NORTHEAST NOW (Assamese)

কাৰ্যকাল শেষ হ’বৰ সময়ত হে সাৰ পালে! এসপ্তাহৰ ভিতৰত উজনিৰ অবৈধ কয়লা খনন বন্ধ কৰাৰ প্ৰতিশ্ৰুতি জিপি সিঙৰ

January 19, 2025 9:25 pm · নৰ্থ ইষ্ট নাও, ডেস্ক

দেওবাৰে ডিজিপি জিপি সিঙে কয় যে ৭ দিনৰ ভিতৰত অসমত নিগনিৰ গাঁত খননৰ সকলো কাম বন্ধ কৰি দিয়া হব।

সোনকালেই অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা অৱসৰ ল’ব জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।  ইতিমধ্যে চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে ঘোষণা কৰা হৈছে জিপি সিঙৰ নাম। খুব সোনকালেই চি আৰ পি এফৰ মূৰব্বীৰ দায়িত্ব ল’ব জিপি সিঙে। তাৰ পূৰ্বেই ডাঙৰ ঘোষণা জিপি সিঙৰ।

দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ পিছতেই সংবাদ মাধ্যমৰ আগত সিঙে কয় যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, লিডু, লেখাপানী অঞ্চলৰ অবৈধ কয়লা খনন কাৰ্যকলাপ বন্ধ কৰা হ’ব।

তেওঁ উল্লেখ কৰে যে ৰাজ্যত অবৈধ কয়লা খনন চলি থকাৰ কথা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছে।

জিপি সিঙে কইল ইণ্ডিয়াৰ প্ৰশাসনিক বিষয়া, বন বিভাগৰ কৰ্মী আৰু প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।

সাত দিনৰ ভিতৰত এনে সকলো খনন কাৰ্যকলাপ বন্ধ কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ ঘোষণা কৰে।

এতিয়া প্ৰশ্ন হয়, ইমান বছৰে অবৈধ কয়লা খননৰ বিষয়ে অৱগত নাছিল নেকি জিপি সিঙ আৰু হিমন্ত বিশ্ব শৰ্মা? ইয়াৰ পূৰ্বে সংবাদ মাধ্যম আৰু জাতীয় দল সংগঠনে তথ্য প্ৰমাণ সহকাৰে অবৈধ কয়লা খনন দেখুৱাই দিয়াৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল চৰকাৰে?

Related News