বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰক চমন বলবৎকাৰী সঞ্চালকালয়ৰ । এটা জুৱাৰ গোচৰৰ তদন্ততৰ বাবে ৬ অক্টোবৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে অভিনেতাগৰাকীক।
সূত্ৰ অনুসৰি ৰণবীৰ কাপুৰে এই এটা বাজি অৰ্থাৎ জুৱাৰ এপ্লিকেশ্যন প্ৰচাৰ কৰিছিল। কেৱল সেয়াই নহয়, এই এপটোৰ অন্যতম স্বত্বাধিকাৰী সৌৰভ চন্দ্ৰকাৰৰ বিবাহ অনুষ্ঠানতো ৰণবীৰ উপস্থিত আছিল বুলি অভিযোগ উঠিছে।
ডিচেম্বৰ মাহত মুক্তি পাব ৰণবীৰৰ ছবি ‘এনিমেল’। তাৰ আগতেই ৰণবীৰলৈ ফোন আহিল ইডিৰ ।
সূত্ৰ অনুসৰি ইডিৰ দৃষ্টি আছে বলীউডৰ কমেও ১৭ গৰাকী অভিনেতা-অভিনেত্ৰীক। এই গোচৰৰ সৈতে তেওঁলোকো জড়িত বুলি অভিযোগ উত্থাপন হৈছে। প্ৰয়োজনত তেওঁলোককো ইডিয়ে চমন জাৰী কৰাৰ সম্ভাৱনা আছে।
কাৰ্ড, ক্ৰিকেট, বেডমিণ্টন, টেনিছ, ফুটবল আদি বিভিন্ন লাইভ গেমৰ অবৈধ বাজিৰ মঞ্চ হিচাপে প্ৰস্তুত কৰা হৈছিল মহাদেৱ নামৰ Online Betting App। আনকি এই এপটোৱে ভাৰতৰ বিভিন্ন নিৰ্বাচনত বাজি ধৰাৰ সুবিধাও দিছিল।
এই এপটোত টিন পট্টি, ড্ৰেগন টাইগাৰ, ভাৰ্চুৱেল ক্ৰিকেট গেমৰ দৰে কিছুমান কাৰ্ড গেমো খেলিব পাৰি। ইডিয়ে সন্দেহ প্ৰকাশ কৰিছে যে এপটোৰ মালিকসকল পাকিস্তানৰ সৈতে জড়িত।
কেৱল ভাৰততে নহয়, বিশ্বৰ বহু দেশত এই বেটিং কোম্পানীয়ে নিজৰ নেটৱৰ্ক বিস্তাৰ কৰিছে। গতিকে ইডিয়ে নিজৰ তদন্তত বিভিন্ন দেশৰ তদন্তকাৰী সংস্থাৰ সহায় ল’ব পাৰে।