• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বিধায়ক বেচা-কিনা ৰাজনীতিৰ ঠিকাদাৰ: কটাক্ষ অজিত কুমাৰ ভূঞাৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
June 25, 2022 6:13 pm
Maharashtra Political Crisis
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতাৰ অভিকেন্দ্ৰ হৈ পৰিছে অসম। মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোৰ সূচনা কৰা বিসম্বাদী বিধায়কে যোৱা কেইদিনমানৰ পৰা বাহৰ পাতি আছে গুৱাহাটীত। মহাৰাষ্ট্ৰৰ বিধায়কৰ এই গুৱাহাটীত আশ্ৰয়ক কেন্দ্ৰ কৰি আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা।

আজি এক সংবাদমেল যোগে আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক বিধায়ক বেচা-কিনা কৰা ৰাজনীতিৰ ঠিকাদাৰ বুলি অভিহিত কৰি অসমক নিকৃষ্ট আৰু অগণতান্ত্ৰিক ৰাজনৈতিক কুচকাৱাজৰ ঘাটিত পৰিণত কৰিলে বুলি মন্তব্য কৰে।

Apply Now

ভূঞাই কয়, “নিজ ৰাজ্যৰ ৫৬ লাখ মানুহে বানপানীৰ মাজত ছটফটাই থকাৰ সময়ত বহিৰাজ্যৰ ৰাজনীতিৰ চাণক্য হ’বলৈ গৈ অসমবাসীৰ চকুত বহুৱা হৈ পৰা মুখ্যমন্ত্ৰীজনে অসমৰ ৰাইজৰ এই চৰম দুর্দিন প্রধানমন্ত্রী, গৃহমন্ত্রী বা অন্য কেন্দ্রীয় নেতাৰ দল আনি অসমৰ বিধ্বস্ত ৰূপটো পিছে দেখুৱাব নোৱাৰিলে।

বিহাৰ, পশ্চিমবংগত ইয়াতকৈ বহু কম বিপদতো সেইবোৰ ৰাজ্যলৈ এইসকল নেতা দৌৰ মৰাৰ অগণন নজীৰ আছে। ইমান ‘কর্মঠ’ মুখ্যমন্ত্রী হৈ বিপদকালত প্ৰাপ্য সহায়-সাহায্যৰ এটকাও দিল্লীৰ পৰা উলিয়াই আনিব নোৱৰাৰ ৰহস্য কি সেয়াও আমাৰ বাবে মাথৰ লাজ থকা মানুহ হ’লে নিশ্চয় তেওঁক এইবোৰ কথাছ লাজ দিলেহেঁতেন!”

অসমৰ এই দুঃসময়ত মহাৰাষ্ট্ৰৰ দুকুৰি পলৰীয়া বিধায়কক গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত ৰাজ-অতিথ্য দি দৈনিক প্রায় ৩৫-৪০ লাখ টকাৰ শৰাধ কৰিছে বুলি অভিযোগ কৰি ৰাজনীতিৰ সকলো নীতি, সকলো আদর্শ ভৰিৰে মোহাৰি দিল্লীৰ বি জে পি নেতৃত্বৰ শ্ৰুতলিপি লৈ অসমৰ তথাকথিত ‘দক্ষ’ মুখ্যমন্ত্ৰীজনে অসমৰ মানুহৰ সকলো সম্মান, সকলো অহংকাৰ ধুলিস্যাৎ কৰি দিলে বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে সাংসদ গৰাকীয়ে।

“আজি হিমন্ত বিশ্ব শৰ্মাই ভাৰতবাসীৰ ওচৰত অসমৰ ৰাইজৰ আত্মসম্মান বিক্ৰী কৰি দিলে। বিজেপিৰ প্রতিশ্রুতি আছিল ‘মিছন ফাৰ্ষ্ট, পাটী ছেকেণ্ড, তাৰ পিছতহে ব্যক্তি। এতিয়া পিছে কি হৈ আছে? জনতাৰ প্ৰতি সেৱা ক’ত আজি? হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ বিধায়ক বেচা-কিনাৰ ঠিকাদাৰীত নামিছে, ৰাইজৰ স্বাৰ্থই স্থান নাপালে তাত। গণতন্ত্র ধ্বংস কৰাৰ বাহিৰে আজি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৰিছে ৰাইজক উত্তৰ দিব লাগে।”-ভূঞাই কয়।

অজিত ভূঞাৰ মতে, মহাৰাষ্ট্ৰৰ দুকুৰি ‘পলৰীয়া’ বিধায়কক অসমৰ মাটিত ঘাটি পাতি গণতন্ত্ৰক কবৰ দিবলৈ ষড়যন্ত্ৰ ৰচনাৰ সুবিধা কৰি দি নিজকে সৰ্বকালৰ ‘দুষ্ট প্রকৃতিৰ মুখ্যমন্ত্ৰী’ৰ ৰূপত প্ৰক্ষেপ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। গণতন্ত্ৰৰ টেটু চেপি ধৰা ষড়যন্ত্ৰকাৰী বিধায়কসকলক ‘লক্ষ্মী’ বুলি অভিহিত কৰি অসমৰ ৰাইজক মুখ্যমন্ত্ৰীজনে চৰম অপমান কৰিছে বুলিও তেওঁ লগতে কয়।

সাংসদ গৰাকীয়ে লগতে দাবী কৰে যে বিজ্ঞাপনৰ জোৰত টিকি থকা এইখন চৰকাৰৰ ভিতৰখন সমূলি ফোপোলা। এই সকলো দেখি-শুনি বুজিও অসমৰ ৰাইজে অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ এৰিলে কাৰণেই হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাবোৰে তাৰ সুবিধা গ্রহণ কৰি আছে। “কেৱল মিথ্যাচাৰ, কেৱল ভণ্ডামিৰে এখন ৰাজ্যৰ শাসন চলিব পাৰেনে? এইবোৰৰ উত্তৰ অসমৰ ৰাইজে বিচাৰিবই। এই অন্যায়, এই দুৰাচাৰী চৰিত্ৰৰ যোগ্য উত্তৰ এদিন অসমৰ ৰাইজেই দিব”- ভূঞাই কয়।

অসমক মহাৰাষ্ট্ৰৰ কলংকিত ৰাজনীতিৰ অংশীদাৰ কৰাৰ জবাব হিমন্ত বিশ্ব শৰ্মাই দিবলৈ সাজু হৈ থাকক বুলি অজিত ভূঞাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়ে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd