• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিয়ানৰ নেতৃত্বত প্ৰথম জয় ৰাজস্থান ৰয়েলছৰ; বৰ্ষাপাৰাত ৬ ৰানত পৰাস্ত কৰিলে ধোনীৰ দল চেন্নাইক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 7:28 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে আইপিএলৰ চলিত চিজনত প্ৰথম জয় সাৱ্যস্ত কৰিলে। প্ৰথম দুখন মেচত পৰাজয়ৰ পিছত ৰাজস্থানৰ এই জয় ৰিয়ান পৰাগৰ অধিনায়কত্বৰ বাবেও স্মৰণীয় হৈ ৰ’ব। দেওবাৰে নিশা গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত খেলখনত ৰাজস্থানে চেন্নাইক ৬ ৰাণত পৰাস্ত কৰে।

ঋতুৰাজ গাইকোৱাড আৰু ৰবীন্দ্ৰ জাদেজাৰ যুঁজ কামত নাহিল। মহেন্দ্ৰ সিং ধোনিৰ দলটোৰ জয়ৰ স্বপ্ন আধৰুৱা হৈয়েই ৰ’ল। দুখন মেচৰ পৰাজয়ৰ অন্তত ৰাজস্থানে জয়লাভ কৰিলে। নীতিশ ৰানাই ৩৬টা বলত ৮১ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে। অধিনায়ক ৰিয়ান পৰাগে (৩৭) যোগ্য সংগ আগবঢ়ায়।

Apply Now

শ্ৰীলংকাৰ জাতীয় দলৰ ক্ৰিকেটাৰ হাছাৰাংগাই বলিঙত নিজৰ আধিপত্য প্ৰদৰ্শন কৰে। নীতিশৰ বেটিং আৰু ৱানন্দু হাছাৰাংগাৰ বলিঙৰ বাবেই দেওবাৰে ৰাজস্থানে অনায়াসে জয়লাভ কৰে। দেওবাৰে গুৱাহাটীত শেষ মুহূৰ্তলৈকে দৰ্শকে ৰুদ্ধশ্বাস ক্ৰিকেটৰ সাক্ষী হৈছিল।

চেন্নাইয়ে টছত জয়লাভ কৰি বলিং কৰিবলৈ সিদ্ধান্ত লয়। আৰম্ভণিতে যশস্বী জয়ছোৱালৰ উইকেট দখল কৰে খলিল আহমেদে। অৱশ্যে সঞ্জু চেমছনৰ সৈতে নীতিশ ৰাণাই ক্ৰীজত যোগ দিয়াৰ লগে লগেই খেলখনে বেলেগ ৰূপ লয়। একেৰাহে দুখন মেচত ৰান কৰিব নোৱাৰা নীতিশে গুৱাহাটীত বিস্ফোৰক বেটিং কৰে। তেওঁ জেমী অভাৰটন, অশ্বিন, খলিলে কাকো ৰেহাই দিয়া নাছিল।

এই সময়ত ৰাজস্থানে ধুমুহাৰ গতিৰে ৰান সংগ্ৰহ কৰি আছিল। এটা সময়ত এনে লাগিছিল যেন এটা শতক কেৱল সময়ৰ অপেক্ষা। কিন্তু জীৱনৰ দৰেই অনিশ্চিত ক্ৰিকেটো। দ্বাদশ অভাৰত ৮১ ৰানত অশ্বিনে ৰাণাক আউট কৰে। ৪০ বছৰীয়া ধোনীয়ে পুনৰ দুৰন্ত ষ্টাম্পিংৰে আউট কৰে। ইয়াৰ পিছত খেলৰ গতি লেহেমীয়া হ’ল। ৰিয়ান পৰাগে নিজস্ব ভংগীত ৩৭ ৰান সংগ্ৰহ কৰি উভতি যায়। ধ্ৰুৱ জুৰেল (৩), ৱানন্দু হাছৰাংগাই (৪) ৰান নাপালে। শেষত ৰাজস্থানৰ স্ক’ৰব’ৰ্ড ১৮২/৯ত স্তব্ধ হৈ পৰে।

১৮৩ ৰানৰ লক্ষ্য খেদি চেন্নাইৰ আৰম্ভণি ভাল নহ’ল। প্ৰথম অভাৰতে ৰাচিন ৰবিন্দ্ৰ (০) ৰানত আউট হয়। আনহাতে, ভাল আৰম্ভণিৰ পিছতো ৰাহুল ত্ৰিপাঠীক ৱানিন্দু হাছৰাংগাৰ বলত শ্বিমৰন হেটমায়াৰে কেচ ধৰে। তেওঁ ১৯টা বলত ৩টা চাৰি আৰু এটা ছয়ৰ সহায়ত ২৩ ৰান সংগ্ৰহ কৰে।

কিন্তু ঋতুৰাজ গাইকোৱাডৰ বেটিং চাই অনুভৱ হৈছিল যেন চেন্নাইয়ে মেচখন জয়ী হ’ব পাৰে। এটা সময়ত ৰবীন্দ্ৰ জাদেজা আৰু ঋতুৰাজৰ যুটিয়ে ৩৭ ৰান সংগ্ৰহ কৰিছিল। কিন্তু ৬৩ ৰান সংগ্ৰহ কৰাৰ পিছত আগ্ৰাসী বেটিঙৰ বাবে ঋতুৰাজে উইকেট হেৰুৱাই পেলায়।

ইয়াৰ পিছতে ৰবীন্দ্ৰ জাদেজাই আপ্ৰাণ চেষ্টা কৰিছিল যদিও মেচখনত জয়ী হ’ব নোৱাৰিলে। তেওঁ ৩২ ৰানত অপৰাজিত হৈ থাকে। খেলখনৰ শেষৰ পিনে মনোৰঞ্জন দিবলৈ উপস্থিত হৈছিল ধোনী। আহিয়েই এটা চাৰি আৰু এটা ছয় মাৰিলে। এটা সময়ত এনে লাগিছিল যেন পুৰণি ধোনী চমকেৰে চেন্নাইয়ে মেচত জয়ী হ’ব! কিন্তু সকলো ফুটুকাৰ ফেন হৈ পৰিল। সন্দীপ শৰ্মাৰ বলত হেটমায়াৰৰ হাত কেচ দি পেভিলিয়নলৈ উভতিল অধিনায়ক কুল। অৱশেষত চেন্নাইৰ ইনিংছ ১৭৬ ৰানতে স্তদ্ধ হৈ পৰে। ৰাজস্থানে ৬ ৰানত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

ৰাজস্থান ৰয়েলছ : ১৮২/৯ (নীতিশ ৮১, ৰিয়ান ৩৭, নূৰ ২/২৮)

চেন্নাই ছুপাৰ কিংছ : ১৭৬/৬ (ঋতুৰাজ ৫০, জাদেজা ৩২, হাছাৰংগা ৪/৩৫)

ৰাজস্থানে ৬ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd