সততে কংগ্ৰেছক ‘খিলঞ্জীয়া বিৰোধী’ আখ্যা দিয়া অসম বিজেপিয়ে নিজৰ স্বৰূপ ক্ৰমে উদঙাই আনিছে নিজৰ কামৰ মাজেৰে। বহু সময়ত কংগ্ৰেছৰ বাটেৰেই বাট বোলা বিজেপিয়ে এইবাৰ অসমৰ বায়ু-পানীৰ সৈতে কেতিয়াও সম্পৰ্ক নথকা এজন বহিৰাগতক ৰাজ্যখনৰ পৰা ৰাজ্যসভালৈ পঠিওৱাৰ সিদ্ধান্ত লৈছে।
জানিব পৰামতে, দলটোৰ বিহাৰ ৰাজনীতিৰ অংকৰ পৰিণতি হিচাপে অসমৰ সাংসদ হ’বলৈ ওলাইছে লোক জনশক্তি পাৰ্টিৰ মুৰব্বী ৰামবিলাস পাছোৱান। আজি দিল্লীত এই কথা নিশ্চিত কৰে লোক জনশক্তি পাৰ্টিৰ অসম শাখাৰ দায়িত্বত থকা জোনমণি দাসে। ৰামবিলাস পাছোৱান বৰ্তমান বিহাৰৰ হাজিপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা এন ডি এ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী।
অলপতে বিজেপিয়ে এন ডি এৰ অংশীদাৰ বিহাৰৰ লোক জনশক্তি পাৰ্টিৰ সৈতে বিহাৰত আগন্তুক লোকসভাৰ বাবে আসন ভাগ বাটোৱাৰাৰ বুজাবুজিত উপনীত হৈছিল। ৰাজ্যখনৰ ৪০ খনৰ কেৱল ৬খন আসনত সন্তুষ্ট থকাৰ পুৰস্কাৰ স্বৰূপে দলটোৰ শীৰ্ষ নেতাজনক অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱাৰ অংক তেতিয়াৰে।
জানিব পৰামতে, অহা এপ্ৰিল মাহত অসমক ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰি থকা প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ কাৰ্য্যকাল অন্ত পৰিব। লগতে সাংসদ শান্তিউছ কুজুৰৰ আসনখনো খালী হ’ব। বিহাৰৰ নেতাজনক খালী হ’ব লগীয়া এই দুখন আসনৰ এখনত এন ডি এৰ সাংসদ হিচাপে নিৰ্বাচন কৰি পঠোৱা হ’ব।
উল্লেখযোগ্য যে ৰাজ্যসভাৰ খালী হ’ব লগীয়া আসন দুখনৰ এখনতো কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী কৰোৱাৰ সম্ভাৱনা নাই। কাৰণ ১২৬জন বিধায়কৰ মাত্ৰ ২৫জনহে কংগ্ৰেছৰ বিধায়ক আছে। গতিকে পাছোৱানক সহজেই জয়ী কৰাব পাৰিব বিজেপিয়ে।
মন কৰিব লগীয়া যে ৰাজ্যসভাৰ দুয়োখন আসনতে অসমৰ থলুৱা মানুহ নিৰ্বাচিত কৰি কংগ্ৰেছৰ ব্যতিক্ৰম হিচাপে দৃষ্টান্ত ৰখাৰ যথেষ্ট সুযোগ আছিল বিজেপিৰ হাতত। কিন্তু তাৰ বিপৰীতে বিজেপিয়ে এই সিদ্ধান্তৰে অসমীয়া মানুহক হতাশ কৰিলে।