• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন

মাত্ৰ ৩১ বছৰ বয়সতে ৬০ কোটি টকাৰ সম্পত্তিৰ মালিক, মাহিলী আয় ৩৫ লাখ : বিতৰ্কই সকলো শেষ কৰিলে ৰণবীৰ এলাহাবাদিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2025 4:43 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় ইউটিউবাৰ তথা কন্টেন্ট ক্ৰিয়েটৰ ৰণবীৰ এলাহাবাদিয়া। শেহতীয়াকৈ তেওঁ ইউটিউব শ্ব’ত পিতৃ-মাতৃৰ যৌনতাক লৈ অশ্লীল মন্তব্য কৰাৰ অভিযোগত বিতৰ্কৰ আওতাত সোমাই পৰিছে।

বিষয়টোক লৈ বিতৰ্ক ইমানেই বৃদ্ধি পাইছে যে তেওঁ এটা সুকীয়া ভিডিঅ’ৰ জৰিয়তে সকলোৰে ওচৰত ক্ষমা বিচাৰিছে।

Apply Now

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছেও সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে সকলোৰে মত প্ৰকাশৰ স্বাধীনতা আছে। কিন্তু সেয়া নিৰ্দিষ্ট সীমাৰ ভিতৰত হ’ব লাগে। যদি তেওঁ নীতি-নিয়ম উলংঘা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে এই বিতৰ্কৰ পিছত নিজৰ চেনেলটোৰ ২০ লাখ চাবস্ক্ৰাইবাৰ হেৰুৱাইছে ৰণবীৰে।

সূত্ৰ অনুসৰি ৰণবীৰৰ সম্পত্তিৰ মুঠ মূল্য ৬০ কোটি টকাৰ ওচৰ চাপিছে। তেওঁৰ মাহিলী আয় প্ৰায় ৩৫ লাখ টকা। ইয়াৰে এটা বৃহৎ অংশ ইউটিউবৰ পৰা আহে। বিভিন্ন ব্ৰেণ্ডৰ লগত হোৱা চুক্তি, প’ডকাষ্ট আৰু অন্যান্য ব্যৱসায়িক চুক্তিৰ পৰাও আহে কোটি কোটি টকা।

২০১৪ চনত নিজাকৈ এটা চেনেল খুলিছিল ৰণবীৰে। নামটো হৈছে ‘বীয়েৰ বাইচেপছ’। আৰম্ভণিতে তেওঁ তাত কেৱল ফিটনেছ সম্পৰ্কীয় তথ্যহে শ্বেয়াৰ কৰিছিল। তাৰ পাছত লাহে লাহে সেই চেনেলটোৰ বিভিন্ন শাখা-প্ৰশাখাৰ জন্ম হ’ল। ফিটনেছৰ লগতে ব্যৱসায়, আধ্যাত্মিকতা, আত্মউন্নতিৰ ওপৰত গুৰুত্ব দিবলৈ ধৰিলে ৰণবীৰে। তাৰপিছত পডকাষ্টো আৰম্ভ কৰিলে তেওঁ। তেওঁ পডকাষ্টলৈ আহিল বিভিন্ন ক্ষেত্ৰৰ বিখ্যাত ব্যক্তিসকল। এ আৰ ৰহমানৰ পৰা অক্ষয় কুমাৰ, নীতিন গাডকাৰীৰ পৰা জন আব্ৰাহামলৈকে বিভিন্ন জনপ্ৰিয় ব্যক্তি তেওঁৰ অনুষ্ঠানৰ অতিথি হ’ল।

ইতিমধ্যে ‘বীয়েৰ বাইচেপছ‘ৰ অধীনত সৰু-বৰ মুঠ ৭টা ইউটিউব চেনেল আছে। এই সকলোবোৰ মিলি মুঠ চাসক্ৰাইৱাৰৰ সংখ্যা ১.২ কোটি। ইয়াৰ পৰা প্ৰতিমাহে হিচাপে ৮ৰ পৰা ১০ কোটি টকা লাভ কৰে ৰণবীৰে।

উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে অনুৰাগীৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিছে ৰণবীৰ। সেয়েহে বিভিন্ন জীৱনশৈলী, বিত্ত, ব্যৱসায়, আৰু ফিটনেছ সম্পৰ্কীয় সংস্থাই ইতিমধ্যে তেওঁক তেওঁলোকৰ প্ৰমোচনৰ দায়িত্ব দিছে। ইয়াৰ ভিতৰত আছে বহু ব্যয়বহুল কোম্পানী।

ইতিমধ্যে তেওঁ নিজা উদ্যোগত ‘মনকি এন্টাৰটেনমেন্ট’ নামৰ এটা স্বতন্ত্ৰ কোম্পানী খুলিছে। কিন্তু শেহতীয়াকৈ হোৱা বিতৰ্কই জোকাৰি গৈছে ৰণবীৰৰ জীৱন। ক্ষমা খুজিও তৎ পোৱা নাই ইউটিউবাৰগৰাকীয়ে। লাখ লাখ চাসক্ৰাইবাৰে ইতিমধ্যে আনচাসক্ৰাইব কৰিছে ৰণবীৰৰ চেনেল। যাৰ বাবে লাহে লাহে ৰণবীৰৰ জনপ্ৰিয়তাৰ লগতে সম্পত্তিও হ্ৰাস পাব বুলি ঠাৱৰ কৰিছে দৰ্শকসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd