এইবাৰ বিজেপি শাসিত ৰাজস্থানত গণপ্ৰহাৰ ফলত মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। মঙলবাৰে নিশা সময় দীন নামৰ এজন ট্ৰাক চালকৰ এই ঘটনাত মৃত্যু হয়। নিহত ট্ৰাক চালকজনৰ ঘৰ খায়েৰথালত আছিল।
সূত্ৰ অনুসৰি, মঙলবাৰে নিশা প্ৰায় ১১:৩০ বজাত ২৯ বছৰীয়া সময় দীনে তেওঁৰ ট্ৰাকখন বিলাচপুৰত পাৰ্ক কৰি মটৰচাইকেলেৰে গাঁৱলৈ ঘূৰি আহিছিল। অভিযোগ অনুসৰি, সেই সময়ত চামৰোদা আৰু মঞ্চা গাঁৱৰ মাজৰ অঞ্চলত ১৬ জনতকৈও অধিক লোকে তেওঁৰ মটৰচাইকেল ৰখাই লাঠী, লোৰ ৰড আৰু ফ্ৰেঞ্চ বেল্টেৰে তেওঁক আক্ৰমণ কৰে।
নিহত সময় দীনৰ ভায়েক তাহিৰ খানে কিষণগড় বাছ থানাত এক এজাহাৰ দাখিল কৰিছে। তেওঁৰ অভিযোগত গাঁৱৰ পঞ্চায়ত প্ৰধান হানিফকে ধৰি মুঠ ১৬ জন লোকৰ নাম উল্লেখ কৰা হৈছে। তাহিৰে অভিযোগ কৰে যে আক্ৰমণৰ পিছত আহত সময় দীনক পঞ্চায়ত প্ৰধানৰ ঘৰলৈ লৈ যোৱা হয়, য‘ত তেওঁক অধিক নিষ্ঠুৰভাৱে মাৰপিট কৰা হয়। তাহিৰৰ দাবী অনুসৰি, সময়ৰ শৰীৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মূমুৰ্ষ হৈ পৰিছিল।
তাহিৰ খানৰ অভিযোগ মতে, মঙলবাৰে নিশাই অভিযুক্তসকলে সময়ক মৃত বুলি ভাবি কিষাণগড় বাছ চৰকাৰী হাস্পতালৰ গেটৰ ওচৰত পেলাই থৈ যায়। হাস্পতালৰ কৰ্মচাৰীসকলে তেওঁৰ চিকিৎসা কৰিবলৈ চেষ্টা কৰে। কিন্তু, সময়ৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ডাক্তৰসকলে তেওঁক আলৱাৰলৈ প্ৰেৰণ কৰে। চিকিৎসালয়লৈ যোৱাৰ পথতে তেওঁৰ মৃত্যু হয়।
সময়ৰ পৰিয়ালৰ দাবী, মৃত্যুৰ পূৰ্বে তেওঁ সমগ্ৰ ঘটনাৰ বৰ্ণনা কৰিছিল। লগতে আক্ৰমণকাৰী সকলোৰে নামো জনাইছিল। তাহিৰৰ দাবী হৈছে, আৰক্ষীয়ে শীঘ্ৰেই সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগে।
আৰক্ষীয়ে এই ঘটনাত হত্যাৰ গোচৰ ৰুজু কৰিছে আৰু বৰ্তমান অভিযুক্তসকলৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰিছে।




