• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ শান্তিৰ আহ্বানেৰে বিৰল জনসভা: একে মঞ্চৰ পৰাই শান্তিৰ বাৰ্তা দিলে দুই কুকি-মেইটেই জনগোষ্ঠীয় ব্যক্তিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2023 1:34 pm
Manipur
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ৰক্তাক্ত গোষ্ঠী সংঘৰ্ষ প্ৰায় চাৰি মাহ সম্পূৰ্ণ কৰাৰ দিশে। কুকি আৰু মেইটেই জনগোষ্ঠীৰ সংঘাতে ৰাজ্যখনক বিগত এই সময়ছোৱাত এক ভয়াৱহ পৰিস্থিতিৰ ফালে ঠেলি দিছে। দুই জনগোষ্ঠীৰ এই সংঘৰ্ষৰ মাজতে শেহতীয়াকৈ গুৱাহাটীত দেখা গ’ল জনগোষ্ঠীয় বিদ্বেষৰ এক বিপৰীত দৃশ্য। ইয়েংখম জিলাঙ্গাম্বা গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’চিয়েল চায়েঞ্চৰ সহকাৰী অধ্যাপক।তেওঁ এজন মেইটেই মণিপুৰী।

ডঃ থাংজখুপ ট’ম্বিং আমিনগাঁৱত থকা নেশ্যনেল আইন বিশ্ববিদ্যালয়ৰ এজন সহকাৰী অধ্যাপক। তেওঁ কুকি মণিপুৰী। একেখন মঞ্চৰ পৰা ২২ আগষ্টৰ দিনা এওঁলোক দুয়োজনেই অশান্তি জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ আহ্বান জনায়। অসম নাগৰিক সমাজে ২২ আগষ্টত উজান বজাৰৰ ভাস্কৰ নাট্য মন্দিৰত আয়োজন কৰা জনসভাখনত অংশগ্ৰহণ কৰি তেওঁলোকে এই আহ্বান দিয়ে।

Apply Now

এই সভাত বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, গুৱাহাটীৰ প্ৰাক্তন আৰ্ক বিশ্বপ টমাচ মেনামপৰমপিল, বৰ্ষিয়ান নাট্যকাৰ, অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া ধীৰেন্দ্ৰনাথ শইকীয়া আৰু সাংবাদিক হাইদৰ হুচেইনো উপস্থিত থাকে। নাগৰিক সমাজৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সভাপতিত্ব কৰা সভাখনত আদৰণি ভাষণত নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে চাৰিমাহ ধৰি মণিপুৰ জ্বলি থকাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বিকাৰ ভাবক লৈ খেদ প্ৰকাশ কৰে।

তেওঁ লগতে নাগৰিক সমাজে আয়োজন কৰা জনসভাখনক এক শান্তিৰ আকুতি আখ্যা দিয়ে। ইফালে নিজৰ ভাষণ প্ৰসংগত ডক্টৰ জিলাঙ্গমে মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতেই ৰষ্ট্ৰীয় পৰ্যায়ত যি স্বীকৃতি পাব লাগিছিল সেই স্বীকৃতি এতিয়ালৈ পোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, “অকল মণিপুৰেই নহয়, সমগ্ৰ উত্তৰ-পূব ভাৰতেই ৰষ্ট্ৰীয় পৰ্যায়ত যি স্বীকৃতি পাব লাগিছিল সেই স্বীকৃতি এতিয়ালৈ পোৱা নাই। মণিপুৰৰ বৰ্তমানৰ সমস্যাটোও ৰাজনৈতিক দলবোৰে মণিপুৰৰ মানুহৰ দুখ- দুৰ্দশাৰ অনুভৱ কৰাৰ সলনি তেওঁলোকৰ দলীয় স্বাৰ্থ আৰু দৃষ্টিভংগীৰেহে চাইছে।”

“সেই কাৰণেই আমাক আমাৰ ওচৰ-চুবুৰীয়া সকলৰ সহায় লাগে যিসকলে প্ৰকৃততে মণিপুৰলৈ শান্তি ঘূৰি অহাটো বিচাৰে।মণিপুৰলৈ স্থায়ী শান্তি ঘূৰি অনাৰ কথা কওঁতে আমি অঞ্চলটোৰ আটাইতকৈ দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ চিন্তা আৰু দুৰ্ভাবনাৰ প্ৰতিও মনোযোগ দিব লাগিব।”- তেওঁ লগতে কয়।

বিশেষকৈ বিশ্বায়নৰ পটভূমিত ভূমি, পৰিবেশ, জনসংখ্যাৰ ভাৰসাম্যতা এই মানুহখিনিৰ মূল সমস্যা বুলি আঙুলিয়াই দি তেওঁ আওপুৰণি পৃথকতাবাদী প্ৰশাসনীয় আৰ্হিৰে এইবোৰ সমস্যাৰ সমাধান সম্ভৱ নহয় বুলি দোহাৰে। সকলোৰে প্ৰতি সুবিচাৰ কৰিলেহে এইবোৰ সমস্যাৰ সমাধান সম্ভৱ হ’ব বুলি মন্তব্য কৰে ডক্টৰ জিলাঙ্গমে।

আলোচনাত অংশগ্ৰহণ কৰি ডঃ ট’ম্বিয়ে কয়, “প্ৰায় চাৰিমাহ ধৰি ধ্বংসলীলা চলাৰ পিছতো মণিপুৰলৈ শান্তি ঘূৰি অহা নাই। এতিয়াও দুয়োপক্ষই যুদ্ধংদেহী মনোভাবলৈয়ে আছে। এতিয়া কেন্দ্ৰ চৰকাৰৰ নীৰৱতাৰ মাজতে নগা কাউঞ্চিলে হুংকাৰ দিছে যে মেইটেই আৰু কুকি সকলৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত তেওঁলোকৰ ভূমিস্বত্ত্বৰ কথাটো বিবেচনা নকৰিলে মণিপুৰ আকৌ অশান্ত হৈ পৰিব।”

“মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ স্বাৰ্থতে দুয়োটা জনগোষ্ঠীৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ বাজেয়াপ্ত কৰাটো প্ৰথম চৰ্ত বুলি সকলোৱে কৈছে। এই ক্ষেত্ৰত মণিপুৰ পুলিচে লোৱা পক্ষপাতিত্বমূলক ভূমিকাৰ বাবে কুকি সকল কিন্তু অত্যন্ত আতংকিত হৈ আছে।”- তেওঁ লগতে কয়।

মণিপুৰৰ এই সংঘাতৰ এক ইতিহাস আছে বুলি উল্লেখ কৰি ট’ম্বিয়ে সমস্যাসমূহৰ যুক্তিসংগত সমাধান নকৰাকৈ আজিৰ পৰা ৫০ বছৰ আগতে কেৱল গেজেট জাৰি কৰি মণিপুৰৰ বৰ্তমানৰ ৰাজনৈতিক গাঁঠনিটোৰ সৃষ্টি কৰা হৈছিল বুলি যুক্তি প্ৰদৰ্শন কৰে। এতিয়া অযৌক্তিক গোষ্ঠীগত দাবী, তাৰ ৰাজনীতিকৰণ আৰু ৰাষ্ট্ৰৰ অস্তিত্বহীনতাই মণিপুৰলৈ স্থায়ী শান্তি ঘূৰাই অনাত বাধা হৈ পৰিছে বুলিও তেওঁ লগতে সকীয়াই দিয়ে।

আনহাতে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁয়ে তেওঁৰ ভাষণত মণিপুৰলৈ অতি শীঘ্ৰে শান্তি ঘূৰাই আনিবলৈ সংশ্লিষ্ট সকলো পক্ষলৈ কাতৰ গোহাৰি জনায়। এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নিৰ্লিপ্ততা আৰু নীৰৱতাত তেওঁ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, “মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে চৰকাৰ আৰু আন যিবোৰ সংস্থা দায়ী তেওঁলোক যদি সেই কাম কৰাত আগ্ৰহী নহয় তেন্তে সাধাৰণ ৰাইজ আৰু সচেতন নাগৰিকসকল একগোট হৈ ৰাইজক আৰু চৰকাৰক সৈমান কৰি স্থায়ী শান্তিৰ পৰিবেশ সৃষ্টি কৰিবলৈ উদ্যোগ ল’ব লাগিব।এই সভাখন হ’ল তেনে এটা উদ্যোগ।”

