• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পি-পি-ই কিট,ছেনিটাইজাৰ কেলেংকাৰী; মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয়?-অজিত কুমাৰ ভূঞা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 9, 2022 5:50 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই পি-ই কিট, ছেনিটাইজাৰ কেলেংকাৰীত মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ কিয় ভয় কৰিছে বুলি প্ৰশ্ন তুলি প্ৰত্যাহ্বান জনায়।

তেওঁ কয়, “দেশৰ দুটা সংবাদ গোষ্ঠীয়ে ধাৰাবাহিকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে ক’ৰণা মহামাৰীৰ কালত তেওঁৰ নিকট আত্মীয় আৰু বন্ধু বান্ধৱক সা-সামগ্ৰী যোগানৰ চৰকাৰী ঠিকা দিয়া বুলি প্ৰচাৰিত তথ্য সম্বলিত বাতৰিয়ে স্বাভাবিকতে আমাক আচৰিত কৰি তুলিছে। ই বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ চৌপাশৰ এটা নিৰ্দিষ্ট হিতাধিকাৰী গোটৰ মুনাফাৰ বাবে কিদৰে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছিল সেই কথা উদঙাই দিলে।”

“প্রকাশিত বাতৰি মতে মহামাৰীৰ কালচোৱাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে এক নির্দিষ্ট সময়সীমাৰ ভিতৰত পি-পি-ই কিট যোগানৰ বাবে ঠিকা দিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ স্বাস্থ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন এটা ব্যৱসায়িক প্রতিষ্ঠানক। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰতিষ্ঠানটোৱে কিছুসংখ্যক পি-পি-ই কিট যোগান ধৰাৰ পিছত কাম সম্পূৰ্ণ কৰিবলৈ অপাৰগ হৈ পৰিল।পৰিণতিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে সেই ঠিকা বাতিল কৰিবলৈ বাধ্য হৈ পৰিল।‘’-ভূঞাই কয়।

Apply Now

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে ঠিকা বাতিল হোৱাৰ পিছত হঠাৎ‍ মুখ্যমন্ত্ৰীৰ পত্নীৰ ঠিকাদাৰী প্রতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমক অনুৰোধ জনালে তেওঁলোকে ইতিমধ্যে যোগান ধৰা পি-পি-ই কিটখিনিক প্রতিষ্ঠানটোৰ চি এছ আৰ আঁচনিৰ অধীনত ‘দান’ হিচাপে গণ্য কৰিব লাগে।” তেওঁ লগতে কয়।

সাংসদ আজিত ভূঞাই লগতে প্ৰশ্ন কৰে যে ১) বিভাগীয় মন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠান এটাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে এনেদৰে ঠিকা আৱণ্টন দিয়াটো উচিত আছিলনে?

২) এগৰাকী মন্ত্ৰী বা মন্ত্ৰীৰ পৰিয়ালৰ সদস্যই চৰকাৰী ঠিকাঠুকলি কৰাত বাধা-নিষেধ থকাৰ পিছত এয়া নীতিগতভাবে ভুল নাছিলনে?

যিটো সময়ত ৰাজ্যত পি-পি-ই কিটৰ সাংঘাতিক অভাৱ আছিল, তেনে এটা সময়ত পি-পি-ই কিট যোগানৰ দায়িত্ব মূৰ পাতি লৈ পিছত তেনে দায়িত্বৰ পৰা মূৰ-পোলোকা মৰা প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত চৰকাৰে কি কৰা উচিত আছিল? সাধাৰণ অৰ্থত ক’বলৈ হ’লে মন্ত্ৰী পত্নীৰ নহৈ অন্য কোনো সাধাৰণ ব্যক্তি-বিশেষৰ প্ৰতিষ্ঠান হ’লে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে কি ব্যৱস্থা ল’লেহেঁতেন? ৰাজ্য চৰকাৰ আৰু জনগণক প্ৰতাৰণা কৰাৰ অপৰাধত তেনে প্রতিষ্ঠানক তৎক্ষণাত ‘ব্লেক লিষ্টেড’ নকৰিলেহেঁতেন নে?

কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ প্ৰতিষ্ঠানটো সেই অপৰাধত ‘ব্লেক লিষ্টেড’নহ’ল! ‘ব্লেক লিষ্টেড’ কৰাটো দূৰৈৰ কথা, যোগান ধৰা সামান্য পৰিমাণৰ পি-পি-ই কিট খিনিক চি এছ আৰ আঁচনিৰ অধীনত ‘দান’ হিচাপে গ্ৰহণ কৰি চৰকাৰে আশিষধন্য কৰিলে মন্ত্রী-পত্নীক! ইয়াতকৈ দেখদেখ স্বজন-তোষণৰ আৰু কি উদাহৰণৰ প্ৰয়োজন আছে বুলি সাংসদ অজিত কুমাৰ ভূঞাই পুনৰ প্ৰশ্ন কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

July 21, 2026 8:38 am
ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

ভাৰতত প্ৰথমটো ডেংগু ভেকচিন ‘কিউডেংগা’ৰ অনুমোদন: মহামাৰী নিয়ন্ত্ৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ

July 21, 2026 7:24 am
শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

শিৰোনাম: কেৱল সোণম ৱাংচুকৰ পত্নীয়েই নহয়, আন এক সুকীয়া পৰিচয় থকা গীতাঞ্জলি জে আংমোৰ বিষয়ে জানো আহক

July 20, 2026 11:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

July 21, 2026 8:38 am
ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd