IPL 2024: যশস্বীৰ অনবদ্য শতকেৰে দুৰ্দান্ত জয় ৰাজস্থানৰ; প্লে অফলৈ যোৱাৰ পথ কঠিন হ’ল হাৰ্দিকৰ মুম্বাইৰ

অপ্ৰতিৰোধ্য গতিৰে আগবাঢ়িছে ৰাজস্থান ৰয়েলছ। আঠখনৰ ভিতৰত ৭খনতে জয়লাভ কৰিছে ছেমছন বাহিনীয়ে। সোমবাৰে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰি আই পি এল লীগ তালিকাৰ শীৰ্ষতে থাকি গ’ল ৰাজস্থান ৰয়েলছ। মেচখনত পৰাজয়ৰ ফলত মুম্বাই ইণ্ডিয়ানছৰ ওপৰত অধিক চাপ পৰিল।

সোমবাৰে যশস্বী জয়ছোৱালৰ বেটৰ তাণ্ডৱত দিশহাৰা হৈ পৰে। মুম্বাইৰ বলাৰক বিপৰ্যস্ত কৰিয়েই তেওঁ মেচখনৰ ফলাফল হাতত লৈ ৰাজস্থানৰ ড্ৰেছিং ৰুমলৈ যায়। এইবাৰৰ আই পি এলত তেওঁ নিজৰ নামৰ সৈতে ন্যায় কৰিব পৰা নাছিল। কিন্তু তেওঁ মুম্বাইৰ বিৰুদ্ধে পুনৰ নিজৰ যশ ঘুৰাই আনিলে। তেওঁ অনবদ্য শতক অৰ্জন কৰে। বাটলাৰে আউট হোৱাৰ পিছত এককভাৱে দলটোক টানি নিয়ে।

যশস্বীৰ আক্ৰমণাত্মক বেটিঙৰ বাবেই ৰাজস্থানে খেলখনত সহজে জয়লাভ কৰে। যশস্বীয়ে ১০৪ ৰান (৯ চাৰি, ৭ ছয়)ৰে অপৰাজিত হৈ থাকে। খেলখনত ৮টা বল বাকী থকা অৱস্থাত ৰাজস্থান ৰয়েলছে জয়লাভ কৰে।

প্ৰতিখন মেচেই হাৰ্দিক পাণ্ডিয়াৰ দলৰ বাবে মৰণপণ যুঁজ হৈ পৰিছে। মেচত পৰাস্ত হোৱাৰ অৰ্থ হ’ল নিজকে আৰু অধিক বিপদত পেলোৱা। প্লে অফৰ পথটো কঠিন কৰি তোলা। এই দিনটোত হাৰ্দিক পাণ্ডিয়াৰ দলৰ পৰাজয় বিপদৰে ইংগিত।

টছত জয়লাভ কৰি মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰে। কিন্তু আৰম্ভণিৰে পৰাই মুম্বাই দুৰ্যোগৰ সন্মুখীন হয়। ট্ৰেণ্ট ব’ল্টৰ বিৰুদ্ধে হিটমেনৰ দুৰ্বলতা এতিয়াও দূৰ হোৱা নাই। পুনৰ বল্টৰ বলি হয় ৰোহিত (৬)। আনহাতে, ঈশানে কিষাণে একাউণ্ট খুলিবই নোৱাৰিলে। সন্দীপ শৰ্মাই তেওঁক ঘূৰাই পঠালে।

সূৰ্যকুমাৰ যাদৱেও ৰান নাপালে। “স্কাই” মাত্ৰ ১০ ৰান লৈ ডাগ আউট হৈ উভতি আহিবলগীয়া হয়। সন্দীপ শৰ্মাৰ চিকাৰ হয় তেওঁ। তিলক ভাৰ্মা আৰু মহম্মদ নবীয়ে ৩২ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে।

যুজবেন্দ্ৰ চাহালে নৱীক ২৩ ৰানত আউট কৰি অভিলেখ গঢ়ে। তেওঁ আই পি এলত ২০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হোৱা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। এই মেচখনৰ বলৰ আগতে তেওঁৰ হাতত আছিল ১৯৯টা উইকেট। মুম্বাইৰ বিৰুদ্ধে এটা উইকেট দখল কৰি চাহালে এক নতুন কৃতিত্ব অৰ্জন কৰে। ৰাজস্থানৰ জাৰ্চিত তেওঁৰ ৬১টা উইকেট আছে। অৱশ্যে আই পি এল কেৰিয়াৰত তেওঁ আৰ চি বিৰ জাৰ্চিত সৰ্বাধিক উইকেট দখল কৰিছে।

