NORTHEAST NOW (Assamese)

মহানগৰীত বন্ধ হোৱাৰ পথত ৰেপিডো বাইক টেক্সি; কাইলৈৰ পৰা অভিযান চলাব পৰিবহণ বিভাগে

August 26, 2019 9:48 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক ছবি।

মহানগৰবাসীৰ মাজত কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ পৰা আৰু বহুতো যুৱক-যুৱতীয়ে নিজৰ বাইকখনক উপাৰ্জনৰ মাধ্যম কৰি লোৱা ৰেপিডো বাইক টেক্সি সেৱা চৰকাৰে হঠাতে বন্ধ কৰিবলৈ ওলাইছে বুলি জানিব পৰা গৈছে।

এনেকুৱা ব্যৱসায় কৰিবলৈ সংশ্লিষ্ট বিভাগবোৰৰ পৰা প্ৰয়োজন হোৱা অনুমতি আৰু অনুজ্ঞাপত্ৰ নথকা বাবে কোম্পানিটোৰ বিৰুদ্ধে এই ব্যৱস্থা লোৱা হ’ব। টেলিফোনত নৰ্থ-ইষ্ট নাওক জনালে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া বাপন কলিতাই।

“ৰেপিডো এটা কোম্পানি হয়। মটৰ-ভেহিকল এক্টত আছে কেৱল ৰেণ্টেল কেব বা মটৰচাইকেল টেক্সি ছাৰ্ভিচ। এইটো কৰিবলৈ কিছুমান আনুষ্ঠানিকতা থাকে, সেইখিনি অনুসৰণ কৰিব লাগিব। অন্যথা বন্ধ কৰা হ’ব। তেওঁলোকৰ অনুমতি-অনুজ্ঞাপত্ৰ দেখুৱাব পাৰে যদি দেখুৱাওক।” কলিতাই কয়।

কমিশ্যনাৰ অব ট্ৰেন্সপৰ্টৰ নিৰ্দেশত কোম্পানিটোৰ বিৰুদ্ধে এই অভিযান কাইলৈৰ পৰাই চলোৱা হ’ব বুলি ডি টি অ’ কলিতাই কয়।

ইপিনে ৰেপিডো কৰ্তৃপক্ষৰ হৈ ৰেপিডোৰ জনসংযোগ বিষয়া শুভংকৰ বেনাৰ্জীয়ে ইয়াৰ জৰিয়তে হাজাৰ হাজাৰ যুৱকৰ উপাৰ্জন বন্ধ কৰিবলৈ বিচৰা বুলি মন্তব্য কৰে।

তেওঁ কয়, “আমি পৰিবহণ বিভাগক ইয়াৰ বাবে অনুমতি বিচাৰি আৱেদন কেতিয়াবাই দিছো, কিন্তু সেয়া এতিয়াও বিবেচনাধীন হৈহে আছে।”

বেংগালোৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই অসম চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সকলো সময়তে সাজু আছে বুলিও জনালে শুভংকৰ বেনাৰ্জীয়ে।

যদি আমাৰ কাম বেআইনীয়েই হয়, যদি অনুমতিয়েই নাই তেন্তে চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰীয়ে কিয় ইয়াৰ শুভাৰম্ভ কৰিছিল? মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই অসমত ৰেপিডোৰ বাইকসেৱা মুকলি কৰাৰ কথা সোঁৱৰাই দি বেনাৰ্জীয়ে কয়।

বেংগালোৰত প্ৰধান কাৰ্য্যালয় থকা ৰেপিডো বাইকসেৱাৰ গুৱাহাটীত যোৱা বৰ্ষৰ ১৭ ডিচেম্বৰত আৰম্ভণি হৈছিল। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই উদ্বোধন কৰিছিল এই সেৱা।

Related News