NORTHEAST NOW (Assamese)

বেগমজান ধাৰাবাহিক: ধৰ্ষণ কৰি এচিড ঢালি হত্যাৰ ভাবুকি অভিনেত্ৰী প্ৰীতি কংগনাক

July 10, 2020 7:52 pm · কল্পজ্যোতি শইকীয়া
Updated: July 10, 2020 7:58 pm

ৰেঙণি চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক “বেগমজান”ক লৈ ছচিয়েল মেডিয়াত ব্যাপক চৰ্চা চলি থকাৰ সময়তে কিছু কিছুৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰীতি কংগনাক।

ইপিনে, ছচিয়েল মেডিয়াত আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি অভিনেত্ৰী প্ৰীতি কংগনা আৰু তেওঁৰ পৰিয়ালক মানসিক অশান্তি আৰু ভাবুকি প্ৰদান কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে অভিনেত্ৰীগৰাকীয়ে।

“সদ্যহতে আজি তেজপুৰৰ বিক্ৰম নাথ (ব্যক্তিজনৰ মোবাইল নম্বৰ ৮৮২২৬৬৪৪৫৫) নামৰ ব্যক্তিজনে মোক ধৰ্ষণ কৰি এচিড ঢালি হত্যাৰ ভাবুকি প্ৰদান কৰাৰ বাবে মোৰ নিজৰ  আৰু পৰিয়ালৰ সুৰক্ষাৰ কথা ভাবি চিন্তিত হৈ পৰিছো।” দিছপুৰ থানাত অভিনেত্ৰীগৰাকীয়ে দাখিল কৰা এজাহাৰত উল্লেখ।

অন্য এগৰাকী লোকৰ প্ৰসংগ উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে লিখি কয় “লগতে কিশোৰ দাস নামৰ নলবাৰী ঘগ্ৰাপাৰাৰ লোকজনে ফেচবুক যোগে মোক ধৰ্ষণ কৰি হত্যা কৰিবলৈ বহু অশ্লীল কথা পোষ্ট কৰে।”

দোষীক কৰায়ত্ত কৰি আইনগত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আহ্বান জনায়।

ইয়াৰোপৰি তেওঁ এজাহাৰৰ প্ৰতিলিপি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও প্ৰেৰণ কৰিছে।

Related News