নেপালী কংগ্ৰেছৰ নেতা ৰামচন্দ্ৰ পৌডেল নেপালৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। নেপালৰ ইতিহাসত এইদৰে তৃতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় পৌডেল।
নেপালী কংগ্ৰেছ আৰু কমিউনিষ্ট পাৰ্টি অৱ নেপাল(মাৱিষ্ট চেণ্টাৰ)কে ধৰি আঠটা দলৰ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী পৌডেলে সংসদৰ ২১৪ গৰাকী সাংসদ আৰু ৩৫২ গৰাকী প্ৰাদেশিক বিধানসভাৰ সদস্যৰ ভোট লাভ কৰে।
উল্লেখ্য যে, নেপালৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ৮৮২ গৰাকী। ইয়াৰে ৩৩২ গৰাকী ভোটাৰ সংসদৰ সদস্য আৰু সাতখন প্ৰদেশৰ প্ৰাদেশিক বিধানসভাৰ ৫৫০ গৰাকী সদস্যই ভোটদান কৰে।
নেপালৰ নিৰ্বাচন আয়োগৰ মুখপাত্ৰ শলিগ্ৰামে সদৰী কৰা মতে, আজিৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৫১৮ গৰাকী প্ৰাদেশিক বিধানসভাৰ সদস্য আৰু ৩১৩ গৰাকী ফেডাৰেল সংসদৰ সদস্যই ভোটদান কৰে।
স্মৰ্তব্য যে, ২০০৮ চনত দেশখন গণৰাজ্য হোৱাৰ পাছত নেপালত আজি তৃতীয়টো ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়। লক্ষণীয়ভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি দেশখনৰ শাসকীয় মিত্ৰজোঁট চৰকাৰত ফাঁট মেলা পৰিলক্ষিত হৈছিল।
প্ৰধানমন্ত্ৰী তথা কমিউনিষ্ট পাৰ্টি অৱ নেপাল(মাৱিষ্ট চেণ্টাৰ)ৰ মুৰব্বী পুষ্প কমল দাহাল (প্ৰচণ্ড)- এ কমিউনিষ্ট ইউনিফাইড মাৰ্ক্সবাদী লেনিনবাদী (ইউএমএল) দলৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ পৰিৱৰ্তে বিৰোধী নেপালী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰামচন্দ্ৰ পৌডেলক সমৰ্থন কৰাৰ সিদ্ধান্তৰ পিছতে সংকটৰ সন্মুখীন হৈছিল শাসকীয় চৰকাৰ।
প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ সিদ্ধান্তৰ বিৰোধিতাৰে উপ-প্ৰধানমন্ত্ৰী ৰাজেন্দ্ৰ লিংডেন আৰু আন তিনিগৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰিছিল।