ধৰ্ষণ আৰু হত্যাৰ গোচৰত কাৰাবাস খাটি থকা ৰাম ৰহিমৰ বিৰুদ্ধে উত্থাপন হৈছিল ধৰ্মগ্ৰন্থ অৱমাননাৰ গোচৰ। এই গোচৰৰ স্থগিতাদেশ দিছিল হাৰিয়ানা উচ্চ ন্যায়ালয়ে। কিন্তু শেহতীয়াকৈ দেশৰ উচ্চতম ন্যায়ালয়ে এই স্থগতাদেশ প্ৰত্যাহাৰ কৰি গোচৰৰ বিচাৰ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে।
উল্লেখ্য যে নিজৰ দুগৰাকী শিষ্যক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল ৰাম ৰহিমক। বৰ্তমান তেওঁ হাৰিয়ানাৰ ৰোহটকৰ সুনাৰিয়া কাৰাগাৰত বন্দী হৈ আছে। ২০১৭ চনৰ পৰা এই কাৰাগাৰতে আছে ধৰ্মৰ বেপাৰী ৰাম-ৰহিম।
২০১৫ চনত পঞ্জাৱৰ ফৰিদকোট জিলাৰ বৰগৰী অঞ্চলত গ্ৰন্থ চাহাব সম্পৰ্কে অপমানজনক মন্তব্য কৰিছি ৰাম-ৰহিমে। সেই মন্তব্যই শিখ সম্প্ৰদায়ৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল। তেওঁলোকে ৰাম-ৰহিমৰ বিৰুদ্ধে তিনিটা গোচৰ দাখিল কৰিছিল।
চলিত বৰ্ষৰ আৰম্ভণিতে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাম ৰহিমৰ বিৰুদ্ধে সেই তিনিটা গোচৰৰ তদন্ত বা বিচাৰ স্থগিত ৰাখিছিল। মাৰ্চ মাহত এই ৰায়ক প্ৰত্যাহ্বান জনাই পঞ্জাৱ চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়াইছিল। সেই প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ বাতিল কৰে।
প্ৰসংগক্ৰমে ৰাম ৰহিমৰ বিৰুদ্ধে তিনিটা অপৰাধমূলক গোচৰ আছে। ২০০২ চনত তেওঁৰ বিৰুদ্ধে ছিৰছাৰ এজন সাংবাদিক ৰামচন্দ্ৰ ছাত্ৰপতিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই বছৰতে ডেৰাৰ মেনেজাৰ ৰঞ্জিত সিঙৰ বিৰুদ্ধেও হত্যাৰ অভিযোগ উত্থাপন হৈছিল।
সেই বছৰতে এজন শিষ্যই তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ পত্ৰ লিখি ৰাম ৰহিমৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। হাৰিয়ানাৰ ছিৰছাৰ ডেৰা চেটাৰত আন শিষ্যকো ৰাম ৰহিমে কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ৰাম ৰহিমৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ চিবিআইক নিৰ্দেশ দিয়ে।
ইয়াৰ পিছত ২০০৭ চনত শিখ ধৰ্মৰ আৱেগত আঘাত দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।