বুধবাৰে মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত মৃত্যু হয় ৮৬ বছৰীয়া উদ্যোগপতি তথা টাটা গ্ৰুপৰ চেয়াৰমেন ৰতন নাভাল টাটাৰ।
মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনাই উদ্যোগপতিগৰাকীক।
উল্লেখ্য যে ৰতন টাটা আছিল এগৰাকী পাৰ্চী সম্প্ৰদায়ৰ ব্যক্তি। সেয়েহে পাৰ্ছী সমাজে পালন কৰা ৰীতি-নীতি অনুসৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। ৰীতি-নীতি পালনৰ পিছত তেওঁক বৈদ্যুতিক শ্মশানত দাহ কৰা হয়।
পাৰ্চীসকলে হিন্দু-মুছলমানৰ দৰে মৃতদেহ দাহ নকৰে বা কবৰ নিদিয়ে। তেওঁলোকে মানুহৰ শৰীৰক প্ৰকৃতিৰ উপহাৰ বুলি গণ্য কৰে। সেয়ে শৰীৰটো প্ৰকৃতিক ঘূৰাই দিয়াত বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মৃতদেহ দাহ কৰিলে বা কবৰ দিলে প্ৰকৃতিৰ উপাদান – পানী, বায়ু আৰু জুই দূষিত হয়।
আজি পুৱাৰ ভাগতে টাটাৰ মৃতদেহটো অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সাজু কৰা হয়। মৃতদেহটো ধুৱাই-পখলাই পৰম্পৰাগত পাৰ্চী সাজ-পোছাক পিন্ধোৱা হয়। তাৰ পিছত মৃতদেহটো বগা কফনত মেৰিয়াই লোৱা হয়, যাক ‘সুদ্ৰেহ’ বোলা হয়।
মৃতদেহটো অন্তিম বিশ্ৰামস্থলীলৈ নিয়াৰ আগতে পাৰ্চী পুৰোহিতসকলে প্ৰাৰ্থনা আৰু আশীৰ্বাদ কৰে। অজস্ৰ গুণমুগ্ধ, পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়ই সমবেত হৈ শ্ৰদ্ধাঞ্জলি জনাই এই প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে।
উল্লেখ্য যে ৰতন টাটাৰ মৃতদেহটো পাৰ্চী পৰম্পৰা অনুসৰি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা টাৱাৰ অৱ চাইলেন্স বা ‘ডাখমা’লৈ লৈ যোৱা হয়। তাৰপিছত মৃতদেহটো ‘ডাখমা’ৰ ওপৰত ৰখা হয়। যাতে মৃতদেহটো শগুন আদিৰ দৰে চৰাইৰ সংস্পৰ্শলৈ আহে।
‘দোখমেনাশিনী’ নামেৰে পৰিচিত এই প্ৰথাই অগ্নি, মাটি আৰু পানীৰ পবিত্ৰ উপাদান প্ৰদূষণ নকৰাকৈ শৰীৰটো প্ৰকৃতিত বিলীন হৈ যোৱাতো নিশ্চিত কৰে। শগুনে মাংসখিনি খাই পেলায় আৰু হাড়বোৰ টাৱাৰ অৱ চাইলেন্স বা ‘ডাখমা’ ভিতৰত সৰি পৰে।
কিন্তু বৰ্তমানৰ পৰিৱেশ আৰু ব্যৱহাৰিক প্ৰত্যাহ্বানৰ লগতে শগুণৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত অন্ত্যেষ্টিক্ৰিয়াত আধুনিক অভিযোজন অন্তৰ্ভুক্ত কৰা হয়। আজিকালি পাৰ্ছী পৰিয়াল সমূহে এতিয়া বৈদ্যুতিক দাহৰ পথ বাছি লৈছে। কিয়নো এই ব্যৱস্থা অধিক ব্যৱহাৰিক আৰু পৰিৱেশৰ অনুকূল বিকল্প হিচাপে গণ্য কৰা হয়। ৰতন টাটাৰ ক্ষেত্ৰতো এই পথেই বাচি লোৱা হয়।