• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা, উচিত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2021 2:54 pm
Rajkanya Baruah may be arrested again, CM orders proper probe
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।

কিন্তু ৰাজকন্যা বৰুৱাই জামিন লাভ কৰাৰ পিছতেই এক বিতৰ্কৰ সূত্ৰপাত হৈছিল। বিভিন্নজনে তদন্তকাৰী আৰক্ষী বিষয়ালৈ সন্দেহৰ আঙুলি উঠাইছিল।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।

Apply Now

প্ৰচাৰ হোৱা ভিডিঅ’ত স্পষ্টৰূপত দেখা গৈছে যে ৰাজকন্যা বৰুৱাই কৰ্তব্যৰত আৰক্ষী বিষয়াক কেৱল কৰ্তব্য সম্পাদনতে বাধা প্ৰদান কৰা নাছিল, তেওঁ কৰ্তব্যৰত আৰক্ষী বিষয়াক ঘটনাস্থলীটো আৰু আৰক্ষী থানাটো দুৰ্ব্যৱহাৰ কৰিছিল, অপমান কৰিছিল। তাৰ ফুটেজ সংবাদ মাধ্যমতো সম্প্ৰচাৰ হৈছে।

তাৰ পিছতো এই ধাৰাত ৰাজকন্যা বৰুৱাই কেনেকৈ জামিন পালে এই লৈ প্ৰশ্ন উত্থাপন হৈছিল।

তদুপৰি সুৰামত্ত হৈ দ্ৰুত গতিৰে গাড়ী চলোৱা মটৰ ভেহিকল এক্টৰ ১৮৫ ধাৰাটো যুৱতীগৰাকীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নহ’ল।

আৰক্ষীয়ে সুৰামত্ত হৈ গাড়ী চলোৱাৰ বাবে ৰাজকন্যাৰ বাবে আইপিচি ৩০৪(এ) আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ৰ অধীনত ১৮৫ ধাৰা প্ৰয়োগ কৰা নাই। অথচ ভিডিঅ’ত দেখা গৈছে যুৱতীগৰাকী সুৰামত্ত আছিল আৰু আৰক্ষীয়ে নিজেও সংবাদ মাধ্যমত এই কথা স্বীকাৰ কৰিছে।

এই ধাৰাত কেইটাত গোচৰ ৰুজু কৰি আদালতত এই অপৰাধৰ প্ৰমাণ হ’লে অপৰাধীয়ে জৰিমনা ভৰাৰ উপৰিও ছমাহৰ পৰা দুবছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰে।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ বাকী দুটা ধাৰা প্ৰয়োগ কৰিলেও ৩০৪(এ) আৰু মটৰ ভেহিকল এক্টৰ ১৯৮৮ৰ অধীনত ১৮৫ নং ধাৰাত কিয় আৰক্ষীয়ে গোচৰ ৰুজু নকৰিলে বুলিও বিভিন্নজনে প্ৰশ্ন কৰিছিল।

তদুপৰি কাৰ্ফিউ ভংগৰ বিৰুদ্ধেও গোচৰ ৰুজু নহ’ল যুৱতীগৰাকীৰ ক্ষেত্ৰত।

অভিযুক্ত যুৱতীগৰাকী ধনৱন্ত হোৱাৰ লগতে দুৰ্ঘটনাত পতিত লোক কেইজন শ্ৰমিক হোৱাৰ বাবেই ৰাজকন্যা বৰুৱাৰ বিপক্ষে আৰক্ষী নৰম হ’ল নেকি !

এই ক্ষেত্ৰত আৰক্ষীৰ ওপৰতো সন্দেহৰ আঙুলি উঠা দেখিবলৈ পোৱা গৈছে। আৰক্ষী তথা তদন্তকাৰী আৰক্ষীয়ে পালন কৰা আপোচকামী ভূমিকাৰ বাবে অভিযুক্তই হাৰি যাব পাৰে বুলি অভিযোগ উত্থাপিত হৈছিল।

বিশেষকৈ জৰিমনা বিহীন ৩৫৩ ধাৰাৰ গোচৰটো আদালাতত উঠাৰ পূৰ্বেই আৰক্ষীয়ে ভুৱা বুলি গোচৰটোৰ পৰা উক্ত ধাৰাটো বাতিল কৰিব লাগিব। নহ’লে উক্ত ধাৰাটোত অভিযুক্ত জামিন লাভ কৰাটো সম্ভৱ নহয়।

উল্লেখ্য যে দুৰ্ঘটনাত পতিত দুজন শ্ৰমিকৰ বৰ্তমান অৱস্থা সংকটজনক। এজন শ্ৰমিকে হেৰুৱাইছে ভৰি। যোচেফ নামৰ এই শ্ৰমিকজনে ঘটনাস্থলীতে এটা ভৰি হেৰুওৱাৰ পাছত চিকিৎসালয়ত আনটো ভৰি হেৰুৱাব লগা হয়।

ৰাজকন্যা বৰুৱাই জামিন লাভ কৰাৰ পিছতেই সামাজিক মাধ্যমত সমালোচনাত মুখৰ হৈছিল বিভিন্নজন।

তাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাটোৰ সন্দৰ্ভত নতুনকৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।

তদুপৰি এই ঘটনাৰ তদন্তত জড়িত থকা আৰক্ষী বিষয়াৰ ওপৰতো তদন্ত চলোৱা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd