NORTHEAST NOW (Assamese)

নগাওঁ-কাৰ্বিআংলং সীমান্তত উৎকৃষ্ট মানৰ মাণিক-আকৰিকৰ সন্ধান ভূ-তত্ত্ব আৰু খনি সঞ্চালকালয়ৰ

March 10, 2019 11:07 am · ভাৰ্গব হাজৰিকা

নগাঁৱৰ কঠিয়াতলিৰ পৰা শালনা পৰ্য্যন্ত বৃহত্তৰ সীমামুৰীয়া অঞ্চলটোত বিগত দুটা বছৰৰো অধিক সময় গৱেষণাৰ কৰি থকা ভু-তত্ত্ববিদ সকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মুল্যবান মাণিক আৰু আকৰিকৰ।

বিগত প্ৰায় ডেৰ মাহৰ ধাৰাবাহিক অনুসন্ধান আৰু গৱেষণাৰ অন্তত চৰকাৰী ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাৰ মতে নগাওঁ জিলাৰ চাপানালাৰ সমীপৱৰ্তী জিয়াজুৰি পাহাৰৰ লগতে বৰজুৰি পাহাৰত আছে উৎকৃষ্ট মানৰ চিলিকা, চিলিমিনাইট আৰু গ্ৰেনাইট আদি কেইবাবিধো উৎকৃষ্ট সম্পদ। অৱশ্যে পৰৱৰ্তী সময়ত গুৱাহাটীস্থিত বিভাগীয় উন্নত পৰীক্ষাগাৰত হ’বলগীয়া পৰীক্ষা-নিৰীক্ষাৰ পিছতহে ক’ব পৰা যাব অঞ্চল কেইটাত প্ৰকৃততে কিমান পৰিমাণৰ সম্পদ সম্প্ৰতি মজুত আছে।

লগতে তেওঁ কয় যে পৰীক্ষা-নিৰীক্ষাৰ অন্তত দলটোৱে সন্ধান পোৱা মাণিকৰ অৱস্থিতিৰ পৰিমাণ যদি অধিক হয় তেতিয়া হ’লে দেশৰ ভিতৰতে এইসমূহ মূল্যৱান সম্পদ পোৱা একমাত্ৰ ঠাই হৈ পৰিব পাৰে অসম।

উল্লেখ্যযোগ্য যে নগাওঁ-কাৰ্বিআংলং সীমান্তৱৰ্তী এই বৃহত্তৰ অঞ্চলটোত থকা একাধিক শিলৰ কোৱাৰিক লৈ যথেষ্ট চিন্তিত চৰকাৰী গৱেষণাকাৰী দলটো। পৰৱৰ্তী সময়ত চৰকাৰী অনুমতি পালে এই সমূহ শিলৰ কোৱাৰি আৰু শিল ভঙা সৰু-বৰ মেচিনৰ সন্দৰ্ভত বিশেষভাৱে তথ্য সংগ্ৰহ কৰাৰো ব্যৱস্থা কৰিব পৰা যাব পাৰিব বুলি উল্লেখ কৰিছে ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাই।

Related News