IPL 2024: ট্ৰফীৰ স্বপ্ন আধৰুৱা হৈয়েই ৰ’ল; ৰাজস্থানৰ হাতত পৰাস্ত হৈ আই পি এলৰ পৰা বিদায় কোহলী বাহিনীৰ

আই পি এল আহে, আই পি এল যায়। সলনি হৈ যায় দলৰ নাম, জাৰ্চি, অধিনায়ক, মালিক। কিন্তু RCB ৰ ভাগ্য সলনি নহ’ল। ১৭ বছৰৰ পাছতো ভাৰত শ্ৰেষ্ঠৰ খিতাপটো আধৰুৱা হৈয়েই থাকিল কোহলী বাহিনীৰ।

দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে সপোন উজ্জীৱিত কৰি তুলিও ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে শেষত ট্ৰফী জয়ৰ কাষ চাপিব নোৱাৰিলে। ৰাজস্থান ৰয়েলছৰ হাতত এলিমিনেটৰত পৰাস্ত হৈ এইবাৰৰ বাবে আইপিএল যাত্ৰা সামৰিলে বিৰাট বাহিনীয়ে।

চলিত আই পি এলৰ মাজভাগত যেতিয়া ক্ৰিকেট অনুৰাগীসকলে প্লে অফৰ হিচাপ-নিকাচ আৰম্ভ কৰিছিল, তেতিয়া আৰ চি বিক বাদ দিয়ে তেওঁলোকৰ বাজি চলিছিল। কাৰণ বিৰাট কোহলীৰ দলটোৱে ৭খন মেচত মাত্ৰ এটা জয়ৰে পইণ্ট তালিকাৰ তলত আছিল।

তাৰ পৰা এক ডাঙৰ প্ৰত্যাৱৰ্তনেৰে দলটোৱে সকলোকে সন্মোহিত কৰি তুলিছিল। একেৰাহে ৬ খন মেচত জয়ী হৈ প্লে অফৰ টিকট নিশ্চিত কৰিছিল। কিন্তু শেষৰক্ষা নহ’ল। এলিমিনেটৰত স্তব্ধ হৈ পৰিল আৰচিবিৰ জয়যাত্ৰা।

বুধবাৰে এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয়লাভ কৰি প্ৰথমে আৰচিবিক বেটিং কৰিবলৈ পঠিয়ায়। কিন্তু বেংগালুৰুৰ বেটছমেনসকল আৰম্ভণিৰে পৰা অতি অস্বস্তিত পৰিছিল। তেনেকৈ কোনেও পাৰ্টনাৰশ্বিপ গঢ়ি তুলিব পৰা নাছিল। শেষত আৰচিবিৰ ইনিংছ ২০ অভাৰত ১৭২ ৰানত বন্ধ হৈ পৰে। ৰাজস্থানৰ হৈ আৱেশ খানে ৩ টা উইকেট দখল কৰে।

১৭৩ ৰানৰ লক্ষ্য অনুসৰণ কৰি পাৱাৰ প্লেত যশস্বী জয়ছোৱালে আক্ৰমণাত্মক বেটিং কৰে। অৰ্ধশতক কৰিব নোৱাৰিলেও যুৱ খেলুৱৈগৰাকীয়ে দলৰ জয়ৰ ভেটি গঢ়ি তোলে। ধাৰাবাহিকভাৱে উইকেট হেৰুৱাই থকাৰ পাছতো ৰাজস্থানৰ ৰান ৰেট লেহেমীয়া নহ’ল। ৰিয়ান পৰাগ আৰু হোৱাইটমেয়াৰে কেইবাটাও আকৰ্ষণীয় শ্বট খেলি আউট হৈ যায়। ৰিয়ানে ৩৬ ৰান কৰে।

শেষ অভাৰত ছয় মাৰি ৰভমেন পাৱেলে ৰাজস্থানক বিজয়ী কৰে। অহা শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পুনৰ কোৱালিফায়াৰত খেলিব সঞ্জু ছেমছনৰ দলটোৱে। ইপিনে, প্ৰতিবাৰৰ দৰেই ট্ৰফীবিহীনভাৱে শেষ হ’ল আৰ চি বিৰ অভিযান।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ১৭২/৮ (ৰজত ৩৪, বিৰাট ৩৩, আৱেশ ৩/৪৪)

ৰাজস্থান ৰয়েলছঃ ১৭৬/৬ (যাশস্বী ৪৫, ৰিয়ান ৩৬, ছিৰাজ ২/৩৩)

ৰাজস্থান ৰয়েলছে ৪ উইকেটত জয়লাভ কৰে।