• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপিএফৰ প্ৰাক্তন বিধায়ককে ধৰি ৩ জন বড়ো নেতাক গ্ৰেপ্তাৰ; ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
January 8, 2023 9:06 am
কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নবনীতা শৰ্মাই দাবী কৰিছে যে এদল লোকে বিটিআৰত এটা নতুন উগ্ৰপন্থী সংগঠন গঠনৰ চেষ্টা কৰি আছে।

কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নবনীতা শৰ্মাই দাবী কৰিছে যে এদল লোকে বিটিআৰত এটা নতুন উগ্ৰপন্থী সংগঠন গঠনৰ চেষ্টা কৰি আছে।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীয়ে বিপিএফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক অবৈধ অস্ত্ৰ ৰখা আৰু এটা নতুন বিদ্ৰোহী সংগঠন গঢ়াৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দাবী কৰে যে কোকৰাঝাৰ আৰক্ষীৰ তালাচীৰ সময়ত বাক্সা জিলাৰ মুছলপুৰত বসুমতাৰীৰ ঘৰৰ পৰা এটা এ কে চিৰিজৰ ৰাইফল আৰু এটা এম-১৬ ৰাইফলসহ বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে আন দুজন বড়ো নেতা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ (বিজেএছএম) কাৰ্যকৰী সভাপতি দাওৰাও দেখৰেব নাৰ্জাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ (বিচিএ) সভাপতি বিক্ৰম দৈমাৰীকো গ্ৰেপ্তাৰ কৰিছে।

তিনিওজনকে বিটিআৰত এটা নতুন উগ্ৰপন্থী সংগঠন গঠনৰ সন্দেহজনক কাৰ্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

Apply Now

লগতে পঢ়ক: ৰাষ্ট্ৰপতিৰ প্ৰস্ৰাৱ কৰা ভিডিঅ’ লোৱাৰ বাবে গ্ৰেপ্তাৰ ৬ সাংবাদিক

সূত্ৰসমূহে কয় যে বিজেএছএমৰ কাৰ্যকৰী সভাপতি আৰু বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ (বিএচি) প্ৰাক্তন ইএম দাওৰাও দেখৰেব নাৰ্জাৰীক শনিবাৰে পুৱতি নিশা কোকৰাঝাৰত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক শনিবাৰে ৰাতিপুৱা বাক্সা জিলাৰ মুছলপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। পিছত তেওঁক সোধা-পোছাৰ বাবে কোকৰাঝাৰলৈ অনা হৈছে।

আৰক্ষীৰ দলটোৱে তেওঁৰ বাসগৃহৰ পৰা এটা একে-৪৭ ৰাইফল, এটা এম-১৬ ৰাইফল, দুটা মেগাজিন আৰু ১২৬ ৰাউণ্ড গুলী উদ্ধাৰ কৰে বুলি এজন বিষয়াই জানিবলৈ দিয়ে ।

আনহাতে, বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰীক কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও উপ-সংমণ্ডলৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত তেওঁৰ শহুৰেকৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নবনীতা শৰ্মাই দাবী কৰিছে যে এদল লোকে বিটিআৰত এটা নতুন উগ্ৰপন্থী সংগঠন গঠনৰ চেষ্টা কৰি আছে।

লগতে পঢ়ক: ৰাষ্ট্ৰ বিৰোধী প্ৰতিবাদৰ অভিযোগ! আৰু দুজন প্ৰতিবাদকাৰীক মৃত্যুদণ্ড দিলে ইৰানে

তেওঁ কয় যে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে তিনিজন ব্যক্তি ডিডি নাৰ্জাৰী, হিতেশ বসুমতাৰী আৰু বিক্ৰম দৈমাৰীক তেওঁলোকৰ নতুন উগ্ৰপন্থী সংগঠন গঠনৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

তেওঁ লগতে কয় যে গ্ৰেপ্তাৰ কৰা তিনিজন ব্যক্তিৰ ভিতৰত দুজনক আৰক্ষীয়ে জেৰাৰ বাবে পাঁচ দিনৰ জিম্মাত লৈছে আৰু তৃতীয়জনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ জনায় যে জেৰা চলি আছে আৰু তদন্ত শেষ হোৱাৰ পিছত সকলো পোহৰলৈ আহিব।

আৰক্ষীৰ কাৰ্যকলাপৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বড়ো নেচনেল ষ্টুডেণ্টছ ইউনিয়নৰ (BONSU) সভাপতি বনজিৎ মঞ্জিল বসুমতাৰীয়ে কয় যে বড়ো নেতাসকলক আৰক্ষীয়ে মিছা অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

বসুমতাৰীয়ে কয়, “আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা বুলি কৰা দাবীত কোনো সত্যতা নাই। এইটো সম্পূৰ্ণ ভিত্তিহীন অভিযোগ।‘’

তেওঁ কয় যে এয়া চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে জনতাৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰা ষড়যন্ত্ৰও হ’ব পাৰে।

লগতে পঢ়ক: আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী; হেকাৰৰ কবলত টুইটাৰ, ২৩ কোটি একাউণ্টৰ তথ্য ফাদিল!

তেওঁ কয় যে বিজেএছএমৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখৰেব নাৰ্জাৰীয়ে সমষ্টি সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত এছ টি সমষ্টিসমূহ সংৰক্ষণ মুক্ত কৰাৰ চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে মাত মাতিছিল।

তেওঁ লগতে কয় যে নাৰ্জাৰীয়ে জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ সুৰক্ষা আৰু জনজাতীয় ভূমিত অবৈধ বেদখলৰ বাবেও মাত মাতিছিল।

তেওঁ নাৰ্জাৰী আৰু গ্ৰেপ্তাৰ কৰা আন নেতাসকলক বিনাচৰ্তে মুকলি কৰি দিবলৈ  দাবী উত্থাপন কৰে।

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm
‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd