• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

সঁচা কথা ক’লে বিছাই ডকাদি ডাকে বিজেপিৰ বিজ্ঞ পণ্ডিতসকলক

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
July 1, 2022 3:35 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভৱানীপুৰৰ বানত ক্ষতিগ্ৰস্ত এলেকা আৰু কেইবাটাও আশ্রয় শিৱিৰ পৰিদৰ্শন কৰি আহি যোৱা ২৯ জুনত এখন সাংবাদিক মেলত বিজেপি চৰকাৰখনৰ স্বৰূপ উদঙাই নাঙঠ কৰি দিয়াৰ পিছত দলটোৰ দুজনমান বিষয়ববীয়াই সংবাদ মেল পাতি আমাৰ বক্তব্যক প্ৰত্যাহ্বান জনোৱা দেখি তেওঁলোকৰ প্ৰতি পুতৌ জন্মিছে।

ৰাইজে কি দুখ-দুর্দশা ভোগ কৰি আছে তাৰ অনুমানো কৰিব নোৱৰা দুজনমান বিজেপিৰ তথাকথিত নেতাই গুৱাহাটীৰ পৰা সাংবাদ মেল পাতি ‘বিৰোধী মিছা’, ‘বিজেপিহে সঁচা’ বুলি ক’লেই বুভুক্ষু বানপীড়িত তাড়নাৰ উপশম নঘটে”।

লগতে পঢ়ক : Himanta Biswa Sarma Vs Manish Sisodia: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

শুকুৰবাৰে সাংসদ অজিত কুমাৰ ভূঞাই পুনৰ এক সংবাদমেলত বিজেপিক তীব্র সমালোচনা কৰি এইদৰে কয়। তেওঁৰ লগতে সংবাদমেলখনত উপস্থিত থাকে অঞ্চলিকতাবাদী নেতা প্ৰণৱজ্যোতি চেতিয়া।

ভূঞাই কয়, “ৰাইজক কোনে বিভ্ৰান্ত কৰিছে, কোনে ভিত্তিহীন তথ্য দাঙি ধৰিছে, কোনে অসমৰ ৰাইজৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে সেই কথা কোনো বিজেপি মুখপাত্ৰই ক’ব নালাগে, অসমৰ লাখ লাখ দুৰ্ভগীয়া বানপীড়িতই সেই কথা মর্মে মর্মে আজি উপলব্ধি কৰিছে, চকুৰ আগত দেখিছে।”

তেওঁলোকে ৰাইজক বিভ্ৰান্ত কৰিবলৈ গৈ সত্যক লুকুৱাই কেৱল মিছা তথ্যৰে নিজক সত্য বুলি প্ৰতিপন্ন কৰিবলৈ বৃথা চেষ্টা চলাইছে। বিজেপিয়ে কৈছে যে SDRF (State Disaster Response Fund) ৰ পর্যাপ্ত পুঁজি অসম চৰকাৰৰ হাতত আছে। অৰ্থাৎ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ধনৰ অভাৱ নাই।

লগতে পঢ়ক :Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

এই সন্দৰ্ভত তথ্য দাঙি ধৰি ভূঞাই কয়, “বিজেপিৰ বিজ্ঞ নেতাসকল, ডাঙৰীয়াসকল, যদি SDRF (State Disaster Response Fund) ত পর্যাপ্ত ধন আছেই তেন্তে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা প্ৰতি বছৰে বানৰ মোকাবিলা কৰিবলৈ হেজাৰ হেজাৰ কোটি টকা কিয় বিচাৰি থাকে জনাব নেকি? উদস্থ কৰিবলৈ নে কি? ২০২১-২২ বৰ্ষত অসমে বানৰ ক্ষয়ক্ষতিৰ জোৰা মাৰিবলৈ কেন্দ্ৰৰ পৰা বিচাৰিছিল ১০১৮ কোটি টকাৰ ‘পেকেজ’। কিন্তু পালে কিমান জানেনে? মাত্র ৫১ কোটি টকা। ২০২০-২১ বৰ্ষত NDRF (National Disaster Response Fund) ৰ পৰা ২৬৪০.৮৭ কোটি টকা কিয় বিচাৰিছিল? আৰু তাৰ বিপৰীতে ৪৩৭.১৫ কোটি টকা অনুমোদন দিয়াৰ পিছতো শেষত কেন্দ্ৰই দিয়া মাত্র ৪৪.৩৭ কোটি টকাকে হাত পাতি কিয় লৈছিল? ২০১৮-১৯ বৰ্ষত অসমে বিচাৰিছিল ২৫০৯.০৭ কোটি টকা। পালে কিমান?”০”টকা।  ২০১৯-২০ বৰ্ষত ৩২৩৭.৭৬ কোটি টকা বিচাৰি পালে আকৌ মাত্র ‘০’ টকা।‘’

তেওঁ পুনৰ কয়, ‘’এইবোৰ তথ্য বিজেপিৰ এই ‘অসমপ্রেমী’ বিজ্ঞসকলে ৰাইজৰ পৰা লুকুৱাই নাৰাখিলে ভাল পালোহেঁতেন। NDRF (National Disaster Response Fund) ৰ ধন অসমক দিবলৈ হাত কঁপে বি জে পি চৰকাৰৰ, কিন্তু কৰ্ণাটক, মধ্যপ্রদেশ, উত্তৰাখণ্ড, গুজৰাট আৰু পশ্চিমবংগক এই শিতানৰ ধন মুক্তহস্তে মুকলি কৰি দিয়া হৈ আহিছে। ২০২১-২২ বৰ্ষত বানৰ কালত এই পুঁজিৰ পৰা গুজৰাটক মোকলাই দিয়া হৈছিল ১১৩৩.৩৫ কোটি টকা। সেই বছৰ অসমক দিছিল মাত্র ৫১ কোটি টকা। এয়া কি? আনহাতে, ২০২০-২১ বৰ্ষত বিহাৰক ১২৫৫.২৭ আৰু পশ্চিমবংগক ২২৫০.২৮ কোটি টকা মোকলাই দিয়া হৈছিল। সেই বছৰ অসমত দিয়া হ’ল ৪৪.৩৭ কোটি টকা। এইবোৰ কি?’’

লগতে পঢ়ক : Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

‘’ভাৰতৰ সংবিধানৰ আধাৰতে SDRF (State Disaster Response Fund) ৰ পুঁজিলৈ কেন্দ্ৰই নিজৰ অংশৰ ধন মোকলাই দিয়াটো বাধ্যতামূলক। এইটোৰ বাবে আনন্দত উন্মাদ হৈ পৰাৰ কোনো কাৰণ নাথাকে।” তেওঁ লগতে কয়।

ভূঞাই কয়, “বিজেপিৰ নেতাসকলে হয়তো ক’বলৈ লাজ পাইছে যে পূর্ববর্তী প্রধানমন্ত্ৰী সকলৰ কাৰ্যকালত প্রাকৃতিক দুর্যোগত মানুহৰ মৃত্যু হ’লে প্রধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য মোকলাই দিয়া হৈছিল। এইটো বানত অসমত এতিয়ালৈকে ১৩৪ জন লোকৰ মৃত্যু হ’ল। প্ৰধানমন্ত্ৰীৰ পুঁজিৰ পৰা এককালীন সাহায্যৰ নামত টকা এটাও আহিলনে? এইবোৰ কথাও বিজেপিৰ বিজ্ঞসকলে অসমৰ ৰাইজক কওক, তেহে ভাল লাগিব!”

লগতে পঢ়ক :Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

“বহু বানপীড়িত ৰাইজে উপযুক্ত সাহায্য পোৱা নাই, বা নামমাত্ৰ পাইছে বুলি কওঁতে বিজেপিৰ বিজ্ঞ সকলৰ গাত লাগিছে। হিচাব বিচাৰিছে। আপোনালোকৰ দলৰে হাজোৰ এজন যুব কর্মীয়ে হাতত এক কিলোগ্রাম মান চাউল, এপোৱা মান দাইল আৰু এশ মিলিলিটাৰ মান মিঠাতেল হাতত লৈ জোকাৰি জোকাৰি আপোনালোকৰ দলক কটাক্ষ কৰাৰ ভিডিঅ’টো আপোনালোকে দেখা নাই নেকি? কিমান মানুহে এসাজ ভাত খাই এসাজ লঘোণে আছে আপোনালোকৰ হাতত খবৰ নাই যদি খবৰ লওক’’ বুলি প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে।

ৰহাৰ ফুলগুৰি আৰু ডিমৌৰ শিৱিৰতে ৯ দিনৰ ভিতৰত মাত্ৰ দুদিন বানপীড়িতই খাদ্য পাইছে। খবৰ আছে নে নাই ? ভৱানীপুৰ আশ্রয় শিবিৰত ১ কিলোগ্রাম চাউল ৬০০ গ্রাম দাইল দিয়ে আপোনালোকৰ চৰকাৰে দায়িত্ব সামৰিছে। আজিৰ বাতৰি কাকততে খবৰ ওলাইছে, পঢ়িব বিজেপিৰ বিজ্ঞ পণ্ডিতসকল, যে নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ ৰাইটকুছি আৰু দাকোহা গাঁৱৰ প্ৰায় ১৫০ টা বানবিধ্বস্তু পৰিয়ালে যোৱা ১২ দিনে একো চৰকাৰী সাহায্যই লাভ কৰা নাই।

লগতে পঢ়ক : Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

কালি অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে বোলে ১৫ আগষ্টৰ ভিতৰত ক্ষতিগ্রস্ত সকলে সকলো সাহায্য লাভ কৰিব। নিয়ম অনুসৰি ১৫ দিনৰ ভিতৰত ক্ষয়-ক্ষতিৰ আৱেদনসমূহ নিষ্পত্তি কৰিব লাগে। কিন্তু ‘ৰাজ্যৰ হাতত পৰ্যাপ্ত ধন থকা’ বুলি কোৱা আমাৰ মুখ্যমন্ত্ৰীয়ে ১৫ আগষ্টলৈকে কিয় বানপীড়িতক যন্ত্রণা দিব খুজিছে সেয়া আমাৰ বাবে সাঁথৰ। নে ধন ধাৰে পাবলৈ অপেক্ষা কৰিবলগীয়া হৈছে? বিজেপিৰ ডাঙৰীয়াসকল, মানুহক বুৰ্বক সজোৱাৰ চেষ্টা নকৰিব লগতে আপোনালোকৰ স্বৰূপ ইতিমধ্যে উলংগ হৈছে, লাজ কৰিবলৈ শিকক বুলিও তেওঁ শেষত কয়।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd