ভাগ্যৰ পৰিহাস! গ্লেমাৰ অতীত,পুনৰ পুৰণি ঠিকনা ষ্টেশ্যনৰ প্লেটফৰ্মলৈ ৰাণু মণ্ডল

ranu mondal

ৰাণু মণ্ডলক হয়তো সকলোৰে মনত  আছে। পশ্চিমবংগৰ ৰানাঘাট ষ্টেশ্যনৰ পৰা আহি বলীউদৰ হিমেশ ৰেশমিয়াৰ ষ্টুডিঅ’ত ‘তেৰি-মেৰি, মেৰি –তেৰি….কাহানি’ৰে গ্লেমাৰ জগতত প্ৰৱেশ কৰিছিল ৰাণু।

ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰা নদিয়াৰ বোগোপাড়াৰ বাসিন্দা ৰাণু মণ্ডলৰ উত্তৰণৰ কাহিনীয়ে গোটেই দেশতে চৰ্চা লাভ কৰিছিল।

নিশাৰ ভিতৰতে ষ্টাৰ হৈ পৰিছিল ৰানাঘাট ষ্টেশ্যনৰ সেই যাদুকৰী কণ্ঠৰ মহিলাগৰাকী।

কিন্তু মাত্ৰ কেইমাহৰ ভিতৰতে পুনৰ নিজৰ অতীত জীৱনলৈ প্ৰত্যাৱৰ্তন কৰিবলগীয়া হ’ল ৰাণু মণ্ডল আৰু ঘুৰি আহিল ৰানাঘাট ষ্টেশ্যনৰ প্লেটফৰ্মলৈ।

বাতৰি অনুসৰি, পুনৰ ৰাণু মণ্ডলে পুৰণি দিনবোৰৰ দৰেই এতিয়া দুবেলা দুসাজ যোগাৰ কৰাৰ সংগ্ৰামত নামি পৰিবলগীয়া হৈছে। পথাচাৰীৰ অনুগ্ৰহতে চলিছে এতিয়া ৰাণুৰ জীৱন।

উল্লেখ্য যে যোৱা বছৰ উক্ত ষ্টেশ্যনৰ প্লেটফৰ্মত বন্ধুসকলৰ সৈতে আড্ডা দিবলৈ যোৱা অতীন্দ্ৰ নামৰ যুৱকজনে তেওঁৰ মোবাইলত ৰাণু মণ্ডলৰ কণ্ঠত লতা মংগেশকাৰৰ ‘এক প্যাৰ কা নাগমা হ্যেয়’ গানটো ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত দিয়াৰ পাছত সেই ভিডিঅ’টো ভাইৰেল হৈ পৰে।

তাৰপাছতে আৰম্ভ হয় ৰাণু মণ্ডলৰ নতুন জীৱনৰ যাত্ৰা। একেবাৰে মুম্বাইলৈ গৈ হিমেশ ৰেশমিয়াৰ দৃষ্টি কঢ়াৰ পাছত গানৰ ৰেকৰ্ডিং, ৰিয়েলিটি শ্ব’, আৰু তাৰপাছত চেলিব্ৰেটি হোৱাৰ দিশে খোজ দিলে ফুটপাথৰ গায়িকা ৰাণু মণ্ডলে।

জীৱনৰ সোণালী ৰেখা অংকিত হ’বলৈ আগবাঢ়োতে হঠাৎ ছন্দপতন ঘটিল ৰাণুৰ। বহুতেই ইয়াৰ বাবে তেওঁৰ অহংকাৰকেই দায়ী কৰে। কিয়নো অলপ গ্লেমাৰ লাভ কৰাৰ পাছতে অনুৰাগীসকলৰ প্ৰতি বেয়া আচৰণ কৰিবলৈ আৰম্ভ কৰে ৰাণুৱে।

ছেলফি তুলিবলৈ আগবাঢ়ি অহা অনুৰাগীক ৰাণুৱে ক’লে, ‘ডোন্ট টাচ্চ’। ৰে’ল ষ্টেশ্যনৰ ভিখাৰীক দেখি ঘৃণা ওপজা বুলি ক’বলৈ ল’লে গায়িকাই।

যিসকলে তেওঁক সুযোগ দিছিল, অনুষ্ঠানসমূহলৈ আমন্ত্ৰণ কৰিছিল, তেওঁলোক লাহে লাহে আঁতৰি গ’ল। ৰাণু মণ্ডল লাহে লাহে অতীতৰ কঠিন সংগ্ৰামৰ জীৱনলৈ ঘুৰি আহিব লগা হ’ল।

গ্লেমাৰৰ ৰঙীণ জগতখনৰ পৰা কক্ষচ্যুত হৈ পৰা ৰাণু মণ্ডলৰ বৰ্তমান ঠিকনা হৈ পৰিছে পুনৰ সেই ৰানাঘাট ষ্টেশ্যনৰ প্লেটফৰ্ম।