• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসভাতো গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক; বিপক্ষে নপৰিল এটাও ভোট

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 22, 2023 7:43 am
981
VIEWS
Share on FacebookShare on Twitter

নতুন ইতিহাসৰ পথত ভাৰত ! লোকসভাৰ পাছত ৰাজ্যসভাতো মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হয়। বৃহস্পতিবাৰে নিশা ১০ বজাত ধ্বনি ভোটৰ জৰিয়তে গৃহীত হয় মহিলা সংৰক্ষণ বিধেয়ক। ৰাজ্যসভাৰ ২৪৫ জন সাংসদৰ ভিতৰত ২১৫ জন সাংসদে বিধেয়কখনৰ সপক্ষে ভোটদান কৰে। বিধেয়কখনৰ বিৰুদ্ধে এটাও ভোট নপৰিল। ক’ব পাৰি যে মহিলা সুৰক্ষা বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত হৈছে। এতিয়া কেৱল ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে অপেক্ষা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বিধেয়কখনে দেশবাসীৰ মাজত এক নতুন আস্থা জগাই তুলিব। মহিলাৰ বাবে আসন সংৰক্ষণৰ চৰকাৰে লোৱা সিদ্ধান্তক সকলো ৰাজনৈতিক দলে যিদৰে আদৰণি জনাইছে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

মহিলা সংৰক্ষণ বিধেয়কক আদৰণি জনোৱাৰ বাবে সকলো সাংসদ আৰু বিৰোধীক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত কয় যে সকলো সাংসদে মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰিব বুলি প্ৰথমেই জনাইছে। ইয়াৰ বাবে সকলোকে অভিনন্দন জনাইছো।

তেওঁ কয় যে এই বিধেয়কখনে দেশৰ প্ৰতিজন জনসাধাৰণৰ মাজত এক নতুন আস্থা জগাই তুলিব। আমি সকলো সাংসদ আৰু সকলো ৰাজনৈতিক দলে নাৰীক সন্মান দিবলৈ ডাঙৰ ভূমিকা লৈছো। এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে নাৰী শক্তিক বিশেষ সন্মান দিয়া হ’ল।

বৃহস্পতিবাৰে পুৱাৰে পৰা নিশা ১০:৩০ বজালৈ মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত দীঘলীয়া আলোচনা চলিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আলোচনা অতি ইতিবাচক আছিল। ভোটদানৰ প্ৰাকক্ষণত তেওঁ কয় যে এই উচ্চ সদনত অতি ভাল আলোচনা হৈছিল। এইবাৰ আমি এক সৰ্বসন্মত মতামতেৰে দেশক আগুৱাই নিয়াৰ বাবে আৰু এটা পদক্ষেপ গ্ৰহণ কৰিম।

প্ৰধানমন্ত্ৰীৰ এই মন্তব্য ভুল প্ৰমানিত নহ’ল। ২৪৫ জন লোকৰ ভিতৰত ২১৫ টা ভোট বিধেয়কখনৰ সপক্ষে দিয়া হয় আৰু বিধেয়কখনৰ বিৰুদ্ধে এটাও ভোট নপৰিল।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd