উচ্চতম ন্যায়ালয়ত ক্ষমা বিচাৰিলে বাবা ৰামদেৱে;পুনৰ এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি

অৱশেষত যোগগুৰু ৰামদেৱে উচ্চতম ন্যায়ালয়ত বিনাচৰ্তে ক্ষমা খোজে।কেৱল ৰামদেৱই নহয়, পতঞ্জলিৰ পৰিচালন সঞ্চালক (এম ডি) আৰু ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণেয়ো উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি নিঃচৰ্ত ক্ষমা খোজে। তদুপৰি ৰামদেৱে কয় যে একে ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ আদালতক আশ্বাস দিয়ে।

‘ভুৱা বিজ্ঞাপন’ গোচৰত ৰামদেৱ আৰু অংশীদাৰিত্ব থকা কোম্পানী পতঞ্জলিয়ে উচ্চতম ন্যায়ালয়ৰ বাৰে বাৰে ধমকিৰ সন্মুখীন হ’বলগীয়া হৈছিল। আদালতৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগো ৰামদেৱৰ বিৰুদ্ধে উত্থাপন হৈছিল। যোৱা সপ্তাহত এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত উপস্থিত আছিল যোগগুৰু বাবা ৰামদেৱ। তাতে ৰামদেৱে উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে আদালতৰ নিৰ্দেশ অমান্য কৰাৰ বাবে ৰামদেৱেও উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা বিচাৰিছিল। হাত যোৰ কৰি যোগগুৰুগৰাকীৰ অধিবক্তাই আদালতত কয় যে আমি ক্ষমা খুজিব বিচাৰো আৰু আদালতে যি কয় তাক মানি ল’বলৈ সাজু।

এই গোচৰত ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণক যোৱা মাহত উচ্চতম ন্যায়ালয়ে চমন জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰামদেৱৰ পতঞ্জলিলৈ জাননী জাৰি কৰে। কিন্তু সেই জাননীৰ কোনো সঁহাৰি নাপাই আদালতে ক্ষুব্ধ হৈ পৰে।

উল্লেখযোগ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পতঞ্জলিক বিভিন্ন ৰোগৰ প্ৰতিকাৰ হিচাপে নিজৰ ঔষধৰ ‘বিভ্ৰান্তিকৰ আৰু মিছা’ প্ৰচাৰৰ বিৰুদ্ধে সকীয়াই দিছিল। লগতে মৌখিকভাৱে জনোৱা হৈছিল যে জৰিমনা হ’ব পাৰে। ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে সেই গোচৰত কেন্দ্ৰক সমালোচনা কৰিছিল। গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে বিজ্ঞাপনৰ দ্বাৰা সমগ্ৰ দেশক বিপথে পৰিচালিত কৰা হৈছে।