• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যশস্বী-ৰিয়ান-আৰ্চাৰৰ দুৰ্দান্ত প্ৰত্যাৱৰ্তন; পঞ্জাবৰ বিৰুদ্ধে ৫০ ৰানৰ অনবদ্য জয় ৰাজস্থানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2025 7:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেটছমেনসকলে মেচৰ আৰম্ভণিতে জয়ৰ ভেটি তৈয়াৰ কৰিছিল। তাৰপিছত ৰাজস্থানৰ বলাৰসকলে শীতল মগজুৰে খেলখন শেষ কৰে। প্ৰথমে বেটিং কৰি যশস্বী, সঞ্জু, আৰু ৰিয়ানে পঞ্জাৱৰ বলাৰক মূৰ তুলিবলৈকে নিদিলে। ৰাজস্থানে ৪ উইকেটত ২০৫ ৰান সংগ্ৰহ কৰে।

দ্বিতীয় ইনিংছত বলিঙেৰে জিলিকি উঠে জোফ্ৰা আৰ্চাৰ, হাছাৰংগাৰ বাহিনী। আৰ্চাৰে এককভাৱে ৩টা উইকেট দখল কৰি পঞ্জাৱৰ বেটিং লাইন আপ ভাঙি পেলায়। নেহাল ৱাধেৰা আৰু মেক্সৱেলৰ আপ্ৰাণ প্ৰচেষ্টা বিফল হয়। ৫০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হয় পঞ্জাব।

Apply Now

পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। তেওঁৰ লক্ষ্য আছিল ঘৰুৱা খেলপথাৰত ৰান অনুসৰণ কৰি জয়ী হোৱা। তেওঁ নিজেও আছিল দুৰ্দান্ত ফৰ্মত। কিন্তু এই মেচত পঞ্জাৱৰ বলাৰসকলে কোনো প্ৰভাৱ পেলাবলৈ ব্যৰ্থ হয়। ৰাজস্থানে আৰম্ভণিৰে পৰাই ডাঙৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। অপেনিং পাৰ্টনাৰশ্বিপত যশস্বী জয়ছৱাল আৰু সঞ্জু চেমচনে ৮৯ ৰান সংগ্ৰহ কৰে। লকি ফাৰ্গুচনে সঞ্জুক ৩৮ ৰানত আউট কৰি পাৰ্টনাৰশ্বিপ ভংগ কৰে। কিন্তু যশস্বীয়ে হাৰ নামানিলে।

প্ৰথম তিনিখন মেচত ডাঙৰ ৰান নাপালেও শনিবাৰে পুনৰ ফৰ্মলৈ ঘূৰি আহে জয়ছোৱাল। বৰ্তমানৰ আই পি এলত তেওঁ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। তেওঁ ৪৫টা বলত ৬৭ ৰান সংগ্ৰহ কৰি ফাৰ্গুচনৰ বলত আউট হয়। যোৱা মেচখনত বৃহৎ ৰান সংগ্ৰহ কৰা নীতিশ ৰাণাই ১২ ৰান সংগ্ৰহ কৰি উভতি যায়। হেটমায়াৰে ৫ নম্বৰত নামি ২০ ৰান সংগ্ৰহ কৰে।

কিন্তু শেষলৈকে বৰ্তি থাকিল ৰিয়ান পৰাগ। ৰিয়ানে ২৫টা বলত ৪৩ ৰানৰ এটা দুৰ্দান্ত ইনিংছ খেলে। ৩টা চাৰি আৰু ৩ টা বিশাল ছয় কোবায়। ৰাজস্থানে ৪টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে।

Powerful Punch 🤝 Wristy Flick

Riyan Parag with a final flourish 💪#RR eye a strong finish 🧐

Updates ▶ https://t.co/kjdEJydDWe#TATAIPL | #PBKSvRR | @rajasthanroyals pic.twitter.com/CMO22Wetgi

— IndianPremierLeague (@IPL) April 5, 2025

ইয়াৰ প্ৰত্যুত্তৰত প্ৰথম অভাৰত দুটা উইকেট হেৰুৱাই অস্থিৰ হৈ পৰে পঞ্জাৱ কিংছ। প্ৰথমটো বলত জোফ্ৰা আৰ্চাৰে প্ৰিয়াংশ আৰ্য্যক বল্ড কৰে। শ্ৰেয়াছে বেটিং কৰিবলৈ নামি দুটা বাউণ্ডেৰী মাৰিছিল যদিও প্ৰথম অভাৰৰ শেষ বলত আৰ্চাৰে তেওঁৰ উইকেট লয়। ইংলেণ্ডৰ এই পেচাৰজনে প্ৰথম তিনিখন মেচত সন্মুখীন হোৱা সমালোচনাৰ উত্তৰ যেন প্ৰথম অভাৰতে দিছিল।

মাৰ্কাছ ষ্টইনিছ মাত্ৰ ১ ৰানতে আউট হৈছিল। ১৭ ৰান সংগ্ৰহ কৰি উভতি যায় প্ৰভসিমৰণ সিঙে। ৪৩ ৰানত ৪ টা উইকেট যোৱাৰ পিছত দলটোৰ দায়িত্ব লয় গ্লেন মেক্সৱেল আৰু নেহাল ৱাধেৰাই। তেওঁলোকে ৮৮ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলে।

Masterclass in Pace and Precision 🔥

For his fiery spell that set the tone early with the ball, Jofra Archer bags the Player of the Match award 🏆

Scorecard ▶ https://t.co/kjdEJydDWe#TATAIPL | #PBKSvRR | @JofraArcher pic.twitter.com/NO4A8KgY5H

— IndianPremierLeague (@IPL) April 5, 2025

এটা সময়ত পঞ্জাবে মেচখনৰ নিয়ন্ত্ৰণ লৈছিল। কিন্তু একেৰাহে দুটা বলত দুটা উইকেট দখল কৰি পুনৰ খেলখনলৈ আহে ৰাজস্থানে। ৪১টা বলত ৬২ ৰান সংগ্ৰহ কৰি আউট হয় নেহালে। মেক্সৱেলে ২১টা বলত ৩০ ৰান সংগ্ৰহ কৰি উভতি যায়। শেষত পঞ্জাব ১৫৫ ৰানত অল আউট হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে   

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে  

June 14, 2026 10:01 am
‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

June 14, 2026 9:31 am
ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

June 14, 2026 8:43 am
FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

June 14, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে   

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে  

June 14, 2026 10:01 am
‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

June 14, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd