ছিংগাপুৰত চিকিৎসাধীন অৱস্থাতে মৃত্যু ৰাজ্যসভাৰ সাংসদ অমৰ সিঙৰ

amarsingh_1200x675

ৰাজ্যসভাৰ সাংসদ তথা সমাজবাদী পাৰ্টীৰ প্ৰাক্তন নেতা অমৰ সিঙৰ মৃত্যু ঘটিছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ।

২০১৩ চনৰ পৰাই বৃক্কৰ ৰোগত ভুগি থকা অমৰ সিঙে প্ৰায় ৭ মাহ ধৰি ছিংগাপুৰৰ মাউণ্ট এলিজাবেথ হস্পিতালত চিকিৎসাধীন হৈ আছিল।

কিছু বছৰ পূৰ্বে তেওঁৰ বৃক্কৰ সংৰোপনো কৰা হৈছিল।

৭ মাহ পূৰ্বে গুৰুতৰ ভাবে অসুস্থ হৈ পৰা অমৰ সিঙক ছিংগাপুৰৰ চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল।

১৯৫৬ চনৰ ২৭ জানুৱাৰীত জন্মগ্ৰহণ কৰা অমৰ সিঙে উত্তৰ প্ৰদেশৰ ৰাজনীতিত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল।

ৰাজনৈতিক সংঘাতৰ বাবেই ২০১০ চনৰ ৬ জানুৱাৰীৰ দিনা তেওঁ সমাজবাদী পাৰ্টীৰ সকলো পদবীৰ পৰা পদত্যাগ কৰিছিল।

ইয়াৰ পিছতে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। ২০১৬ চনৰ অক্টোৱৰ মাহত তেওঁ পুনৰ সমাজবাদী পাৰ্টীৰ সাধাৰণ সম্পাদক হিচাবে অধিস্থিত হৈছিল ।

সমাজবাদী পাৰ্টীৰ সমৰ্থনতে তেওঁ ২০১৬ চনত ৰাজ্যসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল।

২০১১ চনত তেওঁ ৰাষ্ট্ৰীয় লোক মঞ্চ নামেৰে এটা দলৰ জন্ম দিছিল যদিও দলটোৱে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

অমৰ সিঙৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বহু জনে গভীৰ শোক ব্যক্ত কৰিছে।