NORTHEAST NOW (Assamese)

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা: আৰক্ষীয়ে গুলীয়ালে শিশু বলাৎকাৰীক

March 22, 2022 8:18 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: March 22, 2022 9:18 am
প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যত পুনৰ ঘটিল এনকাউণ্টাৰৰ ঘটনা।

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত যোৱা নিশা আৰক্ষীয়ে এজন শিশু বলাৎকাৰীক লক্ষ্য কৰি গুলিচালনা কৰে।

ফলত শিশু বলাৎকাৰী হৰিন্দ্ৰ ৰাম গুৰুতৰ ভাবে আহত হয়।

আহত বলাৎকাৰীজনক সংকটজনক অৱস্থাত ডিফুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে বলাৎকাৰী জনক লক্ষ্য কৰি গুলীচালনা কৰে।

এটি ৭ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰাৰ অভিযোগ উঠাৰ পিছতে ৬২ বছৰীয়া লোক জনক কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে।

Related News