্মুখত এক নতুন সংকটৰ সৃষ্টি হৈছে।
এই কঠিন সময়ত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে সমস্যা সমাধানকাৰী এ.কে. এণ্টনীক স্মৰণ কৰিছে। এ কে এণ্টনি, যাৰ আছে ৰাজনীতিৰ অগাধ জ্ঞান, কংগ্ৰেছৰ সকলো কথাই তেওঁ তন্ন তন্নকৈ জানে। সেইবাবেই মঙলবাৰে সমস্যাৰ সমাধান বিচাৰি মাতি পঠিয়ায় এণ্টনীক। জানিব পৰা মতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে আজি সন্ধিয়া কেৰালাৰ পৰা দিল্লীলৈ ৰাওনা হয়।এণ্টনীয়ে দলৰ সভাপতি ছোনিয়া গান্ধীক লগ কৰিব।
৮১ বছৰীয়া প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এণ্টনী দলটোৰ এজন প্ৰভাৱশালী নেতা। তেওঁৰ নিকা ভাবমূৰ্তিৰ বাবে দলৰ আন নেতাসকলেও তেওঁক যথেষ্ট সন্মান কৰে।ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক সমৰ্থন কৰা বিধায়কসকলে শচীন পাইলটক মুখ্যমন্ত্ৰী পাতিলে সামূহিকভাৱে পদত্যাগ কৰাৰ ভাবুকি দিছে। দলৰ পৰ্যবেক্ষক, মল্লিকাৰ্জুন খাৰ্গে আৰু অজয় মাকেনে কংগ্ৰেছৰ ৰাজস্থান গোটৰ সংকট সন্দৰ্ভত দলৰ সভাপতি ছোনিয়া গান্ধীৰ ওচৰত তেওঁলোকৰ লিখিত প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদনকলৈ চিন্তিত ছোনিয়া গান্ধীয়ে এতিয়া এণ্টনীৰ সহায় বিচাৰিছে। ৰাজস্থানৰ এনে পৰিস্থিতিয়ে গেহলটৰ কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ বিষয়টোত প্ৰশ্নবোধক চিহ্ন ৰ সৃষ্টি কৰিছে। এতিয়া কমল নাথ, দিগ্বিজয় সিং, মুকুল ৱাছনিক, খাৰ্গে, কুমাৰী চেলজা আৰু আন কেইজনমানৰ নামহে কংগ্ৰেছ সভাপতি পদৰ বাবে উচ্চাৰিত হৈছে। অৱশ্যে, কমল নাথে কৈছে যে তেওঁ সভাপতি পদত প্ৰতিদ্বন্দিতাৰ বাবে আগ্ৰহী নহয়।
উল্লেখ্য বিপৰীত মেৰুত অৱস্থান কৰিছে অশোক গেহলট-শচীন পাইলটে৷ বিগত কেইদিনমানধৰি ৰাজস্থানত কংগ্ৰেছৰ ৰাজনীতিত যথেষ্ট অস্থিৰতা দেখা গৈছে। মুখ্যমন্ত্ৰী অশোক গেহলটে দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। এনে পৰিস্থিতিত, তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব। আৰু খালী হোৱা মুখ্যমন্ত্ৰীৰ আসনলৈ চকু দিছে শচীন পাইলটে৷ শচীন পাইলট, বিধানসভাৰ অধ্যক্ষ চি পি যোশীকে ধৰি কেইবাগৰাকীও নেতা এই চকীখনৰ দাবীদাৰ। অৱশ্যে, আটাইতকৈ চৰ্চিত হৈছে শচীন পাইলট আৰু চিপি যোশী। গান্ধী পৰিয়ালৰ প্ৰথম পচন্দ হৈছে শচীন পাইলট। কিন্তু মুখ্যমন্ত্ৰী অশোক গেহলটৰ পচন্দ হৈছে চিপি যোশী।