NORTHEAST NOW (Assamese)

ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়: কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

April 2, 2022 6:24 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ

ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৌশলেৰে দুখন আসন দখল কৰাৰ বাবে বিজেপিক শুভেচ্ছা জনাই সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন- এতিয়া পেট্ৰ’ল-ডিজেলৰ মূল্য কমাবনে?

এআইইউডিএফৰ লগত মুখ্যমন্ত্ৰীৰ হৃদয়ৰ মিল আছে বুলিও কটাক্ষ কৰে সাংসদ গগৈয়ে।

অসমত এতিয়া ৰাজনৈতিক আদৰ্শ নাইকিয়া হৈ গৈছে, ৰাজনীতি কেৱল সুবিধাবাদত পৰিণত হৈছে বুলিও উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে।

আনহাতে চিৰাজুদ্দিন আজমলৰ অসমীয়া বিদ্বেষ সন্দৰ্ভতো গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে কিছুমান মন্তব্য নকৰাটোৱেই ভাল। যোৱা বিধানসভা নিৰ্বাচনতো এআইইউডিএফৰ একাংশ নেতাই প্ৰতিক্ৰিয়াশীল মন্তব্য কৰিছিল বুলি মন্তব্য কৰি গগৈয়ে কয় যে অসমীয়াৰ আবেগত আঘাত হানিব পৰা কোনো কথা কোনেও ক’ব নালাগে।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক এক ৰাজনৈতিক যুদ্ধ বুলি অভিহিত কৰি গগৈয়ে কয় যে কংগ্ৰেছে ভালদৰেই এই যুদ্ধত অৱতীৰ্ণ হ’ব।

ৰাইজে ভোট দি শাসনত বহুওৱা বিজেপিয়ে এতিয়া মূল্যবৃদ্ধিৰে ৰাইজৰ কঁকাল ভাঙি দিয়া বুলিও তেওঁ কয়।

Related News