অসমৰ ১,০০০ শিশু, প্ৰাপ্তবয়স্কৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিব ৰাজকোটৰ এটি ন্যাসে

ৰাজকোটস্থিত প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনে অসম চৰকাৰৰ সৈতে অসমৰ ১,০০০ শিশু আৰু প্ৰাপ্তবয়স্কলোকৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে।

অসমৰ স্বাস্থ্য বিভাগ আৰু প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি ৰাজকোট আৰু আহমেদাবাদৰ শ্ৰী সত্য সাই হাৰ্ট হাস্পাতালে ৫০০ শিশু আৰু সুবিধাবঞ্চিত শ্ৰেণীৰ সম সংখ্যক প্ৰাপ্তবয়স্কৰ  অত্যাধুনিক হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিব আৰু দুবছৰৰ ভিতৰত প্ৰয়োজনীয় চিকিৎসাসেৱা আগবঢ়াব।

লগতে পঢ়ক: বিপিএফৰ প্ৰাক্তন বিধায়ককে ধৰি ৩ জন বড়ো নেতাক গ্ৰেপ্তাৰ; ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া

শ্ৰী সত্য সাই চিকিৎসালয় প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত এক দাতব্য ন্যাস আৰু দেশৰ একমাত্ৰ চিকিৎসালয় য’ত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয়।

ৰাজ্যখনৰ বাসিন্দাসকলক সুলভ স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমাজৰ সুবিধাবঞ্চিত শ্ৰেণীৰ লোকসকলক তেওঁলোকৰ সেৱা আগবঢ়োৱাৰ বাবে প্ৰশান্তি চিকিৎসা সেৱা আৰু গৱেষণা ফাউণ্ডেচনৰ ট্ৰাষ্টীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যদিও এই চুক্তিৰ অধীনত ৰোগীসকলৰ অস্ত্ৰোপচাৰ আৰু সম্পৰ্কিত চিকিৎসাৰ সম্পূৰ্ণ ব্যয় ৰাজকোটস্থিত দাতব্য ন্যাসে বহন কৰিব, ৰাজ্য চৰকাৰেও ৰোগী আৰু তেওঁলোকৰ পৰিচাৰকসকলৰ ভ্ৰমণ আৰু বিবিধ ব্যয় বহন কৰিব।

মুখ্যমন্ত্ৰীয়ে কয় যে শনিবাৰে স্বাক্ষৰিত চুক্তিৰ বিশেষত্ব হৈছে যে ৰাজ্য চৰকাৰে ভ্ৰমণ আৰু বিবিধ ব্যয়ৰ বাহিৰে চিকিৎসা সেৱাৰ বাবে এটা পইচাও পৰিশোধ কৰিব নালাগে।

লগতে পঢ়ক: এবছৰ পূৰ্বে ধৰ্ষণ কৰা অভিযুক্তৰ মাতৃক গুলীয়াই নিৰ্যাতিতা কিশোৰীৰ প্ৰতিশোধ!

অনুষ্ঠানটোত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশব মহন্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু মুখ্য সচিব (স্বাস্থ্য) অবিনাশ যোশী আৰু প্ৰশান্তি চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ মেনেজিং ট্ৰাষ্টী মনোজ ভিমানিও উপস্থিত আছিল।