ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱা মহিলাৰ কেঁচুৱাক নদীলৈ দলিয়ালে ধৰ্ষণকাৰীৰ পত্নীয়ে

Rape-accused-750x375

ধৰ্ষণ আৰু মাৰপিটৰ ঘটনাত অভিযুক্তকেইজনক আৰক্ষীয়ে থানালৈ নিয়ে।

ত্ৰিপুৰাৰ চেপাহী জেলাৰ এগৰাকী মহিলা ধৰ্ষণৰ ফলত গৰ্ভৱতী হোৱাৰ পিছত মহিলাগৰাকীৰ কেঁচুৱাটোক ধৰ্ষণকাৰীৰ পত্নীয়ে নদীলৈ দলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

জিলাখনৰ শ্ৰীমন্তপুৰ গাওঁখনৰ এই ঘটনাটোত ধৰ্ষিতা মহিলাগৰাকীক ১ নৱেম্বৰত গাওঁবাসীয়ে খুঁটাত বান্ধি লৈ মাৰপিট কৰি থকা অৱস্থাত আৰক্ষী আহি উদ্ধাৰ কৰে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।

মহিলাগৰাকীয়ে চেপাহীজেলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত নিজৰ ভাষ্য লিপিবদ্ধ কৰাইছে। তেওঁ কয় যে তেওঁৰ নৱজাত কেঁচুৱাটো ধৰ্ষণকাৰী আনোৱাৰ হুছেইনৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ আন আন সদস্যই লগ লাগি নদীলৈ দলিয়াই দিয়ে।

তেওঁ জানিবলৈ দিয়ে, আনোৱাৰ হুছেইনে (৩৮) তেওঁক কেইবাদিন ধৰি ধৰ্ষণ কৰিছিল আৰু তাৰ ফলত তেওঁ গৰ্ভৱতী হয়। যোৱা ৮ অক্টোবৰত তেওঁ সোনামুৰা হস্পিটেলত এটা ল’ৰা সন্তান জন্ম দিয়ে।

মহিলাগৰাকীৰ স্বামী বিদেশত থাকে বাবে তেওঁ যোৱা চাৰে তিনি বছৰ ধৰি অকলে বাস কৰি আহিছে আৰু আনোৱাৰে সেই সুযোগত তেওঁৰ ঘৰলৈ আহি আহি তেওঁক ধৰ্ষণ কৰিছিল। বাধা দিলে হত্যাৰ ভাবুকি দিয়ে বুলি মহিলাগৰাকীয়ে দাবী কৰে।

আনহাতে, যেতিয়া তেওঁ আনোৱাৰৰ এই অপকৰ্মৰ বিষয়ে গাওঁ পঞ্চায়তক অৱগত কৰিছিল, পঞ্চায়তে বিচাৰ সভা পাতে। কিন্তু আশ্চৰ্য্যৰ কথাটো হ’ল, বিচাৰ সভাই হুছেইনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে মহিলাগৰাকীকহে দোষ দিয়ে।

আনকি মহিলাগৰাকীক ত্যাগ কৰিবলৈ মহিলাগৰাকীৰ স্বামীক হেঁচা দিয়া বুলিও অভিযোগ উঠিছে।

১ নৱেম্বৰত গাওঁবাসীয়ে মহিলাগৰাকীক ঘৰৰ পৰা উলিয়াই আনে আৰু পথৰ কাষত এটা খুঁটাত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে।

মহিলাগৰাকীয়ে মাৰপিটত গাৱঁৰ আন আনসকলৰ লগতে ধৰ্ষণকাৰী আনোৱাৰ, তেওঁৰ পত্নী ছাহেলা খাতুন আৰু পৰিয়ালটোৰ আন দুজন সদস্য আখটাৰ হুছেইন, ৰৌছানা বেগমো জড়িত আছে বুলি আৰক্ষীক জনায়।

আনোৱাৰৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ সদস্যই তেওঁৰ পৰা জোৰ কৰি কেঁচৱাটো লৈ যায় আৰু গোমতী নদীত দলিয়াই দিয়ে।

আৰক্ষীয়ে আনোৱাৰ হুছেইন, তেওঁৰ পত্নী ছাহেলা খাতুন আৰু পৰিয়ালটোৰ আন এজন সদস্য আখটাৰ হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।