এটাৰ পিছত এটা উইকেট হেৰুৱাই মুম্বাই ইণ্ডিয়ানছ চাপত পৰা সময়তে তিলক আৰু নেহালে পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। এই দুই বেটছমেনে মুম্বাইৰ ইনিছংৰ সুদৃঢ় ভিত্তি গঢ়িবলৈ চেষ্টা কৰিছিল। তেওঁলোকে ৯৯ ৰান সংগ্ৰহ কৰে। নেহালৰ বাবে দুৰ্ভাগ্য। তেওঁ ৪৯ ৰান সংগ্ৰহ কৰে। নেহালৰ ইনিংছটোত আছিল তিনিটা বাউণ্ডেৰী আৰু ৪টা ছয়।

এই পৰিস্থিতিৰ পৰাই মুম্বাই ইণ্ডিয়ানছৰ ইনিংছ ১৭৯ ৰানত পতন ঘটে। সন্দীপ শৰ্মাই তেওঁলোকৰ ইনিংছত ভাঙোন আনে। দিনটোৰ শেষত তেওঁৰ নামৰ কাষত লিখা ৰ’ল পাঁচ উইকেট। সন্দীপে ৪ অভাৰত ১৮ ৰানত ৫ টা উইকেট দখল কৰে। তিলক ভাৰ্মা (৬৫)ও সন্দীপৰ চিকাৰ হয়। তিলক আৰু নেহালে ৰান নকৰিলে হয়তো মুম্বাইৰ ইনিংছ আগতে শেষ হ’লহেঁতেন। শেষত মুম্বাইৰ কোনেও থিয় দিব নোৱাৰিলে।

ৰাণ অতিক্ৰম কৰিবলৈ নমা ৰাজস্থানৰ ইনিংছৰ ষষ্ঠ অভাৰত বৰষুণ দিছিল। চল্লিশ মিনিটৰ পিছত খেলখন পুনৰ আৰম্ভ হ’ল। কিন্তু ৰাজস্থানৰ ইনিংছত অভাৰৰ সংখ্যা কৰ্তন নহ’ল। ৰাজস্থানৰ ইনিংছত পিযুষ চাওলাই আঘাত হানে। বিপজ্জনক হৈ পৰা বাটলাৰ (৩৫)ক পিযুষে বোল্ড কৰে। বাটলাৰ আৰু যশস্বী জয়ছোৱালে প্ৰথম যুটিত ৭৪ ৰান সংগ্ৰহ কৰে।

বাটলাৰ উভতি অহাৰ পিছত যশস্বী জয়ছোৱালে ৰাজস্থানৰ ইনিংছ টানি লৈ যায়। তেওঁ ৩১টা বলত পঞ্চাশ ৰান কৰে। যশস্বী কেচ পৰিল। সঞ্জু চেমছনৰ কেচ পেলায় মুম্বাইৰ টিম ডেভিদে। মুম্বাইৰ ফিল্ডিং আছিল নিষ্প্ৰভ।মুম্বাইয়ে কেচ ড্ৰপ কৰিয়েই যেন মেচখনত পৰাস্ত হ’ল। যশস্বী জয়ছোৱালে এক দুৰ্দান্ত ইনিংছ খেলিলে। সঞ্জু ছেমছনেও  যোগ্য সংগ দিলে। তেওঁ আৰু যশস্বীয়ে ১১০ ৰান যোগ দি জয় নিশ্চিত কৰে। এতিয়া সকলোৰে শীৰ্ষত ৰাজস্থান।

সংক্ষিপ্ত স্কোৰঃ

মুম্বাই ইণ্ডিয়ানছ-১৭৯/৯ (তিলক ৬৫, সন্দীপ ৫/১৮)

ৰাজস্থান ৰয়েলছ-১৮৩/১ (যশস্বী ১০৪*, সঞ্জু ৩৮*)

ৰাজস্থানে ৯ উইকেটত জয়লাভ কৰে।