গুৱাহাটীৰ প্ৰাক্তন আৰ্ক বিশ্বপ মেনাম পৰমপিলে কয় যে তেওঁ এতিয়ালৈকে তিনিবাৰ মণিপুৰলৈ গৈছে আৰু বিভিন্ন জনক লগ ধৰি দুয়োটা পক্ষৰ জনসাধাৰণৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ একাগ্ৰতাৰে চেষ্টা চলাই আছে।এই ক্ষেত্ৰত তেওঁ ইতিমধ্যে বিভিন্ন ধৰ্মীয় বিশ্বাসৰ নেতৃবৃন্দৰ লগ হৈ কৰা নানা প্ৰচেষ্টাৰ কথাও উনুকিয়ায়। তেওঁ কয়, “মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ হ’লে দুয়োটা পক্ষৰ জনসাধাৰণৰ বেদনাৰ সমভাগী হ’বলৈ আমি আগ্ৰহী হ’ব লাগিব।”

মঞ্চত নব্বৈৰ উৰ্ধৰ নাট্যকাৰ, অভিনেতা কুলদা কুমাৰ ভট্টচাৰ্যৰ উপস্থিতি আছিল এক অনন্য গুৰুত্বপূৰ্ণ দিশ। সভাত বক্তব্য দাঙি ধৰি তেওঁ কয় যে অৰ্দ্ধ শতিকা আগতে তেওঁ মণিপুৰী নৃত্য প্ৰদৰ্শনৰ বাবে মণিপুৰলৈ কেইবাবাৰো গৈছিল। মণিপুৰৰ বৰ্তমান অশান্তিয়ে তেওঁক ম্ৰিয়মান কৰি তুলিছে। তেওঁ আশা কৰে যে সোনকালে মণিপুৰলৈ শান্তি ঘূৰি আহিব। নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি ধীৰেন্দ্ৰনাথ শইকীয়াই কয় যে উচিত পদক্ষেপ ল’লে আৰম্ভণিতেই মণিপুৰৰ অৱস্থা নিয়ন্ত্ৰণলৈ আনিব পৰা গ’লহেঁতেন।

সভাপতিৰ ভাষণত অজিত কুমাৰ ভূঞাই অশান্ত মণিপুৰৰ বিষয়ে সময়ে সময়ে অসম নাগৰিক সমাজে লোৱা বিভিন্ন উদ্যোগৰ কথা উল্লেখ কৰে। তেওঁ কয় যে জুন মাহতে নাগৰিক সমাজৰ উদ্যোগত অসমৰ সমাজ জীৱনৰ ৭০জনতকৈও বেছি বিশিষ্ট ব্যক্তিয়ে মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে এটি গোহাৰি জনাইছিল।জুলাই মাহত এখন সংবাদ মেলৰ দ্বাৰা সেই গোহাৰি পুনৰ দোহৰা হৈছিল।

তেওঁ কয়, “এই নাগৰিক সভাখন তেনে এক ধাৰাবাহিক প্ৰচেষ্টাৰে অংশ। অতি পৰিতাপৰ কথা যে আমি বিৰোধী পক্ষৰ এম পি সকলে ৰাজ্য সভাত মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছিলোঁ। কিন্তু, এদিনলৈও প্ৰধানমন্ত্ৰী ৰাজ্য সভালৈ নাহিল। তৎসত্বেও সংসদৰ বাহিৰে ভিতৰে মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ লোৱা সকলো প্ৰচেষ্টাৰ লগত মই জড়িত আছিলোঁ।”

কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ২২ আগষ্টত অসম নাগৰিক সমাজে আয়োজন কৰা সভাখনত সমাজৰ বিভিন্ন অংশৰ নেতৃস্থানীয় লোকৰ উপস্থিতি লক্ষণীয় আছিল। তাতকৈ গুৰুত্বপূৰ্ণ আছিল এজন মেইটেই আৰু এজন কুকিৰে সৈতে ডঃ হীৰেন গোহাঁই, মেনাম পৰমপিল, কুলদা কুমাৰ ভট্টচাৰ্য, হাইদৰ হুছেইন, ধীৰেন্দ্ৰনাথ শইকীয়া আৰু অজিত কুমাৰ ভূঞা একেলগে মঞ্চত বহি থকা বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ দৃশ্যটো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd