• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলফা-স্বাঃলৈ বিপদ সংকেত? প্ৰথমবাৰৰ বাবে স্বাক্ষৰ ভাৰত-ম্যানমাৰ প্ৰতিৰক্ষা চুক্তি

Nenow এন ই নাও নিউজ
নতুন দিল্লী , July 30, 2019 7:25 pm

2 min read

Joint tactical Exercise (training) of PLA (Manipur), CORCOM and United Liberation Front of Asom Independent ULFA (I) Indo-Myanmar defence agreement: Bane for ULFA-I and NE rebels?

আলফা আৰু উত্তৰ-পূবৰ অন্যান্য বিদ্ৰোহী দলৰ যুটীয়া অনুশীলনৰ ফাইল ছবি।

835
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰলৈ ভাৰত-ম্যানমাৰৰ মাজত এক প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছে; আৰু এই বুজাবুজি চুবুৰীয়া দেশখনত বাহৰ পাতি থকা আলফা-স্বাঃকে ধৰি উত্তৰ-পূবৰ বিদ্ৰোহীৰ বাবে প্ৰতিকূল হ’ব বুলি বিশ্লেষকসকলে ধাৰণা কৰিছে।

ভাৰত ভ্ৰমণৰত বাৰ্মিজ সেনা (তাতমাদাও) মুৰব্বী ছীনিয়ৰ জেনেৰেল মিং আং লাইঙে সোমবাৰে নতুন দিল্লীত এই চুক্তিত স্বাক্ষৰ কৰিছে।

বিস্তৃত আলোচনাৰ পিছত ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী শ্ৰীপদ নায়কৰ সৈতে তাতমাদাওৰ মুৰব্বীজনৰ সোমবাৰৰ বৈঠকত এই চুক্তি স্বাক্ষৰিত হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, ম্যানমাৰৰ আন কোনো চুবুৰীয়া দেশৰ সৈতে এনে প্ৰতিৰক্ষামূলক চুক্তি নাই।

বিশ্লেষকসকলৰ মতে, এই চুক্তিয়ে ভাৰতীয় সেনা আৰু তাতমাদাওৰ মাজত চোৰাংচোৱা-নিৰ্ভৰ যুটীয়া অভিযান আৰু সমন্বিত সীমান্ত পহৰাৰ বাট মুকলি কৰিলে।

চলিত বছৰৰ আগভাগত তাতমাদাৱে ম্যানমাৰৰ চাগাইং অঞ্চলৰ তা গাস্থিত এন এচ চি এন-কেৰ মুখ্য কাৰ্য্যালয় দখল কৰিছিল।

indo-myanmar-defence-pact-750x375
ভাৰতৰ প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰীৰ সৈতে নতুন দিল্লীত তাতমাদাও মুৰব্বী।

তাতমাদাওৰ সেই অভিযানে আলফা-স্বাঃকে ধৰি উত্তৰ-পূবৰ আন বহু বিদ্ৰোহীক অসুবিধাত পেলোৱাৰ কথা সেনাপ্ৰধান পৰেশ বৰুৱাই ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল।

সম্পূৰ্ণ সমৰসজ্জাৰে তাতমাদাৱে চলোৱা অভিযানটোত আলফা-স্বাঃৰ কেইবাজনো সৈনিকেও প্ৰাণ হেৰুওৱা বুলি বাতৰি প্ৰকাশ পাইছে।

খবৰ মতে, সংগঠনটোৰ আগশাৰীৰ নেতাকে ধৰি বহুকেইগৰাকী সদস্যই অসমলৈ পলাই আহি আত্মসমৰ্পণ কৰিছে।

ম্যানমাৰৰ সৈতে যোৱা বাৰ বছৰে বুজাবুজি চুক্তিত থকা নাগা বিদ্ৰোহী দলটোৰ বিৰুদ্ধে তাতমাদাওৰ সেই অভিযান উত্তৰ-পূবৰ বিদ্ৰোহীৰ বাবে একৰকম আকস্মিক আছিল।

বিপৰীতে, ভাৰতীয় সেনায়ো ভাৰতৰ ভূমিত বাৰ্মিজ বিদ্ৰোহী আৰাকান আৰ্মিৰ কোনো ঘাটি নথকাৰ নিশ্চিতি ম্যানমাৰক প্ৰদান কৰিছে।

মিজোৰামত আৰাকান বিদ্ৰোহীৰ সন্ধানত ভাৰতীয় সেনাই শেহতীয়াকৈ “অপাৰে’চন চানৰাইজ” চলাইছিল।

তাতমাদাওৰ সৈতে সমন্বিতভাৱে চলোৱা অভিযানত ভাৰতীয় সেনাই মিজোৰামৰ দিশে আৰাকান আৰ্মিৰ পলায়নৰ পথ বন্ধ কৰিছিল।

চুক্তি স্বাক্ষৰৰ পূৰ্বে অনুষ্ঠিত বহুতৰপীয়া আলোচনাত যুটীয়া নিৰীক্ষণৰ অধীনত সমুদ্ৰ নিৰাপত্তা সবলীকৰণ আৰু নতুন আন্তঃগাঁথনি নিৰ্মাণ বিষয়েও ঠাই পাইছে।

আলোচনাকালত দুয়ো দেশৰ যুটীয়া সামৰিক অনুশীলনৰো মূল্যায়ন কৰা হৈছিল।

২৫ জুলাইৰ পৰা আৰম্ভ হোৱা তাতমাদাও সেনা মুৰব্বী লাইঙৰ ভাৰত ভ্ৰমণ অহা ২ আগষ্টত অন্ত পৰিব।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd