• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

৯ কোটি টকাৰ চেক বাউন্স গোচৰত ফেব্ৰুৱাৰী মাহত তিহাৰ জেলত এঘাৰ দিন কটাবলগীয়া হৈছিল কমেডিয়ানগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 5:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনেয়ে ৯ কোটি টকাৰ চেক বাউন্স গোচৰে লগ এৰা নাই! তাতেই এক ‘ভুতৰ ওপৰত দানহ’ৰ দৰে এক নতুন আইনী জটিলতাৰ মাজত সোমাই পৰিছে ৰাজপাল যাদৱ। জুলাইৰ আৰম্ভণিতে আদালতে এই সম্পৰ্কীয় গোচৰত কমেডিয়ানগৰাকীক তিনি মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। এইবাৰ বেংকৰ পৰা কোটি কোটি টকাৰ ঋণ লৈ পৰিশোধ নকৰাৰ বাবে পুনৰ বিপদত পৰিছে ৰাজপাল যাদৱ।

খবৰ অনুসৰি, বেংক কৰ্তৃপক্ষই শ্বাহজাহানপুৰত অভিনেতা গৰাকীৰ পৈতৃক ভেটিত নিলামৰ জাননী লগাইছে। নিৰ্দিষ্ট সময়ৰ ভিতৰত টকা নিদিলে বলীউডৰ অভিনেতাজনে গাঁৱৰ মাটি আৰু ঘৰ হেৰুৱাই সৰ্বহাৰা হ’ব লাগিব।

Apply Now

আইনী দণ্ডই ৰাজপালক একেবাৰে এৰি দিয়া নাই। ৯ কোটি টকাৰ চেক বাউন্স গোচৰত ফেব্ৰুৱাৰী মাহত তিহাৰ জেলত এঘাৰ দিন কটাবলগীয়া হৈছিল কমেডিয়ানগৰাকীয়ে। পিছত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে যদিও ৰাজপাল যাদৱৰ ওপৰত কেইবাটাও চৰ্ত আৰোপ কৰে।

কিন্তু জুলাই মাহত উচ্চ ন্যায়ালয়ে আদালতৰ নিৰ্দেশ অনুসৰি অভিযোগকাৰীৰ বাকী থকা ধন পৰিশোধ নকৰাৰ বাবে বলীউডৰ অভিনেতাগৰাকীক নতুনকৈ তিনিমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। সেই ঘটনাৰ এমাহো পাৰ হোৱা নাই। ২৭ দিনৰ ভিতৰত ৰাজপালৰ সন্মুখত এইবাৰ নতুন বিপদ!

দৰাচলতে কি ঘটিছে? সূত্ৰ অনুসৰি ৰাজপাল যাদৱে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মুম্বাই শাখাৰ পৰা পত্নী ৰাধা যাদৱ আৰু মাতৃ গোদাৱৰীৰ নামত ১৬.৬১ কোটি টকাৰ ঋণ লৈছিল। কিন্তু তেওঁ সেইখিনি ঘূৰাই দিব নোৱাৰিলে। দুবছৰমান আগতে ৰাজপালক সকীয়াই দিয়া হৈছিল আৰু তেওঁৰ পৈতৃক ঘৰটো নিলাম কৰিবলৈ জাননী দিয়া হৈছিল।

সেই সময়ত বেংকে অভিনেতাজনৰ সৈতে চুক্তিত উপনীত হৈছিল যদিও ৰাজপাল যাদৱে ঋণ পৰিশোধ কৰিব নোৱাৰিলে। সেই পৰিপ্ৰেক্ষিতত এতিয়া বেংক কৰ্তৃপক্ষই শ্বাহজাহানপুৰৰ অভিনেতাগৰাকীৰ ঘৰৰ নিলামৰ জাননী জাৰি কৰিছে।

বেংকে জনোৱা মতে, অহা ৩৪ দিনৰ ভিতৰত বেংকে ধন ঘূৰাই নিদিলে ৰাজপালৰ পৈতৃক সম্পত্তি নিলাম কৰা হ’ব। নিলামৰ দিন ৯ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰা হৈছে।

এই প্ৰসংগত ৰাজপাল যাদৱৰ জ্যেষ্ঠ ভাতৃ শ্ৰীপাল যাদৱে কয় যে, “এয়া পুৰণি বিষয়। ঋণ পৰিশোধৰ সন্দৰ্ভত বেংকৰ সৈতে আলোচনা চলি আছে। অতি সোনকালে ইয়াৰ সমাধান হ’ব। বৰ্তমান সম্পত্তি নিলামৰ দৰে কোনো পৰিস্থিতি হোৱা নাই।”

কিন্তু খবৰ অনুসৰি চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াই শেহতীয়াকৈ শ্বাহজাহানপুৰৰ ৰাজপালৰ ঘৰত নিলামৰ জাননী লগাইছে। কোৱা বাহুল্য যে অভিনেতাগৰাকী বৰ্তমান ঋণৰ বোজাত জৰ্জৰিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

August 6, 2026 5:48 pm
লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

August 6, 2026 4:47 pm
বান সাহায্যৰ নামত ৰাস্তাত ধন সংগ্ৰহত নিষেধাজ্ঞা : উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

বান সাহায্যৰ নামত ৰাস্তাত ধন সংগ্ৰহত নিষেধাজ্ঞা : উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

August 6, 2026 4:27 pm
জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

নিলামত উঠিল ৰাজপাল যাদৱৰ ঘৰ; ১৬ কোটি টকাৰ ঋণ পৰিশোধ নকৰিলে হেৰুৱাব পৈতৃক ভেটি

August 6, 2026 5:48 pm
লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

লোভনীয় অফাৰৰ আঁৰত ‘ডাৰ্ক পেটাৰ্ণ’! জেপ্টো-বুক মাই শ্বো সহ ৯ টা কোম্পানীক ২০ লাখ টকা জৰিমনা

August 6, 2026 4:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd