NORTHEAST NOW (Assamese)

বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে শিৱসাগৰৰ ৰাজু গগৈৰ ব্যতিক্ৰমী পদক্ষেপ

July 30, 2019 6:43 pm · পার্শ্বজোতি গগৈ
Updated: July 30, 2019 8:06 pm
ৰাজু গগৈ। ফটো - নৰ্থ-ইষ্ট নাও

অসূয়া-অশুভ শক্তিয়ে ছানি ধৰা আমাৰ সমাজখনত যে আজিও আদৰ্শ ব্যক্তি জীয়াই আছে তাৰ এক উজ্জ্বল নিদৰ্শন শিৱসাগৰ জিলাৰ জয়ৰাপাৰ গাঁৱৰ ৰাজু গগৈ।

অঞ্চলটোৰ এগৰাকী কৰ্মঠ আৰু আদৰ্শৱান কৃষক ৰূপে পৰিচিত গগৈ শেহতীয়াকৈ তেওঁ লোৱা এক বিশেষ উদ্যোগৰ বাবে চৰ্চালৈ আহিছে।

এইবাৰৰ বানত খেতিয়কৰ দুৰ্দশা দেখি কঁপি উঠিছিল কৃষক গৰাকীৰ হৃদয়। নিজে এগৰাকী কৃষক হোৱাৰ বাবে মৰ্মে-মৰ্মে উপলব্ধি কৰিব পাৰিছিল বানে শইচ উটুৱাই খেতিয়কৰ বিড়মন্বনা।

সেয়ে বানপানীত কঠীয়া হেৰোৱা শিৱসাগৰ মহকুমাৰ কমেও ১০০জন কৃষকক তেওঁ বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ মানসেৰে ১০ বিঘা মাটিত কঠীয়া সিঁচি দিছে।

‘বিনা ২০’ নামৰ নতুন প্ৰজাতিৰ ধান বিধৰ এই কঠীয়াসমূহ এতিয়া প্ৰায় ৰুব পৰা হৈ উঠিছে। বানপীড়িত লোকক সহায় কৰাৰ মানসেৰে নিজে মাটি চহাই বেৰা দি কঠীয়া সিঁচা কাৰ্যৰ বাবে গগৈয়ে এতিয়া অঞ্চলটোৰ সকলোৰে পৰা বুটলিছে প্ৰশংসা।

উল্লেখযোগ্য যে প্ৰতি বছৰে ৫০ৰ পৰা ৫৫ বিঘা মাটিত ধান খেতি কৰি জীৱিকা নিৰ্বাহ কৰি অহা ৰাজু গগৈ এজন আদৰ্শৱান কৃষক হোৱাৰ উপৰিও বাহ-কাঠেৰে সামগ্ৰী বনোৱা এজন পাকৈত বাঢ়ৈও।

Related News