NORTHEAST NOW (Assamese)

উপ- নিৰ্বাচনত প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে-অজিত কুমাৰ ভূঞা

October 27, 2021 5:11 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি উপ- নিৰ্বাচন কেন্দ্ৰিক কথাকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।

নিৰ্বাচনী বিধি ভংগৰ অভিযোগত জাননী জাৰি কৰাৰ পাছত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা গৈছিল।

কিন্তু সেই প্ৰতিক্ৰিয়াত অসন্তুষ্টি প্ৰকাশ কৰি অজিত ভূঞাই কয়” মুখ্যমন্ত্ৰী এগৰাকীৰ পৰা মানুহৰ বহু আশা থাকে। ইয়াৰ বিপৰীতে উপ- নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। গণতন্ত্ৰৰ নামত ৰাজ্যত বহুৱালি চলিছে। গণতান্ত্ৰিক প্ৰতিষ্ঠান ,অনুষ্ঠান সমূহক ব্যৱহাৰ কৰিছে চৰকাৰে ।তাৰেই প্ৰতিফলন দেখা পোৱা গৈছে উপ নিৰ্বাচনত।”

আনহাতে নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া জাননীক মানুহৰ চকুত ধূলি মৰা বুলিও অভিযোগ অজিত ভূঞাৰ।

তেওঁ কয় যে নিৰ্বাচন আয়োগৰ নিজৰ স্থিতি থাকিব লাগে ,কিন্তু এতিয়া চৰকাৰৰ হাতৰ পুতলাতহে পৰিণত হৈছে নিৰ্বাচন আয়োগ।

তদুপৰি নিৰ্বাচন আয়োগক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপলুঙা কৰা কাৰ্যকো সমালোচনা কৰে সাংসদগৰাকীয়ে।

নিৰ্বাচন আয়োগৰ কোনো বিশ্বাসযোগ্যতা নাই বুলিও ভূঞাই উল্লেখ কৰে।

Related News