• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2025 2:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানত পুনৰ আৰম্ভ হৈছে পাঠ্যপুথিৰ বিতৰ্ক। ৰাজ্যৰ শিক্ষামন্ত্ৰী মদন দিলাৱাৰে ঘোষণা কৰিছে যে দ্বাদশ শ্ৰেণীৰ ইতিহাস গ্ৰন্থ ‘আজাদি কে বাদ কা স্বৰ্ণিম ভাৰত’ অৰ্থাৎ ‘স্বাধীনতাৰ পাছত সোণালী ভাৰত’ক বিদ্যালয়ৰ পাঠ্যক্ৰমত নিষিদ্ধ কৰা হৈছে। তেওঁ অভিযোগ কৰে যে এই গ্ৰন্থখনে কংগ্ৰেছ নেতাসকলক অত্যধিক মহিমামণ্ডিত কৰিছে আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৱদানক প্ৰায় সম্পূৰ্ণৰূপে আওকাণ কৰিছে। শিক্ষামন্ত্ৰীৰ এনে পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছে।

সংবাদমেলত ভাষণ দি মদন দিলাৱাৰে কয় যে পাঠ্যপুথিত মোগল সম্ৰাট আকবৰৰ দৰে চৰিত্ৰৰ উপস্থিতিও প্ৰশ্নবোধক। দিলাৱাৰৰ ভাষাত “আকবৰ এজন লুটপাতকাৰী আৰু ধৰ্ষণকাৰী আছিল। এনে লোকক স্কুলৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা উচিত নহয়।” কিন্তু ৰাজ্যিক পাঠ্যপুথি ব’ৰ্ডে ইতিমধ্যে ২০২৫ শিক্ষাবৰ্ষৰ বাবে প্ৰায় ৪.৯০ লাখ কপি গ্ৰন্থ ছপা কৰি ৰাজ্যৰ ১৯,৭০০ বিদ্যালয়লৈ প্ৰেৰণৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে। এই গ্ৰন্থখন কংগ্ৰেছ চৰকাৰৰ পৰাই দ্বাদশ শ্ৰেণীত পাঠদান কৰি অহা ৰাজস্থান মাধ্যমিক শিক্ষা ব’ৰ্ডে প্ৰকাশ কৰিছে। একাদশ আৰু দ্বাদশ শ্ৰেণীত কিতাপখনৰ দুটা খণ্ড পাঠদান কৰা হয়। ব’ৰ্ডৰ দাবী যে চৰকাৰী অনুমোদন সাপেক্ষে কিতাপখন পুনৰ ছপা কৰা হৈছে, কেৱল শিক্ষাবৰ্ষটোহে সংশোধন কৰি ‘২০২৫’ কৰা হৈছে।

Apply Now

কিন্তু এই বিতৰ্কৰ মূল কেন্দ্ৰবিন্দু হৈছে গ্ৰন্থখনৰ দ্বিতীয় খণ্ড, যাৰ প্ৰচ্ছদত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ ছবি সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ওপৰত আপত্তি জনাই শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, “এখন কিতাপ এখন লাখ লাখ টকা খৰচ কৰি ছপা হৈছে বুলিয়েই সেইখন গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰি। লাখ লাখ টকা খৰচ কৰি যদি বিষ অনা হয়, তেন্তে কোনোবাই পান কৰিবনে? প্ৰকৃততে কংগ্ৰেছে এই কামেই কৰিছে, ৰাজহুৱা ধনৰ মূল্যত গান্ধী পৰিয়ালক মহিমামণ্ডিত কৰিছে।” মন্ত্ৰী দিলাৱাৰে আৰু অভিযোগ কৰে যে, “এটা দশকৰো অধিক সময় দেশৰ প্ৰধানমন্ত্ৰী হৈ আছে মোডী, তথাপিও ৩৭০ অনুচ্ছেদ বাতিল, ৰাম মন্দিৰ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অৱদান এই গ্ৰন্থত প্ৰায় অনুপস্থিত। তথাপিও কংগ্ৰেছ নেতাৰ বিষয়ে পৃষ্ঠাৰ পিছত পৃষ্ঠা লিখা হৈছে।”

এই সকলোবোৰ কাৰণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই গ্ৰন্থখন আৰু ৰাজ্যৰ বিদ্যালয়ত পাঠদান কৰা নহ’ব আৰু তৎক্ষণাত পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব। পাঠ্যপুথিৰ বিতৰ্কক ৰাজনীতিকৰণ কৰি ইতিহাস লিখাৰ একপক্ষীয় ছবি দাঙি ধৰাৰ অভিযোগত পুনৰ ৰাজস্থানত শিক্ষা আৰু ৰাজনীতিৰ মাজৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে। চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোটাছৰাই কয় যে ইয়াৰ পৰা দেখা যায় যে আৰএছএছে শিক্ষা ব্যৱস্থাৰ বিষয়ে কিমান নিম্নমানৰ চিন্তা কৰে। গোবিন্দৰ প্ৰশ্ন হ’ল, কিতাপখনত থকা তথ্যত যদি ভুল আছে, তেন্তে মন্ত্ৰীগৰাকীয়ে ইমান পলমকৈ কিয় উপলব্ধি কৰিলে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd