• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

চমকপ্ৰদ গৱেষণা বিজ্ঞানীৰ! দুবিধ ঔষধে বাধা দিব পাৰে অপোনাৰ বাৰ্ধক্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2025 6:32 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজ্ঞানৰ অগ্ৰগতিৰ সৈতে ‘বাৰ্ধক্য’ শব্দটো এতিয়া নতুন ব্যাখ্যাৰ সন্ধান পাইছে। বিজ্ঞানীসকলে দাবী কৰিছে যে কেঞ্চাৰ আৰু ডায়েবেটিছৰ চিকিৎসাত ব্যৱহাৰ হোৱা দুটা সাধাৰণ ঔষধ—ৰেপামাইচিন (Rapamycin) আৰু মেটফৰ্মিন (Metformin)—উপযুক্ত পৰিমাণত একেলগে ব্যৱহাৰ কৰিলে মানুহৰ আয়ুস বৃদ্ধি কৰিব পাৰে।

এই চমকপ্ৰদ গৱেষণাৰ সূচনা কৰিছিল ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ (University of East Anglia) বায়’লজিকেল ছায়েন্স স্কুলৰ গৱেষকসকলে। তেওঁলোকৰ মতে, ৰেপামাইচিন—যিটো সাধাৰণতে কেঞ্চাৰ ৰোগ আৰু অংগ প্ৰতিস্থাপন সময়ত ব্যৱহাৰ হয়— আৰু মেটফৰ্মিন—ডায়েবেটিছ, বিশেষকৈ টাইপ ২ ডায়েবেটিছ ৰোগীৰ বাবে ব্যৱহৃত ঔষধ—যদি একেলগে সঠিক মাত্রাত প্ৰয়োগ কৰা যায়, তেন্তে ই কোষৰ বিভাজন আৰু ক্ষয় প্ৰক্ৰিয়া ৰোধ কৰি আয়ু বৃদ্ধি কৰিবলৈ সক্ষম হ’ব পাৰে।

Apply Now

‘এণ্টি-এজিং’ গৱেষণাৰ নতুন দিশ:

গৱেষকসকলৰ মতে, এই ঔষধদুটাই দীৰ্ঘ উপবাস বা কঠোৰ খাদ্যাভ্যাস নকৰাকৈও শৰীৰত কেলৰি জমা হ’ব পৰা সম্ভাৱনাক হ্ৰাস কৰে। লগতে, কোষৰ মৌলিক উপাদান ক্ৰম’জম (chromosome) ৰ সংৰক্ষণ, বিশেষকৈ টেল’মিৰ (telomere) নামৰ অংশত ক্ষয় ৰোধ কৰি কোষৰ মৃত্যু হ্ৰাস কৰিব পাৰে।

ক্ৰম’জমৰ এই অংশটোৱে কোষ কিমানবাৰ বিভাজন হ’ব পাৰে, সেইটো নিৰ্ধাৰণ কৰে।বিজ্ঞানীসকলৰ মতে, সাধাৰণতে মানুহৰ শৰীৰত ৩০ বছৰ বয়সৰ পাছত কোষৰ কার্যক্ষমতা হ্ৰাস পোৱাটো আৰম্ভ হয়। ৫০ বছৰৰ সময়লৈ হৃদযন্ত্ৰ, যকৃত, বৃক্ক আদিৰ কার্যক্ষমতা ২০ শতাংশলৈ হ্ৰাস পায়। ৮০ বছৰৰ পাছত এই হ্ৰাস ৫০ শতাংশতকৈও অধিক হ’ব পাৰে। কিন্তু এই নতুন ঔষধ প্ৰয়োগে সেই ক্ষয়ৰ গতি মন্থৰ কৰি শৰীৰৰ অংগসমূহ অধিক দিন কাৰ্যক্ষম হৈ থাকিবলৈ সহায় কৰিব পাৰে।

মানুহৰ ওপৰত পৰীক্ষা:

এই মুহূর্তত এই দুটা ঔষধ প্ৰাণীৰ ওপৰত পৰীক্ষা কৰা হৈছে, আৰু বিজ্ঞানীসকলে এই পৰীক্ষাৰ ফলাফল মানুহৰ ওপৰত কাৰ্যকৰী ৰূপে প্ৰয়োগ কৰাৰ বাবে অধিক গৱেষণাৰ প্ৰয়োজন বুলিও উল্লেখ কৰিছে। তেওঁলোকৰ মতে, ফলাফল প্ৰকাশ কৰাৰ আগেয়ে আৰু কিছু সময় লাগিব।

বিজ্ঞানৰ এই সম্ভাৱ্য সফলতাৰ জৰিয়তে অদূৰ ভৱিষ্যতে বাৰ্ধক্যৰ ধাৰণাটো শীঘ্ৰে অতীতৰ হ’ব বুলি আশা প্ৰকাশ কৰিছে। যেতিয়া কোষৰ ক্ষয় ৰোধ কৰি নতুন কোষৰ সৃষ্টি অব্যাহত ৰাখিব পাৰি, তেতিয়া মানৱ জীৱন অধিক সুস্থ আৰু দীঘলীয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd