• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

পুনেৰ এখন বিশেষ আদালতে এগৰাকী তিনি বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা কৰাৰ অপৰাধত ৬৫ বছৰীয়া এজন ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

by
June 29, 2026 1:18 pm
82
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনেৰ এখন বিশেষ আদালতে এগৰাকী তিনি বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা কৰাৰ অপৰাধত ৬৫ বছৰীয়া এজন ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। পুনে জিলাৰ নাছৰাপুৰ গাঁৱত সংঘটিত হোৱা এই জঘন্য অপৰাধৰ ৰায়দান মাত্ৰ ৬০ দিনৰ ভিতৰতে প্ৰদান কৰা হয়। পৰিস্থিতিগত প্ৰমাণ আৰু ঘটনাৰ পূৰ্বে দুয়োকে একেলগে দেখা পোৱাৰ ভিত্তিত আদালতে দোষীক এই চৰম শাস্তি শুনায়।

যোৱা ১ মে‘ তাৰিখে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল। মামাকৰ ঘৰলৈ ফুৰিবলৈ যোৱা নিৰীহ শিশুটোক অভিযুক্তই ওচৰৰে এটা গোহালিলৈ ফুচুলাই নি ধৰ্ষণ কৰাৰ লগতে নিষ্ঠুৰভাৱে হত্যা কৰে। শিশুটো নিৰুদ্দেশ হোৱাৰ পিছত পৰিয়ালৰ লোকে বিচাৰ-খোঁচাৰ কৰাত শেষত গোহালিৰ ভিতৰতে তাইৰ মৃতদেহটো উদ্ধাৰ হয়।

Apply Now

এই হৃদয় বিদাৰক ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ক্ষুব্ধ স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে পুনেৰ আন আন ঠাইতো প্ৰতিবাদ সাব্যস্ত কৰা হয়। সকলোৱে অপৰাধীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছিল।

এই গোচৰটোৰ শুনানি ফাষ্ট ট্ৰেক আদালতত অতি ক্ষীপ্ৰতাৰে সম্পন্ন কৰা হয়। আৰক্ষীয়ে ঘটনাৰ দিনাই অভিযুক্তক গ্ৰেপ্তাৰ কৰি মাত্ৰ ১৬ দিনৰ ভিতৰত ১২০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। ২৮ মে‘ত আদালতে অভিযোগ গঠন কৰে আৰু ২০ জুনত চূড়ান্ত যুক্তি-তৰ্ক শেষ হয়। তাৰ পিছত ২৫ জুন তাৰিখে আদালতে দোষীক শাস্তি শুনায়।

ৰায়দানৰ সময়ত আদালতে স্পষ্ট কৰি দিয়ে যে উপযুক্ত প্ৰমাণ আৰু পৰিস্থিতিগত সাক্ষ্যৰ জৰিয়তে অপৰাধীৰ দোষ প্ৰমাণিত হৈছে। আদালতে কয় যে এইটো এটা অতি গুৰুতৰ অপৰাধ। লগতে উল্লেখ কৰে যে অভিযুক্ত আগতে দুটাকৈ গোচৰৰ পৰা খালাস পাইছিল, তথাপিও তেওঁৰ কোনো অনুশোচনা বা শুধৰণিৰ লক্ষণ দেখা নগ’ল। তেওঁ সমাজৰ বাবে এক ডাঙৰ ভাবুকি আৰু তেওঁৰ শুধৰণিৰ কোনো অৱকাশ নাই বুলি আদালতে মন্তব্য কৰে।

অভিযুক্তৰ হৈ ওকালতি কৰা অধিবক্তা হিম্মতৰাও সূৰ্যৱংশীয়ে যুক্তি দৰ্শাইছিল যে দুয়োকে একেলগে দেখা পোৱাৰ কোনো সঠিক প্ৰমাণ নাই। তেওঁ অভিযুক্তৰ বয়স আৰু পৰিয়ালৰ পৰা আঁতৰি থকাৰ কথা উল্লেখ কৰি মৃত্যুদণ্ডৰ সলনি যাৱজ্জীৱন কাৰাদণ্ডৰ দাবী জনাইছিল। আনহাতে, চৰকাৰী অধিবক্তা অজয় মিছাৰে অপৰাধৰ ভয়াবহতা আৰু ভুক্তভোগীৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বোচ্চ শাস্তি বিচাৰিছিল।

এই ৰায়দানক আদৰণি জনাইছে সাংসদ সুপ্ৰিয়া চুলেই। তেওঁ ছচিয়েল মিডিয়াত কয় যে অৱশেষত সৰু ছোৱালীজনী আৰু তাইৰ পৰিয়ালে ন্যায় পালে। এইটো এটা অতি দুখজনক ঘটনা আছিল আৰু অপৰাধীয়ে মৃত্যুদণ্ড পোৱাটোৱেই উচিত আছিল। এনেধৰণৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত চলা উচিত বুলি তেওঁ সদায় মত পোষণ কৰি আহিছে। লগতে সঠিকভাৱে তদন্ত কৰি আদালতত প্ৰমাণ দাখিল কৰাৰ বাবে তেওঁ আৰক্ষী প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰে।

 

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd