যোগীৰ উত্তৰ প্ৰদেশত আন এক চাঞ্চল্য: ধৰ্ষিতা গৰ্ভৱতী কিশোৰী জ্বলাই দিলে অভিযুক্ত ধৰ্ষণকাৰীৰ মাতৃ-ভগ্নীয়ে

Rape Survivor Set On Fire

দেশৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ ৰাজ্য আৰু শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ঢাক-ঢোল কোবোৱা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত নাৰীৰ নিৰাপত্তাৰ নামত থকা বিয়াগোম শূন্যতাৰ আন এক দৃশ্য সম্প্ৰতি পোহৰলৈ আহিছে। ৰাজ্যখনত এইবাৰ ধৰ্ষণৰ বলি হৈ গৰ্ভধাৰণ কৰা এগৰাকী কিশোৰীক জীৱন্তে জ্বলাই দিয়াৰ দৰে নৃশংস ঘটনা সংঘটিত হৈছে।

উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি তিনি মাহ পূৰ্বে ধৰ্ষণৰ বলি হৈ গৰ্ভৱতী হোৱা এগৰাকী ১৫ বছৰীয়া কিশোৰীক অভিযুক্ত ধৰ্ষণকাৰীৰ মাতৃ আৰু ভগ্নীয়ে কেৰাচিন ঢালি জুই লগাই দিয়ে।

কিশোৰীগৰাকীয়ে গৰ্ভধাৰণ কৰা বুলি জানিবলৈ পোৱাৰ পিছতে অভিযুক্ত মাতৃ-কন্যাই কিশোৰীগৰাকীক ধৰ্ষণত অভিযুক্ত যুৱকগৰাকীৰ সৈতে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ ঘৰলৈ লৈ যায়।

কিন্তু বিয়া কৰাই দিয়াৰ পৰিৱৰ্তে শনিবাৰে নিশা তেওঁলোকে কিশোৰী গৰাকীৰ শৰীৰত কেৰাচিন ঢালি অগ্নিসংযোগ কৰে। ঘটনা সন্দৰ্ভত ইটাৱাৰ আৰক্ষী অধীক্ষক কমলেশ দীক্ষিতে জানিবলৈ দিয়া মতে ঘটনাৰ বিষয়ে জানিব পাৰি চুবুৰীয়া লোকসকলে গুৰুতৰভাৱে দগ্ধ হোৱা কিশোৰীগৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ লৈ যায়।

পিছে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাৰ বাবে চিকিৎসকে চৈফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে কিশোৰীগৰাকীয়ে পেটৰ বিষত ভুগি থকাৰ বাবে মাতৃয়ে পৰীক্ষাৰ বাবে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল আৰু তেতিয়াই কিশোৰীগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ কথা জানিব পাৰে।

ইতিমধ্যে ধৰ্ষণৰ অভিযোগত অভিযুক্ত ২৫ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰৰ লগতে তেওঁৰ মাক আৰু ভগ্নীৰ বিৰুদ্ধে হত্যাৰ চেষ্টা কৰাৰ অভিযোগত ৰুজু কৰা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে।

অভিযুক্ত যুৱকগৰাকীৰ মাতৃক শনিবাৰে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে যুৱকগৰাকী আৰু তেওঁৰ ভগ্নীক আটক কৰাৰ বাবে অনুসন্ধান চলাই থকা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে। আনহাতে কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে সকলো সহায় আগবঢ়োৱা হৈছে বুলিও তেওঁ লগতে কয়।